নতুন দিল্লী
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান দুৰ্ঘটনা সন্দৰ্ভত এক প্ৰাৰম্ভিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দুৰ্ঘটনাৰ পূৰ্বে পাইলটসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। প্ৰতিবেদনত পাইলটসকলৰ মাজত “চেলেঞ্জ-এণ্ড-ৰেচপন্স ডাইনামিক”ৰ কথা উল্লেখ কৰা হৈছে, যিয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কি কৰিব সেই বিষয়ে নিশ্চিত নাছিল।
প্ৰতিবেদনত বিমানখনৰ ইঞ্জিনৰ বাবে অতি গুৰুত্বপূৰ্ণ ইন্ধন নিয়ন্ত্ৰণ চুইচৰ বিষয়ে কোৱা হৈছে। প্ৰাক্তন ফ্লাইট অপাৰেচন ইন্সপেক্টৰ কেপ্তেইন প্ৰশান্ত ধল্লাই কয় যে এই প্ৰতিবেদনে পাইলটসকলৰ মাজত “বিভ্ৰান্তিৰ অৱস্থা”ৰ কথা প্ৰকাশ কৰিছে।
অৱশ্যে, ভাৰতীয় পাইলট ফেডাৰেশ্যনৰ অধ্যক্ষ কেপ্টেইন চিএছ ৰন্ধাৱাই সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সৈতে একমত নহয়। একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যে পাইলটগৰাকীয়ে ইচ্ছাকৃতভাৱে ইঞ্জিনত ইন্ধন যোগান বন্ধ কৰিছিল। ৰন্ধাৱাই কয় যে প্ৰতিবেদনত এই বিষয়ে উল্লেখ নাই আৰু তেওঁ এই কথাষাৰ তেওঁ নিন্দা কৰিছে, আৰু কৈছে যে ই প্ৰতিবেদনৰ ভুল ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে।
যোৱা ১২ জুনত আহমেদাবাদত ভাৰতৰ ইতিহাসৰ আটাইতকৈ বৃহৎ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছিল। য'ত যাত্ৰী, কৰ্মচাৰী আৰু পাইলটকে ধৰি ২৬০ জন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ এতিয়াও তদন্ত চলি আছে।