ৰাজ্যত নতুনকৈ চিনাক্ত ২০ গৰাকী ভুৱা চিকিৎসক

Story by  atv | Posted by  [email protected] • 8 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই ৰাজ্যত এতিয়াও পিটপিটাই আছে ভুৱা চিকিৎসকে। স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি হয়তো কোনোবা ফার্মাচী, ক্লিনিক, নাৰ্ছিংহোমত বহি ভুৱা চিকিৎসকেই ৰোগীক চিকিৎসা কার্যও চলাই গৈছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই ৰাজ্যত ভুৱা চিকিৎসকে চিকিৎসা চলাই যোৱাৰ দৰে উদ্বেগজনক ঘটনা উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত। চিকিৎসক ডাঃ অভিজিৎ নেওগে দাখিল কৰা এখন পি আই এলৰ শুনানিকালত খোদ স্বাস্থ্য বিভাগে দাখিল কৰা শপতনামাতে ফাদিল হ'ল ৰাজ্যত ভুৱা চিকিৎসকে চিকিৎসা চলাই যোৱাৰ তথ্য।
 
স্বাস্থ্য বিভাগে শপতনামা তথা কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি শেহতীয়া অনুসন্ধানকালত ৰাজ্যত ২০ জনকৈ ভুৱা চিকিৎসক ধৰা পৰিছে। ন্যায়ালয়ৰ মজিয়াত স্বাস্থ্য বিভাগে দাখিল কৰা তথ্য অনুসৰি কৰিমগঞ্জত সর্বাধিক ১৮ জন ভুৱা চিকিৎসকক চিনাক্ত কৰা হৈছে। জিলাখনত স্থাপিত ২৭১ খন চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত ৭২ খনত তদন্ত চলাই ১৮ জনকৈ ভুৱা চিকিৎসক চিনাক্ত কৰা হয়। অনুৰূপধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়তো এজনকৈ ভুৱা চিকিৎসক ধৰা পৰিছে। প্ৰাৰম্ভিকভাৱে চলোৱা অনুসন্ধানতে ২০ জনকৈ ভুৱা চিকিৎসক ধৰা পৰা ঘটনা স্বাভাৱিকতেই জনস্বাস্থ্যৰ প্রতি অতি ভয়াৱহ আৰু উদ্বেগজনক হিচাপে বিবেচিত হৈছে।
 
উল্লেখযোগ্য যে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে ভুৱা চিকিৎসক ধৰা পেলোৱাৰ বাবে জিলাই জিলাই গঠন কৰিছিল একো একোটা গোট। ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পিচতে জিলাই জিলাই এই গোটসমূহে কিছুসংখ্যক চিকিৎসা প্রতিষ্ঠানত তদন্ত চলায়। এই কিছুসংখ্যক চিকিৎসা প্রতিষ্ঠানত চলোৱা তদন্ততে কৰিমগঞ্জত ১৮ জন, ডিব্ৰুগড়, তিনিচুকীয়াত এজনকৈ ভুৱা চিকিৎসক ধৰা পৰে। কিন্তু অতি লক্ষণীয়ভাবে ভুৱা চিকিৎসক প্ৰতিৰোধী গোটসমূহে অর্হতাহীন, অযোগ্য লোকে চিকিৎসা চলাই যোৱাৰ ঘটনাৰ বিৰুদ্ধে যি হাৰত জিলাই জিলাই অভিযান বা তদন্ত চলাব লাগিছিল, সেয়া নকৰাটো খোদ স্বাস্থ্য বিভাগৰ শপতনামাতে উন্মোচিত হৈছে।
 
