গুৱাহাটী
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ পৰম্পৰাগত পদ্ধতিৰ প্ৰসাৰৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ জকাই অঞ্চলত আয়ুস মন্ত্ৰালয়ৰ অধীনত ১০০ খন বিছনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতাল নিৰ্মাণৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এইখনেই হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্রাকৃতিক চিকিৎসা হাস্পতাল, ইয়াত গৱেষণা কেন্দ্ৰৰো ব্যৱস্থা থাকিব। আজি হাস্পতালখনৰ প্ৰস্তাৱিত নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে যাৱতীয় বিভিন্ন দিশৰ বুজ লয় আৰু বিষয়াবৰ্গৰ লগতে স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে আৰু জনসাধাৰণৰ সহযোগিতা কামনা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, আয়ুস স্বাস্থ্য সেৱাসমূহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম্পৰাগত ঔষধৰ প্ৰসাৰৰ দৃষ্টিভংগীক অধিক ত্বৰান্বিত কৰিব। প্রধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত এতিয়া দেশৰ আয়ুস বজাৰ বিশ্বজুৰি ২৩.৩ বিলিয়ন ডলাৰৰ বিস্তৃতি অভিমুখে ধাৱমান হৈছে।
ভাৰতৰ এই প্রাচীন চিকিৎসা বিজ্ঞানৰ জৰিয়তে আমি সমগ্ৰ মানৱ সমাজৰ কল্যাণ সাধন কৰিব পাৰো। সেয়েহে আয়ুস মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ গুণগত সম্প্ৰসাৰণ আৰু গৱেষণা বৃদ্ধি কৰাত যথেষ্ট অগ্ৰাধিকাৰ দিছে। দেশৰ আয়ুস খণ্ডক জাকতজিলিকা কৰি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে। আয়ুস প্ৰণালীৰ প্ৰসাৰৰ জৰিয়তে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সমাধান সুলভ মূল্যতে সহজলভ্য হৈ উঠিব।
যোগ আৰু প্ৰাকৃতিক চিকিৎসাও ইয়াৰ অন্যতম। সেয়েহে ডিব্ৰুগড়ত উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমখন যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতাল ৯০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণৰ দিশে আমি অগ্ৰসৰ হৈছো। ইয়াৰ সৈতে গৱেষণা কেন্দ্ৰও সংযোজন কৰা হ'ব।
ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বসাধাৰণ যথেষ্ট উপকৃত হ'ব পাৰিব। প্ৰস্তাৱিত স্থান পৰিদৰ্শনৰ সময়ছোৱাত সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক দ্বয় প্ৰশান্ত ফুকন আৰু বিনোদ হাজৰিকা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি সৈকত পাত্র, উপ-পৌৰপতি উজ্জ্বল ফুকন, কেন্দ্রীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক ৰাঘৱেন্দ্ৰ ৰাও প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।