চীনৰ সাগৰীয় খাদ্যৰ বজাৰত বিক্ৰী হোৱা ৰেকুন কুকুৰৰ পৰা উৎপত্তি হৈছিল ক’ভিড মহামাৰীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নিউয়ৰ্ক

ক’ভিড-১৯ মহামাৰীয়ে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ পিছৰে পৰা ইয়াৰ উৎপত্তিক লৈ গৱেষকসকল বিমোৰত পৰিছিল। শেহতীয়াকৈ এটা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ দলে এক গৱেষণাত এই তথ্য লাভ কৰিছে যে চীনৰ য়ুহান চহৰৰ এখন সাগৰীয় খাদ্যৰ বজাৰত অবৈধভাৱে বিক্ৰী কৰা সংক্ৰমিত ৰেকুন কুকুৰৰ পৰাই এই ভাইৰাছ সৃষ্টি হৈছিল আৰু ইয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ ভাইৰাছবিধ বিয়পিছিল বুলি প্ৰমাণ পোৱা গৈছে। 'দ্য নিউয়ৰ্ক টাইমছ'ৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।
 
দলটোৱে ২০২০ চনত হুয়ানান চিফুড পাইকাৰী বজাৰ আৰু ওচৰৰ অঞ্চলৰ পৰা লোৱা স্বাবৰ পৰা আনুবংশিক তথ্য সংগ্ৰহ কৰিছিল। গৱেষকসকলে জন্তুবোৰ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহৃত মজিয়া, দেৱাল, গাড়ী আৰু পিঞ্জৰাৰ পৰা স্বাববোৰ লৈছিল কিয়নো বজাৰখন বন্ধ কৰা হৈছিল আৰু প্ৰাদুৰ্ভাৱৰ পিছত জন্তুবোৰ আঁতৰ কৰা হৈছিল, প্ৰতিবেদনখনে লগতে কয়।
ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নমুনাবোৰৰ বিশ্লেষণত দেখা গৈছে যে ইয়াত ৰেকুন কুকুৰকে ধৰি জীৱ-জন্তুৰ জিনীয় সামগ্ৰী আছিল। যদিও ইয়াৰ দ্বাৰা ৰেকুন কুকুৰ সংক্ৰমিত হৈছিল নে নাই আৰু ইয়াৰ পৰা মানুহলৈ ভাইৰাছ সংক্ৰমিত হৈছিল নে নাই সেয়া নিশ্চিত নহয় যদিও বিজ্ঞানীসকলে কয় যে এই প্ৰমাণসমূহে বন্যপ্ৰাণীৰ পৰা ভাইৰাছ বিয়পি পৰা পৰিস্থিতিৰ দিশলৈ আঙুলিয়াই দিয়ে।
 
উল্লেখ্য যে, এই গৱেষণাৰ নেতৃত্ব দিছিল ক্রিষ্টিয়ান এণ্ডাৰছন, মাইকেল উৰ’বে আৰু এডৱাৰ্ড হোমছ নামৰ তিনিজন বিশিষ্ট গৱেষকে।