আৱাজ-দ্য ভইচ ব্যুৰ'
গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ঘটনা। বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত বিমানখন। বিমানখনত আছিল ২৪৪ গৰাকী যাত্রী। প্ৰাৰম্ভিক পৰ্যায়ত ১৫০ৰো অধিক যাত্ৰী মৃত্যুৰ আশংকা কৰা হৈছে।
ইতিমধ্যে বিমান বন্দৰলৈ যোৱা প্রতিটো পথ বন্ধ কৰিছে প্রশাসনে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী আছিল বিমানখন। উৰণৰ কিছু সময় পিছতেই দুৰ্ঘটনাগ্রস্ত হয় বিমানখন। এটা অট্টালিকাত খুন্দা মাৰে বিমানখনে।
উল্লেখযোগ্য যে, উদ্ধাৰ কাৰ্যৰ সহায়ক হোৱাকৈ সন্ধিয়া ৫ বজালৈকে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটোৰ সকলো প্ৰৱেশ পথ।
ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা বিমানখনৰ সকলো যাত্ৰীৰ পৰিচয় বিচাৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ফোন যোগে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীৰ সৈতেও কথা পাতিছে মোদীয়ে। ইফালে সন্ধিয়া ৫ বজালৈ বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটো।
শেহতীয়াকৈ বিমান কৰ্তৃপক্ষই সদৰি কৰিছে যে, বিমানখনত মুঠ লোকৰ সংখ্যা আছিল ২৪২গৰাকী। ইয়াৰে ২৩২গৰাকী যাত্ৰী, ২গৰাকী পাইলট আৰু ১০গৰাকী কেবিন ক্ৰুৰ সদস্য।
ইতিমধ্যে ঘটনাস্থলীত তীব্ৰগতিত উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতীয় সেনাই উদ্ধাৰ অভিযানত নামিছে। আনহাতে প্ৰশাসনে বিমান বন্দৰলৈ যোৱা সকলো পথ বন্ধ কৰি দিছে। ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে।
আহত সকলক চিকিতসাৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও যাত্ৰী হিচাপে থকাৰ আশংকা কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই বিমান কৰ্তৃপক্ষই।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক নিৰ্দেশ। ফোনযোগে এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
'আমি বিমানখন পৰিচালনা কৰাত অসুবিধা পাইছো। হয়তো কিছু বিসংগতি হৈছে- আহমেদাবাদৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখনৰ দুই পাইলটে কট্ৰ্ল ৰূমলৈ পঠাইছিল এই বাৰ্তা। কিন্তু এই বাৰ্তা পোৱাৰ প্ৰায় ৫ মিনিটৰ ভিতৰতে ভূপতিত হয় বিমানখন।
শেহতীয়াকৈ এই কথা বিমান কৰ্তৃপক্ষই ৰাজহুৱা কৰা তথ্য অনুসৰি বিমানখনৰ কমাণ্ড কেপ্তেইন সুমিত সভাৰৱালৰ সৈতে ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ আছিল পৰিচালনাৰ দায়িত্বত। পাইলট দুইগৰাকী আছিল যথেষ্ট অভিজ্ঞ। কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে। সহ-পাইলট ক্লাইভ কুণ্ডাৰৰো ১১০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে বুলি কোৱা হৈছে।