AIIMS দিল্লীৰ কাৰ্যনিৰ্বাহী সঞ্চালক হিচাপে নিযুক্তি ডাঃ নিখিল টণ্ডনক

Story by  atv | Posted by  Munni Begum • 1 Months ago
ডাঃ নিখিল টণ্ডন
ডাঃ নিখিল টণ্ডন
নতুন দিল্লী

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (AIIMS) দিল্লীৰ কাৰ্যনিৰ্বাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ডাঃ নিখিল টণ্ডনক। কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি, তেওঁ বৰ্তমান এণ্ডোক্ৰাইন’লজি আৰু মেটাবলিজম বিভাগৰ প্ৰফেছৰ আৰু বিভাগীয় মুৰব্বী। লগতে তেওঁ একাডেমিক ডীন হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

ডাঃ নিখিল টণ্ডনে এই নতুন সঞ্চালকৰ দায়িত্ব নিজৰ বৰ্তমান কৰ্তব্যৰ সৈতে পালন কৰিব। কাৰ্যালয় লগতে উল্লেখ কৰিছে, "এই দ্বায়িত্ব ছমাহৰ বাবে বা নিয়মীয়া সঞ্চালক নিযুক্তি নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ'ব।"

এইটো এটা কাৰ্যব্যৱস্থাহে, কিন্তু এইটো সম্পূৰ্ণ স্থায়ী নিযুক্তি নহয়। স্থায়ী সঞ্চালক নিযুক্তিৰ বাবে অনুসন্ধান-সহ-নির্বাচন সমিতি গঠন কৰা হ’ব।

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (AIIMS)ৰ দিল্লীৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসক এইমছৰ দিল্লী সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হয়, আৰু তেওঁক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ নিটি আয়োগৰ সদস্য ডাঃ ভি কে পলৰ সলনি নিযুক্তি দিয়া হ’ব।

ডাঃ এম শ্ৰীনিবাস এইমছ দিল্লীৰ সঞ্চালক আছিল। ২০২২ চনৰ ২২ ছেপ্টেম্বৰ মাহত এইমছৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে তেওঁ হায়দৰাবাদৰ এম্প্লয়িজ ষ্টেট ইন্সুৰেন্স কৰ্প’ৰেচন (ESIC) হাস্পতাল আৰু মেডিকেল কলেজৰ ডীন হিচাপে কৰ্মৰত আছিল