অসমত H3N2 ভাইৰাছত আক্ৰান্ত এজন

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
অসমত প্ৰথমবাৰৰ বাবে H3N2 ভাইৰাছত আক্ৰান্ত হোৱা এগৰাকী ৰোগীৰ তথ্য পোহৰলৈ আহিছে। যোৱা ১৬ ফেব্ৰুৱাৰীতে ৰোগীজনৰ শৰীৰত H3N2 ভাইৰাছৰ উপস্থিতি থকা বুলি সদৰী কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। 
 
ডাঃ শৰ্মাই কয় যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা পৰীক্ষাৰ বাবে জি এম চি এইচলৈ এক নমুনা প্ৰেৰণ কৰা হৈছিল। এনে নমুনাত ৰোগীজনৰ শৰীৰত H3N2 ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কিন্তু ইয়াকে লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। এয়া সাধাৰণ ইনফ্লুৱেঞ্জা ভাইৰাছ। কোনোৱে আতংকিত হ'ব নালাগে। কাহ, চৰ্দি জ্বৰ আদি যদি থাকে তিনিদিনত কমি যায়। যদি ৫-৬ দিন থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মধুমেহ, কৰ্কট আদি ৰোগত আক্রান্ত ৰোগীয়ে এনে ভাইৰাছত আক্ৰান্ত হ'লে চিকিৎসকৰ কাষ চপা অতি দৰকাৰ। 
 
H3N2 ভাইৰাছৰ সংক্ৰমণ দেশত ক'ভিজৰ নতুন ভাইৰাছ H3N2 সংক্রমণে শেহতীয়াকৈ উদ্বেগ সৃষ্টি কৰাৰ সময়তে আজিৰে পৰা ২৬ মাৰ্চলৈ পুডুচেৰীত এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নির্দেশ দিছে কেন্দ্ৰীয় শাসিত ৰাজ্য চৰকাৰে। প্ৰাথমিক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এই বিদ্যালয়সমূহ বন্ধ ৰখা হ'ব। 
 
ইতিমধ্যে দেশজুৰি এইপর্যন্ত এই নতুন ভাইৰাছত আক্ৰান্ত হৈ ৯ জন লোকৰ মৃত্যু হৈছে। দেশৰ ভিতৰত এইপর্যন্ত মহাৰাষ্ট্ৰত এই ভাইৰাছৰ প্ৰভাৱ অধিক। ৰাজ্যখনত এতিয়ালৈ ৩৫২ গৰাকীৰ শৰীৰত এই ভাইৰাছ চিনাক্ত হৈছে। ৰাজ্যখনত এইপর্যন্ত H3N2 ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে। 
 
ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী তানাজী সাৱন্তে সদৰী কৰিছে H3N2 ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ চিকিৎসা চলাই থকা হৈছে আৰু এইক্ষেত্ৰত হাস্পতালসমূহক অধিক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, এই ভাইৰাছক লৈ শংকিত হ'ব নালাগে। এই ভাইৰাছক চিকিৎসাৰ দ্বাৰা প্ৰতিহত কৰিব পাৰি। 
 
আনহাতে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সদৰী কৰা তথ্যত প্ৰকাশ পাইছে গৱেষণাগাৰত কৰা পৰীক্ষাত ইনফ্লুৱেঞ্জা নমুনাত প্রায় ৭৯ শতাংশ H3N2 ভাইৰাছ পোৱা গৈছে। ইয়াৰ পিচত ১৪ শতাংশ নমুনাত ইনফ্লুৱেঞ্জা বি বেক্টেৰিয়া ভাইৰাছ পোৱা গৈছে আৰু ৭ শতাংশ ভাইৰাচ পোৱা গৈছে। H1N1 ভাইৰাচৰ অৰ্থ হৈছে ছৱাইন ফ্লু। এই ছৱাইন ফ্লু ভাইৰাচৰ অৱস্থিতি পোৱা গৈছে। 
 
উল্লেখযোগ্য যে এসপ্তাহৰ দেশত কোৰোনা সংক্ৰমণৰ ঘটনা ৬৩ শতাংশ বৃদ্ধি পাইছে। ইপিনে ৰাজধানী দিল্লীত নতুনকৈ এনে আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাত হাস্পতালসমূহত বিছনা আৰু চিকিৎসকৰ সা-সুবিধা বৃদ্ধি কৰা হৈছে। ৰাজধানীখনৰ এল এন জে পি হাস্পতালত বিশখন বিছনাযুক্ত আইচ'লেছন বার্ড গঢ়ি তোলা হৈছে। ইয়াৰ বাদেও পোন্ধৰজনীয় চিকিৎসকৰ এটা দল নিযুক্ত কৰা হৈছে।