২০ বছৰৰ মূৰত বিশ্বই সন্মুখীন হৈছে সৰ্ববৃহৎ কলেৰা সংক্ৰমণ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
লণ্ডন

অর্থনৈতিক সংকট, জলবায়ু পৰিৱর্তন আৰু কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰতিকূল পৰিৱেশৰ পৰিণতিৰ ফলত সম্প্ৰতি বিশ্বৰ কেইবাখনো দেশত কলেৰা ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে৷
 
দীৰ্ঘদিন ধৰি দৰিদ্ৰতা, অপৰ্যাপ্ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দুৰ্বল অনাময় ব্যৱস্থাৰ সৈতে জড়িত পানীজনিত সংক্ৰমণে শেহতীয়াকৈ বিশ্বৰ কমেও ৩০খন দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰে কেইবাখনো দেশত বছৰ বছৰ ধৰি এই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা পোৱা হোৱা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে দক্ষিণ আফ্ৰিকাত বানপানীৰ ফলত প্ৰাদুৰ্ভাৱ অধিক বৃদ্ধি হোৱাৰ আশংকা আছে। অৱশ্যে, দেশখনত সাপ্তাহিক সংক্ৰমণৰ ঘটনা ক্ৰমশঃ হ্ৰাস হোৱা দেখা গৈছে।
 
বিশ্ব স্বাস্থ্য সংস্থাৰ কলেৰা জৰুৰীকালীন গোটক  নেতৃত্ব দিয়া ফিলিপ বাৰবোজাই কৈছে যে এই বছৰৰ প্ৰাদুৰ্ভাৱক অতীতৰ সৈতে তুলনা কৰাটো কঠিন যদিও যোৱা দুটা দশকৰ ভিতৰত এয়া আটাইতকৈ ডাঙৰ কলেৰা সংক্ৰমণৰ ঘটনা। তেওঁ কয়, "মই ক'ব বিচাৰো যে এই বৃহৎ প্ৰাদুৰ্ভাৱ বিশ্বৰ বহুকেইখন দেশত একে সময়তে সংঘটিত হৈছে, আমি কমেও ২০ বছৰত এই ধৰণৰ সংক্ৰমণ দেখা নাই।"
 
যোৱা তিনি বছৰত কোভিডৰ সংক্ৰমণৰ ফলত বিশ্বৰ প্ৰায় সকলো দেশত নিয়মীয়া স্বাস্থ্য সেৱাসমূহ বন্ধ হৈ যোৱাত কলেৰাৰ দৰে ৰোগে মূৰ দাঙি উঠিছে বুলি তেওঁ আশংকা ব্যক্ত কৰে। 
১৯৭০ ৰ দশকত ৰেকৰ্ড আৰম্ভ হোৱাৰ পিছৰে পৰা মালাৱী নামৰ দেশখন কলেৰাৰদ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ ফলত ফেব্ৰুৱাৰীৰ শেষলৈ ১,৫৬৪ জন লোকৰ মৃত্যু হোৱা দেখা গৈছে।
 
প্ৰতিবেদন অনুসৰি, মোজাম্বিকত ২০২২ চনৰ ডিচেম্বৰৰ পৰা কলেৰা সংক্ৰমণৰ ঘটনাবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু পাঁচ বছৰতকৈ অধিক সময় ধৰি দেখা নোপোৱা অঞ্চলবোৰত এই ঘটনাবোৰ বৃদ্ধি পাইছে। বাৰবোজাই কৈছে যে জলবায়ু পৰিৱৰ্তনে এই সমস্যা অধিক বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে।