দেশত বৃদ্ধি পাইছে ফ্লুৰ প্ৰাদুৰ্ভাৱ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

নতুন দিল্লী

 

দেশজুৰি ক’ভিডসদৃশ ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে কেন্দ্রই সতর্কতা জাৰি কৰিছে। বর্তমানে দেশক গ্ৰাস কৰা ‘এইচত এন২' ইনফ্লুৱেঞ্জা সন্দৰ্ভত ভাৰতীয় গৱেষণা পৰিষদে (আই চি এম আৰ) এক জাননী জাৰি কৰিছে।

 

জাননীত কোৱা হৈছে যে,  এই ইনফ্লুৱেঞ্জাত আক্রান্তসকলৰ জ্বৰ ৩ দিনৰ পিচত নাইকিয়া হয়, যদিও ৩ সপ্তাহ ধৰি কাহ থাকিব। এইক্ষেত্ৰত অবাধে এণ্টিবায়টিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

 

আই চি এম আৰে এই ইনফ্লুৱেঞ্জাৰ পৰা ৰক্ষা পোৱাৰ বাবে সঘনাই চাবোনেৰে হাত ধোৱাৰ লগতে মাস্ক ব্যৱহাৰ আৰু জনাকীর্ণ এলেকা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। আই চি এম আৰে অকল চিকিৎসকৰ পৰামৰ্শৰ পিচতহে এণ্টিবায়'টিক আৰু অন্যান্য ঔষধ সেৱনৰ বাবেও পৰামৰ্শ আগবঢ়াইছে।