যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক'ভিড-১৯ আক্ৰান্ত ১০০০ৰো অধিক লোক

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
ভাৰতত বিগত ২৪ ঘন্টাত ১০০০ৰো অধিক লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। বুধবাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত মুঠ ১১৩৪ জন নতুনকৈ ক'ভিড-১৯ আক্ৰান্ত হৈছে। দৈনিক পজিটিভিটিৰ হাৰ ১.০৯ শতাংশ। আনহাতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৯৮ শতাংশ।
 
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে দিল্লীত ৫.৮৩ শতাংশ পজিটিভিটিৰ হাৰেৰে ৮৩ জন ৰোগী ধৰা পৰা লগতে আৰু এজনৰ মৃত্যু হোৱা তথ্য লাভ কৰা গৈছে।
 
দেশত H3N2 ইনফ্লুৱেঞ্জা ৰোগীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সময়তে যোৱা কেইদিনমানৰ পৰা নতুনকৈ ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সোমবাৰে ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা ৩৪। ৰোগীৰ পজিটিভিটিৰ হাৰ ৬.৯৮ শতাংশ। 
 
দেওবাৰে দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ৭২ জন আৰু পজিটিভিটিৰ হাৰ৩.৯৫ শতাংশ। শনিবাৰে আক্ৰান্তৰ সংখ্যা আছিল৫৮ জনাৰু পজিটিভিটিৰ হাৰ আছিল ৩.৫২ শতাংশ। 
 
শুকুৰবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৩৮ জন আৰু পজিটিভিটিৰ হাৰ ৩.১৩ শতাংশ। বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৩২জন আৰু পজিটিভিটিৰ হাৰ ২.২৫ শতাংশ। ১৬ জানুৱাৰীত নতুনকৈ ক'ভিড-১৯ত আক্রান্তৰ সংখ্যা শূন্যলৈ হ্ৰাস পাইছিল। 
 
নতুনকৈ আক্ৰান্ত ৰোগী সংখ্যা ২০,০৮,০৮৭ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ২৬,৫২৪ জন। পূৰ্বৰ দিনটোত মুঠ ১৪২৩টা পৰীক্ষা সম্পন্ন কৰা হৈছিল। ৭,৯৮৪খন বিচনাৰ ভিতৰত মাত্ৰ ১৭খন বিচনা নিবেদিত ক'ভিড ৰোগী বসবাস কৰাৰ বিপৰীতে ১৭৯গৰাকী ৰোগী হোম আইছ’লেশ্যনত আছে। তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২০৯ জন। 
 
শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে দিল্লীৰ চিকিৎসালয়ত ইনফ্লুৱেঞ্জা ৰোগীৰ সংখ্যা বেছি নহয় বুলি উল্লেখ কৰিছিল আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি মন্তব্য কৰিছে।
 
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) কৈছে যে ইনফ্লুৱেঞ্জাৰ ঘটনা বৃদ্ধি হৈছে ইনফ্লুৱেঞ্জা এ উপপ্ৰকাৰৰ  H3N2 ভাইৰাছৰ ফলত। H3N2 ভাইৰাছৰ ফলত আন উপপ্ৰকাৰতকৈ অধিক চিকিৎসালয়ত ভৰ্তি হৈছে। ইয়াৰ লক্ষণসমূহ হ’ল নাকেৰে পানী ওলোৱা, অহৰহ কাহ আৰু জ্বৰ।