পেইনকিলাৰ নেফটেল ব্যৱহাৰত সতর্কতা জাৰি ইণ্ডিয়ান ফার্মা লেপুইয়া চামিছনৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
সততে ব্যৱহাৰ হোৱা বিষনাশক অর্থাৎ পেইনকিলাৰ নেফটেল ব্যৱহাৰ কৰাত সতর্কতা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান ফার্মা লেপুইয়া চামিছনে। 
 
মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ আৰু ৰিউমেটইড আর্থাইটিছ ৰোগীয়ে সততে ব্যৱহাৰ কৰা এই পেইনকিলাৰে ৰোগীৰ শৰীৰৰ ভয়ানক পার্শ্বক্ৰিয়াৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিছে। 
 
অলপতে জাৰি কৰা নিৰ্দেশনাত এই পেইনকিলাৰ ব্যৱহাৰ কৰা ৰোগীসকলৰ স্বাস্থ্যত নজৰ দিবলৈ সকলোকে আহ্বান জনাইছে লেপুইয়া চামিছনে।