অসমীয়া বিজ্ঞানী ড° মুকুট গোহাঁয়ে আবিষ্কাৰ কৰিলে 'এনমেটাজোবেক্টাম' নামৰ প্রথমটো ভাৰতীয় এন্টিবায়'টিক

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিশ্বমুখী যাত্ৰাৰে অসমীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ সময়তে মানৱ জাতিৰ কল্যাণলৈ অৱদান আগবঢ়াব পৰাকৈ চিকিৎসা বিজ্ঞানৰ ক্ষেত্রত অভিলেখ গঢ়িলে অসমীয়া বিজ্ঞানী ড° মুকুট গোহাঁয়ে। দক্ষিণ আফ্রিকাৰ চি পি টি প্রতিষ্ঠানৰ মুখ্য গৱেষক ড° গোহাঁইৰ গৱেষণাৰ ভিত্তিত আবিষ্কাৰ হোৱা ঔষধে লাভ কৰিছে আন্তঃৰাষ্ট্রীয় স্বীকৃতি আৰু এই ঔষধ হৈছে মার্কিন যুক্তৰাষ্ট্র খাদ্য আৰু ঔষধ প্রশাসন তথা ইউ এছ এফ ডি এই অনুমোদন জনোৱা প্রথমটো ভাৰতীয় এন্টিবায়'টিক। 
 
এনমেটাজোবেক্টাম নামৰ এই এন্টিবায়'টিকবিধে অতি দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়াৰ মাজেৰে উত্তীৰ্ণ হৈ লাভ কৰা এই স্বীকৃতি অতি বিৰল, সন্মানীয় আৰু সুদূৰপ্ৰসাৰী বুলি বিবেচিত হৈছে। 'ছেনমাৰ স্পেচিয়েলিটি কেমিকেলছ লিমিটেড' আৰু চেন্নাইৰ 'অর্কিড ফার্মা অব্ চেন্নাই'ৰ সহযোগত এদল গবেষক বিজ্ঞানীৰ নেতৃত্ব দিছিল অসমৰ ড° গোহাঁয়ে। 
 
এই দলটোৱেই আবিষ্কাৰ কৰিলে এনমেটাজোবেক্টাম- যি বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট আৰু প্ৰসাৰিত হ'ব পৰা বহুকেইবিধ ৰোগ আৰু সংক্রমণক প্রতিৰোধ কৰিবলৈ সক্ষম। সর্বোপৰি এই এন্টিবায়'টিক হৈছে নিমোনিয়া আৰু মূত্রনলীত হোৱা সংক্রমণ (ইউ টি আই) সম্পূর্ণভাৱে দূৰ কৰিবলৈ সক্ষম। একাধিক স্তৰত এইবিধ এন্টিবায়'টিকৰ প্ৰয়োগৰ পৰীক্ষা চলাৰ পিচত শেহতীয়াকৈ এনমেটাজোবেক্টামে আমেৰিকাৰ ইউ এছ এফ ডি এৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীর্ণ হয় আৰু 'ফাষ্ট ট্রেক' মর্যাদা লাভ কৰে। ফলত মুত্রাশয় বা মুত্ৰনলীৰ চিকিৎসাৰ বাবে এই ঔষধে স্বীকৃতি লাভ কৰিছে কোৱালিফাইড ইনফেকছিয়াছ ডিজিজ প্রডাক্ট (কিউ আই ডি পি) হিচাপে। 
 
ইতিপূর্বে জার্মানীৰ এটা প্রতিষ্ঠানে এইবিধ এন্টিবায়'টিকৰ পেটেন্ট ক্রয় কৰিছিল। তদুপৰি ইউৰোপিয়ান মেডিচিন এজেন্সিয়েও এনমেটাজোবেক্টামক স্বীকৃতি দিছিল আৰু শেহতীয়াকৈ ইউ এছ এফ ডি এই এই স্বীকৃতিক অধিক শক্তিশালী কৰিলে। সম্প্রতি এ এম আৰ (এপ্টিমাইক্র 'বায়েল ৰেজিছটেন্স)ক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়ত নতুন এণ্টিবায়'টিকছ এবিধ 'বেটা লেক্ট্রামেজ ইনহিবিট' হিচাপে নির্দিষ্ট ৰোগৰ চিকিৎসাৰ অব্যর্থ ঔষধ হিচাপে উপলব্ধ হ'ব। 
 
বাণিজ্যিকভাৱে এন্টিবায়'টিকবিধ বজাৰত উপলব্ধ হ'ব 'এক্সব্লিফেপ' (Exblifep) নামেৰে। ওঠৰ বছৰীয়াৰ বা ওঠৰ ঊর্ধ্বৰ ৰোগীৰ ক্ষেত্ৰত ইয়াক প্রয়োগ কৰা হ'ব ইনজেকচনৰূপে। এন্টিবায়'টিকবিধ এতিয়া কোটি কোটি ৰোগীৰ বাবে হৈ পৰিছে গভীৰ ভাৰসা। তিনিচুকীয়াত জন্মগ্রহণ কৰি, অসমতে ৰসায়ন বিজ্ঞানৰ উচ্চ শিক্ষা, যোৰহাটৰ নেইষ্টৰ পৰা পি এইচ ডি লাভ কৰা বিজ্ঞানী মুকুট গোহাঁইৰ অৱদানে ব্যক্তিগত সাফল্যৰ লগতে বিশ্বৰ চিকিৎসা ক্ষেত্রত জিলিকাই তুলিছে অসম আৰু অসমীয়াক। বিশ্বৰ বহুকেইখন দেশৰ বিখ্যাত প্রতিষ্ঠানত কাম কৰা গোহাঁয়ে ৰিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ বহুকেইটা জীৱনদায়িনী ঔষধৰ গৱেষণাৰ প্রকল্পত জড়িত হৈ গুৰুত্বপূর্ণ অৱদান  আগবঢ়াইছে।