এইড্চ‌ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলত এইড্ছ‌ আক্রান্ত ৰোগীৰ সংখ্যা সর্বাধিক। অৰুণাচল প্ৰদেশৰ পিচতেই এইড্চ‌ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে অসম। নগাঁও জিলাত চিনাক্ত হৈছে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক এইড্‌ছ ৰোগীৰ সংখ্যা। গুৱাহাটীত অনুষ্ঠিত বিশ্ব এইছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অনুষ্ঠানত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্রী এছ পি সিং বাঘেলে এই তথ্য ৰাজহুৱা কৰে। 
 
কেন্দ্রীয় চৰকাৰৰ এটা সমীক্ষাত উন্মোচিত এই তথ্যত স্বাভাৱিকতে অসমত এইড্ছে‌ ধাৰণ কৰা ভয়াৱহ ৰূপটো ফুটি উঠিছে। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব এইড্ছ‌ দিৱসৰ কার্যসূচীত অংশ লৈ কেন্দ্রীয় মন্ত্রীজনে উত্তৰ-পূর্বাঞ্চলত এইড্ছ‌ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণো বিশ্লেষণ কৰি দেখুৱায়।
 
আন্তঃৰাষ্ট্ৰীয় সীমাত থকা ৰাজ্য বাবে অৰুণাচল আৰু অসমত এইড্চ‌ আই ভিৰ সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে যৌনকর্মীৰ সংখ্যা বৃদ্ধি তথা ড্ৰাগছৰ প্ৰচলন বৃদ্ধিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত এইড্ছে‌ ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইড্ছ‌ৰ বিৰুদ্ধে সজাগতা আৰু এইছ ৰোগী চিনাক্তকৰণৰ বাবে নগাঁও জিলাত পাইলট প্রকল্প আৰম্ভ কৰা হ'ব। 
 
স্মর্তব্য যে, ১৮-৪১ বছৰ বয়সৰ যুৱক-যুৱতীৰ দেহত এই মাৰাত্মক ৰোগৰ উপস্থিতি অত্যধিক হাৰত ধৰা পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাৰ ভিত্তিত তথ্য দাঙি ধৰি কেশৱ মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষা অনুসৰি অসমত ৩০ হেজাৰ এইড্ছ‌ ৰোগী আছে। অৱশ্যে এতিয়ালৈকে নিশ্চিত ৰূপত ৰাজ্যত ১৫ হেজাৰ এইড্‌ছ ৰোগী চিনাক্ত হৈছে। 
 
ৰাজ্যৰ স্বাস্থ্য বিভাগে কিছু অন্যধৰণে সজাগতামূলক কার্যসূচী হাতত লোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে প্রতিখন হাস্পতাল, মেডিকেল কলেজত এইড্‌ছ প্ৰতিৰোধৰ বাবে কেন্দ্র স্থাপন কৰা হ'ব। জে'লসমূহতো খোলা হ'ব একোটাকৈ কেন্দ্র। তদুপৰি ৰোগীয়ে বহুত দূৰলৈ গৈ যাতে ঔষধ আনিবলগীয়া নহয়, তাৰো ব্যৱস্থা কৰা হৈছে। ৰোগীৰ পৰিচয় গোপনে ৰখাৰো ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।