১৬ বছৰৰ পিছত ২০২৭ ৰ ১ মাৰ্চৰ পৰা দেশত আৰম্ভ হ’ব জনগণনা

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ভাৰতত ২০২৭ চনত আৰম্ভ হ’ব জনগণনা। এই বছৰৰ ১ মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। কিন্তু লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ হিমালয় আবৃত্ত কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্যখনৰ বিস্তীৰ্ণ এলাকা সেই সময়ত তুষাৰাবৃত্ত হৈ থাকিব।
 
সেয়েহে সেই অঞ্চলবোৰত ২০২৬ৰ অক্টোবৰৰ পৰাই আৰম্ভ হ’ব জনগণনাৰ কাম। চৰকাৰী সূত্ৰৰ উল্লেখ কৰি সংবাদ প্ৰতিষ্ঠান পিটিআয়ে বুধবাৰে এই কথা জনাইছে।
 
চৰকাৰী নিয়ম অনুসৰি, ১০ বছৰৰ মূৰে মূৰে জনগণনা হ’ব লাগে। অন্তিমবাৰ জনগণনা হৈছিল ২০১১ চনত। সেই হিচাপত ২০২১ চনত নতুন জনগণনা হোৱাৰ কথা আছিল। কেন্দ্ৰৰ দাবী, কোৰোণা পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহ’ল। অৱশ্যে ২০১৯ চনত সংশোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পিছত দেশজুৰি সৃষ্টি হোৱা উত্তেজনাৰ বাবে সেই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তৎপৰতা নেদেখুৱালে বুলি অভিযোগ উঠিছে।
 
তেতিয়াৰে পৰা এতিয়াও থমকি ৰৈছে জনগণনা। পাঁচ বছৰ ধৰি জনদণনা প্ৰক্ৰিয়া থমকি থকাৰ পিছত অৱশেষত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। এয়া হ’ব মোদী চৰকাৰৰ কাৰ্যকালৰ প্ৰথম জনগণনা। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনাইছে, দুটা পৰ্যায়ত শেষ হ’ব সমগ্ৰ প্ৰক্ৰিয়া।
 
উল্লেখযোগ্য যে বিগত মাহত জনগণনাৰ লগতে জাতি গণনাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। প্ৰশ্নোত্তৰৰ ভিত্তিত জাতি আৰু জনগোষ্ঠী সম্পৰ্কীয় বিভিন্ন তথ্যও এইবাৰৰ জনগণনা পৰ্বত সংগ্ৰহ কৰা হ’ব বুলি দাবী সূত্ৰৰ। ২০২৮ চনত সন্মুখলৈ আহিব পাৰে এই সংক্ৰান্তীয় তথ্য। বৰ্তমান দেশৰ জনগণনা কমিচনাৰ পদত আছে মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ। বিগত বৰ্ষত তেওঁৰ কাৰ্যকালৰ ম্যাদ ২০২৬ৰ আগষ্ট মাহ পৰ্যন্ত বৃদ্ধি কৰিছিল মোদী চৰকাৰে।