ৰোগীক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ঋতুস্ৰাৱৰ স্বাস্থ্যৰ বিষয়ে জ্ঞান দিয়া ডাঃ বুশ্ৰা খানম

Story by  atv | Posted by  [email protected] • 11 Months ago
ডাঃ বুশ্ৰা খানম
ডাঃ বুশ্ৰা খানম
 
শাইস্তা ফাতিমা / নতুন দিল্লী
 
পূব দিল্লীৰ লক্ষ্মী নগৰত থকা নিজৰ আৱাসিক ক্লিনিকত ৰোগীক শুশ্ৰুষা কৰাৰ মাজতে অলপ সময় উলিয়াই ডাঃ বুশ্ৰা খানমে কয়, “মা আৰু শাহু মা নথকাহেঁতেন মই চিকিৎসক হ'ব নোৱাৰিলেহেতেন আৰু মোৰ এখন প্ৰতিষ্ঠিত ক্লিনিক নাথাকিলহেঁতেন।”
 
 
ডাঃ বুশ্ৰা খানম জামিয়া হামদাৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী বিইউএমএছ (BUMS) আৰু যোৱা তিনি দশক ধৰি তেওঁ মহিলা আৰু শিশুৰ চিকিৎসাৰ সৈতে জড়িত হৈ আছে। পুৰণি দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা খানম ১০ গৰাকী ভাই-ভনীৰ মাজত ডাঙৰ-দীঘল হৈছিল। তেওঁ কয় যে পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। 
 
মহম্মদ ৰছিদৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ডাঃ বুশ্ৰা খানমক শাহুৱেকে এখন ক্লিনিক খুলিবলৈ উৎসাহিত কৰিছিল। সেয়ে, তেওঁ শাহুৱেকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিজৰ ক্লিনিকৰ নাম শাহুৱেক ফাতিমা জীৰ নামেৰে নামাকৰণ কৰিছে।
 
তেওঁ ঋতুস্ৰাৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বিষয়ত বিশেষজ্ঞ আৰু শেহতীয়াকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা বিয়পাবলৈ এনজিঅ' 'আৱাজ-ই-খোৱাতিন'ৰ সহযোগত শিবিৰ আয়োজন কৰা আৰম্ভ কৰিছে।
 
ডাঃ বুশ্ৰা খানম
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ নিজৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰে আৰু ঋতুস্ৰাৱৰ বিষয়ে কিছুমান পৌৰাণিক কাহিনীও প্ৰকাশ কৰে। এই বাৰ্তালাপৰ কিয়দাংশ তলত উল্লেখ কৰা হ'লঃ
 
১) ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কেতিয়াৰ পৰা সজাগতা বিয়পাবলৈ আৰম্ভ কৰিলে ?
 
ডাঃ বুশ্ৰা খানমঃ মই সাধাৰণতে সমাজৰ পিছপৰা শ্ৰেণীৰ ৰোগীৰ চিকিৎসা কৰো। আৰ্থিকভাৱে পিছপৰা মহিলাসকল ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা দূৰৰে কথা, মৌলিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়েও সচেতন নহয়। এই কথা দেখি মই আমাৰ সমাজৰ মাতৃ-কন্যাসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশৰ ওপৰত জ্ঞান দিয়াৰ সিদ্ধান্ত ল’লোঁ৷
 
২) আপোনাৰ দৰে এগৰাকী চিকিৎসকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা বিয়পোৱাৰ কামত আগুৱাই অহাৰ ক্ষেত্ৰত কিহে অনুপ্ৰাণিত কৰিলে ?
 
