দেশত ক’ভিডসদৃশ দুই নতুন ভাইৰাছত আক্ৰান্ত হৈ শিশুৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

দেশত ক’ভিডসদৃশ দুই নতুন ভাইৰাছে পুনৰ আতংকৰ সৃষ্টি কৰিছে। ইয়াৰে এটা ভাইৰাছ হ'ল এইচ-৩ এন-২ আৰু আনটো হ'ল এডেন' ভাইৰাছ। দেশৰ বিভিন্ন প্ৰান্তত এইচ-৩ এন-২ ভাইৰাছৰ সংক্রমণ ঘটাৰ বিপৰীতে  মহামাৰীৰ ৰূপত দেখা দিছে এডেন' ভাইৰাছে।  

 

পশ্চিমবংগৰ বহু শিশু আক্রান্ত হৈছে এডেন' ভাইৰাছত। ইফালে এইচ-৩ এন-২ ভাইৰাছবিধক লৈ উদ্বিগ্ন হৈ পৰিছে আই চি এম আৰ। কিয়নো দিল্লী, পঞ্জাব, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যত বহু লোক আক্ৰান্ত হৈছে এইচ-৩ এন-২ ভাইৰাছত।

 

বিগত ২৪ ঘণ্টাত এই ভাইৰাছত আক্ৰান্ত হৈ পশ্চিমবংগত দুটি শিশুৰ মৃত্যু হৈছে। অসমত এইপর্যন্ত এই ভাইবাছত আক্ৰান্ত হোৱাৰ তথ্য নাই বুলি উল্লেখ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

 

ডাঃ শৰ্মাই জনোৱামতে এইচ-৩ এন-২ ভাইৰাছত আক্ৰান্ত হোৱা লোকে দীঘলীয়া সময় কাহৰ লগতে চৰ্দি-জ্বৰত ভোগে। বমি, ডায়েৰিয়াও হ'ব পাৰে। তিনি সপ্তাহলৈকে ৰোগীৰ কাহ থাকে। প্ৰদূষণ বেছি হ'লে বা শুকান বতৰতো বেছিকৈ সংক্রমণ হয় এই ভাইৰাছবিধৰ। গাহৰি, চৰাই আদিৰ পৰা বিয়পা এই ভাইৰাছত শিশু, বয়সস্থ লোক আৰু কৰ্কট ৰোগী বেছিকৈ আক্ৰান্ত হয়। ইফালে দেশৰ ভিন্ন প্রান্তত দেখা দিয়া এইচ-৩ এন-২ ভাইৰাছবিধক লৈ ভাৰতীয় চিকিৎসা গবেষণা পৰিষদে কালি দেশত সতর্কতা জাৰি কৰিছে।

 

আই চি এম আৰৰ মতে এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীয়ে চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ কোনো ঔষধ সেৱন কৰিব নালাগে। বিশেষকৈ এণ্টিবায়টিক ব্যৱহাৰ কৰিব নালাগে ৰোগীয়ে। অন্যথা ৰোগীৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। আই চি এম আৰে এই ইনফ্লুৱেঞ্জাৰ পৰা ৰক্ষা পোৱাৰ বাবে সঘনাই চাবোনেৰে হাত ধোৱাৰ লগতে মাস্ক ব্যৱহাৰ আৰু জনাকীর্ণ এলেকা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।

 

আনহাতে পশ্চিমবংগত সম্প্রতি মহামাৰী ৰূপত দেখা দিয়া এডেন' ভাইৰাছ অসমত এইপর্যন্ত ধৰা পৰাৰ কোনো তথ্য নাই বুলি জানিবলৈ দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত কুমাৰ বৈশ্যই।

 

ডাঃ বৈশাই জনোৱামতে এডেন' ভাইৰাছবিধ পশ্চিমবংগতহে দেখা দিছে। অসমত এডেন' ভাইৰাছে দেখা দিছে নে নাই সেই সন্দৰ্ভত কিছু নমুনা পৰীক্ষা কৰিবলৈ দিয়া হৈছে। আজি বা কালিৰ ভিতৰত ইয়াৰ ফলাফল আহিব আৰু তেতিয়াহে ক'ব পৰা যাব। গতিকে এইচ-৩ এন-২ আৰু এডেন' ভাইৰাছত অসমৰ কোনো লোক এইপর্যন্ত আক্রান্ত হোৱা বুলি ক'ব নোৱাৰি।