'জুবিন গাৰ্গৰ স্থায়ী সমাধিক্ষেত্ৰ নির্মাণৰ পৰিকল্পনা সমিতি গঠন; নৱেম্বৰৰ ভিতৰত দাখিল হ'ব SIT ৰ প্ৰতিবেদন'

Story by  atv | Posted by  [email protected] • 1 Months ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় আৰু সমাধিস্থলীকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জুবিন গাৰ্গৰ সমাধি স্থায়ীভাবে নির্মাণৰ বাবে পৰিকল্পনা সমিতি গঠন কৰিছে অসম চৰকাৰে। লগতে নৱেম্বৰ মাহৰ ভিতৰতে এছআইটি ৰিপ'ৰ্ট দাখিল কৰিব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই।
 
জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে গঠন কৰা পৰিকল্পনা সমিতিখনত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, তৰালি শৰ্মা, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, শ্যামন্তক গৌতম, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি কেইবাজনো লোক।
লগতে বীৰেণ সিংহ, পুলক বেনাৰ্জীৰ দৰে বিশিষ্ট শিল্পীকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।
 
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱেম্বৰ মাহৰ ভিতৰতে দাখিল কৰা হ’ব চাৰ্জশ্বিট। লগতে ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে জুবিনৰ ন্যায় বিচাৰ কৰা হ’ব। এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চোৱা- চিতাৰ বাবে চৰকাৰী অধিবক্তা নিয়োগৰ কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
 
জুবিন গাৰ্গৰ সমাধিস্থলী
 
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব চি আই ডিৰ মুৰব্বী তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা। এই কথা সামাজিক মাধ্যমৰ যোগেদি অৱগত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ২০ অক্টোবৰত তেওঁ ছিংগাপুৰলৈ যাব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব।
 
সামাজিক মাধ্যমৰ পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে যে- “আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছোঁ ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ (SIT) মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব। আমাৰ ঐক্যবদ্ধ সংকল্প জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব।”
ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা মুহূৰ্তত অগ্নিগৰ্ভা পৰিস্থিতিৰ হৈছিল। একাংশ প্ৰতিবাদকাৰীয়ে অভিযুক্ত কঢ়িয়াই নিয়া বাহনত শিলগুটি নিক্ষেপ কৰিছিল। সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰশাসনে বাক্সাত ১৬৩ ধাৰা জাৰি কৰি সমাৱেশত নিষেধাজ্ঞা দিয়াৰ লগতে জিলাখনত সাময়িকভাৱে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল।
 
এই শিলাবৰ্ষণত আহত হয় ১০ জনকৈ সাংবাদিক, কেইবাগৰাকীও আৰক্ষীৰ লোক। উত্তেজিত লোকে জ্বলাই দিয়ে এটা টিভি চেনেলৰ এখন গাড়ী। পৰিস্থিতি এনে হয়গৈ আৰক্ষীয়ে লাঠিচালনাৰ লগতে শূন্যলৈ গুলীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়। তথাপিতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহাত শান্তি আৰু ৰাজহুৱা শৃংখলা বজাই ৰখাৰ উদ্দেশ্যৰে বি এন এছ এছৰ অধীনত ১৬৩ ধাৰা জাৰি কৰে৷ লগতে ইণ্টাৰনেট আৰু টেলিকম সেৱা ৰদ ঘোষণা কৰে।
 
তাৰোপৰি বাক্সাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলিচলনা কৰিবলগীয়া হৈছিল। ফলত দুজন যুৱক গুলিবিদ্ধ হৈ চাংচাৰীস্থিত এইমছ চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জনোৱা মতে দুয়োগৰাকী যুৱকৰ স্বাস্থ্য উন্নত হৈছে। ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হৈছিল।