ডাঃ বুশ্ৰা খানমঃ মোৰ ক্লিনিকলৈ অহা অধিকাংশ মহিলা ৰোগীৰ ব্যক্তিগত অংগত ফাংগেল ইনেফেকচন হোৱা দেখিবলৈ পাইছিলো। ই মোক চিন্তিত কৰি তুলিছিল আৰু বহু চিন্তা কৰাৰ পিছত বুজিলোঁ যে তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত লেতেৰা কাপোৰ ব্যৱহাৰ কৰে আৰু পিছৰবাৰো একেখিনি কাপোৰ পুনৰ ব্যৱহাৰ কৰে। মোৰ ক্লিনিকলৈ অহা কিছুমান ছোৱালীয়ে কিয় তেজ ওলাইছে সেই কথাও গম নাপায়। তেজ ওলাই থকা অৱস্থাতে মোৰ ওচৰলৈ আহে আৰু ভাবি যে তেওঁলোক কোনো ৰোগত আক্ৰান্ত। আন কিছুমানে কপাহী পেড কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা চেনিটেৰী পেড ধৰি ৰাখিবলৈ আণ্ডাৰৱেৰ পিন্ধিব লাগে বুলিও নাজানে। মই তেওঁলোকক বিভিন্ন ধৰণৰ পেডৰ বিষয়ে অৱগত কৰাইছিলো আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ ব্যক্তিগত অংশ শুকান কৰি ৰাখিবলৈ পৰামৰ্শ দিছিলো। 
 
৩) তেওঁলোকক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বুজোৱাটো আপোনাৰ বাবে কিমান কঠিন আছিল?
 
ডাঃ বুশ্ৰা খানমঃ মোৰ বাবে সেয়া যথেষ্ট কঠিন আছিল। আপুনি দেখিছে সমাজৰ নিম্ন শ্ৰেণীৰ মহিলা আৰু ছোৱালীবোৰ যথেষ্ট জেদী, আৰু তেওঁলোকক এই কথা বুজোৱা অত্যন্ত কঠিন আছিল যে লেতেৰা কাপোৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ ব্যক্তিগত অংগতে নহয়, সমগ্ৰ শৰীৰত সংক্ৰমণ বিয়পি পৰিব পাৰে।
 
মই তেওঁলোকৰ লগত এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰো। এই উদ্দেশ্যে বিশেষভাৱে বিভিন্ন সংস্থাই প্ৰকাশ কৰা চিত্ৰ আৰু আলোচনী তেওঁলোকক দেখুৱাওঁ। মই তেওঁলোকক কওঁ যে তেওঁলোকৰ অসাৱধানতাৰ ফলত গৰ্ভধাৰণত পলম হ’ব পাৰে, জৰায়ুৰ কৰ্কট ৰোগ হ’ব পাৰে আৰু কেতিয়াবা অকাল মৃত্যুৰ কাৰণো হ’ব পাৰে। এই সকলোবোৰ আৰম্ভ হয় স্বাভাৱিক খজুৱতিৰ পৰা। মই তেওঁলোকৰ সৈতে যুক্তি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰো আৰু এতিয়ালৈকে মই সফল হৈছো।
 
৪) কোনো বিশেষ ঘটনাৰ কথা আপুনি উল্লেখ কৰিব বিচাৰিব নেকি ?
 
ডাঃ বুশ্ৰা খানমঃ মোৰ এজন ৰোগী আছিল, যিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত হাৰপিছ (ভাইৰাছৰ সংক্ৰমণ) ৰোগত আক্ৰান্ত হৈছিল। সাধাৰণ মানুহৰ ভাষাত হাৰপিছক এনে এটা অৱস্থা বুলি ক’ব পাৰি য’ত ৰোগীৰ শৰীৰৰ যিকোনো অংশত বা ভিতৰত বিষাক্ত ঘাঁ হয়। এই ৰোগীগৰাকীৰ ব্যক্তিগত অংশৰ চাৰিওফালে বিষাক্ত ঘাঁ হৈছিল, আৰু গোটেই শৰীৰত সংক্ৰমণ হৈছিল আৰু তেওঁ ইমান কষ্ট পোৱা দেখি মই দুখ পাইছিলো।
মই তেওঁক পৰামৰ্শ দিছিলো যে নিজৰ ব্যক্তিগত অংশবোৰ যিমান পাৰি শুকান কৰি ৰাখিব লাগে আৰু ব্যক্তিগত অংশবোৰ মচিবলৈ ঔষধি পাউদাৰ, চেনিটেৰী পেড, টিছু ব্যৱহাৰ কৰিব লাগে। কিছুদিন চিকিৎসা চলি থাকিল আৰু অৱশেষত তেওঁ সুস্থ হৈ উঠিল। মই অনুভৱ কৰোঁ যে উপযুক্ত ঔষধৰ লগতে মহিলাসকলক বহুত নৈতিক সমৰ্থন আৰু সঠিক উপায়ৰ বিষয়ে শিক্ষাৰ প্ৰয়োজন।
 
৫) ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে অসচেতনতাৰ ফলত মুছলমান সম্প্ৰদায়ৰ অৰ্থনৈতিকভাৱে পিছপৰা মহিলাসকল যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি আপুনি অনুভৱ কৰেনে ?
 