তথ্য অনুসৰি কামৰূপ (ম) জিলাত হাস্পতাল/নাৰ্ছিংহোমৰ সংখ্যা হৈছে ৬৪ খন আৰু লেব'ৰেটৰীৰ সংখ্যা হৈছে ৫৩ খন। কিন্তু ইয়াৰ ভিতৰত মাত্র ১০ খন চিকিৎসা প্রতিষ্ঠানহে গোটটোৱে পৰিদৰ্শন কৰিছে। একেদৰে কামৰূপ জিলাত ১৮৮ খন চিকিৎসা প্ৰতিষ্ঠানৰ বিপৰীতে গোটটোৱে ৫৫ খনত, বৰপেটাত ২৯৪ খন চিকিৎসা প্রতিষ্ঠানৰ বিপৰীতে ১৫ খনত, বিশ্বনাথত ৫৩ খন চিকিৎসা প্রতিষ্ঠানৰ বিপৰীতে ৩৮ খনত, বঙাইগাঁৱত ১২৪ খনৰ বিপৰীতে ১০১ খনত, কাছাৰত ১৯২ খন চিকিৎসা প্রতিষ্ঠানৰ বিপৰীতে ৩৬ খনত, চিৰাঙত ৫৮ খনৰ বিপৰীতে ১ খনত, দৰঙত ২৩২ খনৰ বিপৰীতে ৫৩ খনত, দৰঙত ২৩২ খনৰ বিপৰীতে ৫৩ খনত, ধেমাজিত ২২৭ খনৰ বিপৰীতে ৯৭ খনত, - ডিব্ৰুগড়ত ২৮৫ খনৰ বিপৰীতে ১৭ খনত, গোৱালপাৰাত ৭০ খনৰ বিপৰীতে ৫৪ খনত, যোৰহাটত ৭৭ খনৰ বিপৰীতে ৫৮ খনত, কৰিমগঞ্জত ২৭১ খনৰ বিপৰীতে ৭২ খনত, মৰিগাঁৱত ৪৯ খনৰ বিপৰীতে ২২ খনত, নগাঁৱত ১২৬ খনৰ বিপৰীতে ১ খনত, নলবাৰীত ৬৮ খনৰ ভিতৰত ৬৮ খনত, শোণিতপুৰত ২২৫ খনৰ ভিতৰত ২২৫ খনতে, দক্ষিণ শালমাৰা-মানকাচৰত ২৪ খনৰ বিপৰীতে ১৬ খনত, তিনিচুকীয়াত ২২১ খনৰ বিপৰীতে ১৮২ খনত, ওদালগুৰিত ১১১ খনৰ বিপৰীতে ১২ খনত ভুৱা চিকিৎসক প্ৰতিৰোধী গোটে তদন্ত চলায়।
 
অর্থাৎ কেইখনমান জিলাক বাদ দি সিংহভাগ জিলাতে ভুৱা চিকিৎসকৰ বিৰুদ্ধে যি হাৰত অভিযান চলিব লাগিছিল, তেনেদৰে চলা নাই। শপতনামা তথা স্বাস্থ্য বিভাগৰ কাৰ্যব্যৱস্থাৰ প্ৰতিবেদনৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি আজি অনুষ্ঠিত শুনানিত ন্যায়ালয়ে কয় যে প্রতিখন জিলাত গঠন কৰা ভুৱা চিকিৎসক প্ৰতিৰোধী গোটে বিশেষ অগ্রগতি লাভ কৰা নাই। কাজেই ভুৱা চিকিৎসক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে গোটসমূহে ফলপ্রসূ ব্যৱস্থা লোৱা উচিত বুলি ন্যায়ালয়ে মতপোষণ কৰে।
 
অৱশ্যে শুনানিকালত স্বাস্থ্য বিভাগে এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আদালতক অৱগত কৰে। উল্লেখ্য যে ৰাজ্যত ভুৱা চিকিৎসকে চিকিৎসা চলাই যোৱাৰ গুৰুত্বপূৰ্ণ তথ্যৰে চিকিৎসক ডাঃ অভিজিৎ নেওগে উচ্চ ন্যায়ালয়ত পি আই এলখন দাখিল কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে ডাঃ নেওগে ইতিমধ্যে নিজাববীয়াকৈ বহুকেইজন ভুৱা চিকিৎসকক চিনাক্ত কৰি থানাত এজাহাৰ দাখিল কৰিছে।