ইম্ফল
মণিপুৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে, ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ খবৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ নাই।
যদিহে নিশ্চিত হয়, তেন্তে দুবছৰতকৈও অধিক পূৰ্বে জাতিগত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো মণিপুৰ ভ্ৰমণ।
মিজোৰামত নিজৰ নিৰ্ধাৰিত কাৰ্যসূচীক মণিপুৰ ভ্ৰমণৰ সৈতে সংযুক্ত কৰিব পাৰে বুলি সংবাদ মাধ্যমৰ এটা অংশই মোদীৰ এই ভ্ৰমণ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে অহা ১২ ছেপ্টেম্বৰত মিজোৰামত উপস্থিত হৈ পিছদিনা বৈৰাবি-ছৈৰাং ৰে’লপথ উদ্বোধন কৰিব।
অৱশ্যে ইম্ফলৰ ৰাজ্যিক বিষয়াসকলে কয় যে, কেন্দ্রৰ পৰা মণিপুৰৰ সম্ভাৱ্য ভ্ৰমণ কৰাৰ কোনো যোগাযোগ লাভ কৰা হোৱা নাই৷ এজন জ্যেষ্ঠ বিষয়াই কয়, "নাই, কেন্দ্ৰৰ পৰা এতিয়ালৈকে আমাৰ হাতত কোনো আনুষ্ঠানিক নিশ্চয়তা নাই যে, ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰিব।"
মণিপুৰৰ অকলশৰীয়া ৰাজ্যসভাৰ সাংসদ বিজেপিৰ লেইচেম্বা সনাজাওবাইও কয় যে, তেওঁৰ হাতত মোডীৰ আগমনৰ কোনো তথ্য নাই। ইম্ফলত অনুষ্ঠিত এক কাৰ্যসূচীৰ আঁৰত সাংবাদিকৰ আগত তেওঁ কয়, ‘ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব বুলি সংবাদ মাধ্যমৰ বাতৰিও লক্ষ্য কৰিছো। অৱশ্যে সেই সন্দৰ্ভত এতিয়ালৈকে আমাৰ হাতত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ নাই।
২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছৰে পৰা মোদীক মণিপুৰ ভ্ৰমণ নকৰাৰ বাবে বিৰোধীয়ে বাৰে বাৰে সমালোচনা কৰি আহিছে। এই সংঘৰ্ষত কমেও ২৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক স্থানচ্যুত হোৱাৰ ফলত ৰাজ্যখনত গভীৰ ৰাজনৈতিক আৰু মানৱীয় সংকটৰ সৃষ্টি হৈছে।