১৪ এপ্রিলত এইমছ (AIIMS) মুকলি কৰিব প্রধানমন্ত্রী মোদীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
প্রধানমন্ত্রী মোদী
প্রধানমন্ত্রী মোদী
 
গুৱাহাটী
 
মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ চাংসাৰিত নির্মীয়মাণ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিকে ধৰি আনুষংগিক কাম- কাজসমূহ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে মূল ভৱনৰ চিকিৎসা কক্ষৰ লগতে বাট-পথৰ নিৰ্মাণকাৰ্য আৰু চৌহদৰ চাফ-চিকুণতাৰ দিশত চৰজমিন পৰ্যবেক্ষণ কৰে। ইয়াৰ পাচতে এক বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ অ' পি ডি, প্রেক্ষাগৃহ, চিকিৎসক-নাৰ্ছৰ আবাসগৃহ, ছাত্র-ছাত্রী নিবাস, আয়ুস, অগ্নিনির্বাপক, আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনা আৰু বিভিন্ন বিভাগৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। 
 
তেওঁ যিসমূহ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই সেইবোৰ তৎপৰতাৰে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। বৈঠকত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকে প্রতিষ্ঠানখনৰ নিৰ্মাণকাৰ্যৰ অগ্রগতি, মানৱ সম্পদ, উপলব্ধ হ'বলগীয়া চিকিৎসা সেৱা ইত্যাদি বিষয়সমূহ মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা ১৪ এপ্রিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিব। 
 
বিশেষকৈ সৰুসজাইত যি ঐতিহাসিক বিহু উৎসৱৰ আয়োজন কৰা হৈছে তাত প্ৰধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব। সমান্তৰালভাৱে সেই দিনটোতে গুৱাহাটীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখনৰ শুভাৰম্ভ কৰিব পাৰি নেকি তাৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি এই প্রতিষ্ঠানখন পৰিদৰ্শন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰে। 
তেওঁ কয় যে প্রতিষ্ঠানখনে অহা কিছু দিনৰ ভিতৰত ১৫০ খন বিছনাযুক্ত আই পি ডিও আৰম্ভ কৰিব। ইতিমধ্যে নিৰ্মাণৰ ৮৪ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে তিনিটা শৈক্ষিক বৰ্ষত প্ৰায় দুশগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু অহা এপ্রিল-মে' মাহত চতুর্থ শৈক্ষিক বৰ্ষৰ নামভৰ্তি হ'ব। অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখন চিকিৎসা সেৱাৰ উদ্দেশে মুকলি হোৱাৰ পিচত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা সেৱা খণ্ডৰ মানৰ আমূল পৰিবৰ্তন সাধন হ'ব। 
 
জনসাধাৰণে এই চিকিৎসা প্ৰতিষ্ঠানৰ অত্যধিক চিকিৎসা সেৱাৰ সকলো সুবিধা লাভ কৰিব। মুখ্যমন্ত্রীয়ে চিকিৎসা প্রতিষ্ঠানখনৰ ভৱনৰ সন্মুখত এটি টার্মিনেলিয়া ভাৰিগোটা গছপুলি ৰোপণ কৰে। উল্লেখ্য যে দ্রুতগতিত বাঢ়ি অহা এই আলংকৰিক বুক্ষজোপাই প্রতিষ্ঠানখনৰ সেউজ আৱৰণ বৃদ্ধিত সহায় কৰিব। আজিৰ এই পৰিদৰ্শন আৰু পৰ্যালোচনা বৈঠকত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক প্ৰমুখ্যে ৰাজ্য চৰকাৰ আৰু প্ৰতিষ্ঠানখনৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।