জি এম চি এইছ'ত সফলতাৰে সম্পন্ন ৰবটিক আঁঠু সংৰোপন

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
উত্তৰ-পূব ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতালত সফল 'ক্রুচিয়েট ৰিটেইনিং ৰবটিক টোটেল নী ৰিপ্লেচমেণ্ট'ৰ জৰিয়তে আজীৱন বিষমুক্তভাৱে খোজ কাঢ়িবলৈ সক্ষম কৰি তোলা হয় এগৰাকী ৫৪ বছৰীয়া ৰোগীক। এই অস্ত্রোপচাৰ সম্পন্ন কৰে দিল্লী এন চি আৰ, ফৰিদাবাদৰ ছেক্টৰ ৮ৰ সৰ্বোদয় হাস্পতালৰ বিশ্বৰ প্ৰথমটো চেণ্টাৰ ফৰ চি আৰ ৰবটিক নী ৰিপ্লেচমেণ্টৰ এইচ অ' ডি আৰু সঞ্চালক ডাঃ সুজয় ভট্টাচার্জীয়ে। 
 
কেইবামাহো ধৰি আঁঠুৰ তীব্র বিষত ভুগি আছিল স্থানীয় ৰোগীজন। তেওঁৰ খোজকঢ়া আৰু ঘৰুৱা মৌলিক কামবোৰ কৰাত অসুবিধা হোৱাত তেওঁক সোঁ আঁঠুত আঁঠু সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল। ২০,০০০ ৰো অধিক জইন্ট ৰিপ্লেচমেন্ট কৰাৰ অভিজ্ঞতাৰে পৃষ্ট সুজয় ভট্টাচার্জীয়ে বৈপ্লৱিক CUVIS জইন্ট ৰিপ্লেচমেণ্ট ৰবটৰসহায় লৈ এই অস্ত্রোপচাৰ কৰে। 
 
অস্ত্রোপচাৰৰ বিষয়ে ব্যাখ্যা কৰি ডাঃ সুজয়ে কয়, "ৰোগীজনৰ সোঁ আঁঠুৰ অৱনতি ঘটিছিল আৰু অস্ত্রোপচাৰ অত্যন্ত জৰুৰী আছিল আৰু সেয়েহে আমি ৰবটিক আঁঠু সলনি কৰাৰ সিদ্ধান্ত লওঁ। স্কেনিঙৰ পিচত অতি নিখুঁতভাৱে প্রয়োজনীয় হাড় কাটি ইমপ্লান্টৰ আকাৰ দি ৰবটটোত ভৰাই দিয়া হৈছিল, যাৰ ফলত ভুলৰ সম্ভাৱনা কম থাকে। আমি ৰোগীজনৰ পিচফালৰ আঁঠুৰ লিগামেন্ট (ক্রুচিয়েট) ধৰি ৰাখিবলৈ সক্ষম হওঁ, যিটো পৰম্পৰাগত পদ্ধতিৰে সম্ভৱ নাছিল।"
 
লিগামেন্ট সংৰক্ষণে ৰোগীক আঁঠুৰ দৰে স্বাভাৱিক অনুভৱ প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে পাহৰি যায় যে তেওঁলোকে আঁঠুৰ সংৰোপণৰ সৈতে জীয়াই আছে, যিটো ধাৰণাকে 'ফৰগটেন নী' বুলি কোৱা হয়। দিল্লী এন চি আৰ, ফৰিদাবাদৰ সৰ্বোদয় হাস্পতাল আছিল উত্তৰ ভাৰতৰ প্ৰথমখন চিকিৎসালয় যিয়ে বৈপ্লৱিক চি ইউ ভি আই এছ ৰবট আনিছিল আৰু এতিয়া চি আৰ ৰবটিক নী ৰিপ্লেচমেণ্টৰ দ্বাৰা ২,০০০ ৰো অধিক ৰোগীক সুস্থ কৰি তুলিছে।