ডাঃ বুশ্ৰা খানমঃ হয়, নিশ্চয়কৈ তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে। মই অনুভৱ কৰোঁ যে সমাজৰ এই শ্ৰেণীৰ ছোৱালী আৰু মহিলাসকলৰ মাজত এই গম্ভীৰ বিষয়বোৰৰ প্ৰতি কোনো সজাগতা নাই, কিয়নো পৰিয়ালত এই বিষয়ে কোনো কথা কোৱা নহয়। ছোৱালীবোৰে মাকক সুধিবলৈ লাজ কৰে। আনহাতে মাকসকলে এই বিষয়ে কথা কোৱাটো নিষিদ্ধ বুলি অনুভৱ কৰে। এই পৰিৱেশ যিমান পাৰি সোনকালে সলনি হোৱা উচিত। ভাৰতত ছোৱালীৰ এঘাৰ বছৰ বয়সৰ পৰাই ঋতুস্ৰাৱ আৰম্ভ হয়, এইটো কেতিয়াবা মাতৃসকলৰ বাবে গ্ৰহণযোগ্য নহয়। মাকহঁতে মোক বহুবাৰ সুধিছে “তাইৰ মাহেকীয়া ইমান সোনকালে কিয় হৈছে?” তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই। মই তেওঁলোকক কওঁ: “এয়া স্বাভাৱিক”। মই ভাবো আমি এই ঘটনাবোৰ স্বাভাৱিক কৰিব লাগিব আৰু ঋতুস্ৰাৱক লৈ সমাজত থকা নিষেধাজ্ঞাসমূহ দূৰ কৰিব লাগিব। প্ৰতিমাহে মহিলাসকলৰ ঋতুস্ৰাৱ হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। 
 
গতিকে, যেতিয়া এইধৰণৰ ৰোগীসকল মোৰ ওচৰলৈ আহে, তেতিয়া মই তেওঁলোকৰ লগত যথেষ্ট স্পষ্টকৈ কথা পাতো। মোৰ লক্ষ্য হ’ল  ঋতুস্ৰাৱক লৈ তেওঁলোকৰ মাজত থকা বিভিন্ন ভ্ৰান্ত-ধাৰণা আৰু নিষেধাজ্ঞাসমূহ দূৰ কৰা। ঋতুস্ৰাৱৰ কথাবোৰ সহজভাৱে ল’বলৈ ছোৱালীবোৰক কও। মাতৃসকলক ছোৱালীৰ খাদ্যৰ যত্ন ল’বলৈ পৰামৰ্শ দিওঁ। মই তেওঁলোকক ব্যক্তিগত আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা পালন কৰিবলৈ কও। মই তেওঁলোকক দুঘণ্টাৰ মূৰে মূৰে পেড সলনি কৰিবলৈ আৰু নিয়মিতভাৱে হাত ধুবলৈ কওঁ। মই তেওঁলোকক কওঁ যে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈছে এটা উন্নত আৰু সংক্ৰমণমুক্ত জীৱনৰ দিশত এক পদক্ষেপ।
 
৬) এতিয়ালৈকে আপোনাৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক ঘটনাটো কি আছিল?
 
ডাঃ বুশ্ৰা খানমঃ সেয়া আছিল ক'ভিড-১৯ৰ সময়ৰ কথা। সেই সময়খিনি আমাৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক আছিল। কিয়নো সেই সময়ত আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ঔষধ উপলব্ধ নাছিল। মই মোৰ ফাৰ্মাচিষ্ট স্বামীৰ সৈতে ৰোগীসকলক সহায় কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিলো। মই আনকি সন্তান জন্মৰ সময়তো তেওঁলোকক সহায় কৰিছিলো।