দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৫০০ ৰো অধিক

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ১৫০০ৰো অধিক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে। যি ১৪৬ দিনৰ ভিতৰত সৰ্বাধিক আছিল। তথ্যত প্ৰকাশ পোৱা অনুসৰি, যোৱা ২৪ ঘন্টাত নতুনকৈ ক’ভিড১৯ত আক্ৰান্তৰ সংখ্যা হৈছে ১৫৯০ আৰু অৰোগ্যৰ সংখ্যা ৯১০ জন। ভাৰতৰ সক্ৰিয় সংক্ৰমণৰ সংখ্যা ৮,৬০১। 
 
মুঠ মৃত্যুৰ সংখ্যা ৫,৩০,৮২৪ লৈ বৃদ্ধি পাইছে আৰু নতুনকৈ ছয়জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ ৩ জন আৰু কৰ্ণাটক, ৰাজস্থান আৰু উত্তৰাখণ্ডৰ ১ জনকৈ লোকৰ মৃত্যু হৈছে। একে সময়ছোৱাত দৈনিক পজিটিভিটিৰ হাৰ ১.৩৩ শতাংশ হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ১.২৩ শতাংশ। ভাৰতৰ সামগ্ৰিক ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪,৪৭,০২,২৫৭ লৈ বৃদ্ধি পাইছে আৰু মুঠ সক্ৰিয় ৰোগীৰ হাৰ ০.০২ শতাংশ। 
 
স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰকাশ পোৱা তথ্য অনুসৰি মুঠ আৰোগ্যৰ হাৰ ৪,৪১,৬২,৮৩২ লৈ বৃদ্ধি পোৱাৰ লগে লগে আৰোগ্যৰ হাৰ ৯৮.৭৯ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। এতিয়ালৈ দেশত ২২০.৬৫ কোটি ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।