নতুন দিল্লী
আজি ভাৰতীয় নৌসেনা দিৱস। প্ৰতি বছৰে ৪ ডিচেম্বৰৰ দিনটো ভাৰতীয় নৌসেনা দিৱস হিচাপে পালন কৰা হয়। ১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌসেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌসেনা দিৱস। এই দিৱসত নৌসেনাৰ বীৰ শ্বহীদসকলক স্মৰণ কৰা হয়।
আজি ভাৰতীয় নৌসেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৌসেনাৰ সকলো বিষয়া-জোৱান, কৰ্মীলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় নৌসেনা ব্যতিক্ৰমী সাহসৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভাৰতীয় নৌসেনাই আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় নৌসেনা প্ৰতিষ্ঠা কৰিছিল। ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে ৩ ডিচেম্বৰত ভাৰতীয় বিমানবন্দৰত আক্ৰমণ চলায়। পাকিস্তানৰ আগ্ৰাসী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় নৌসেনাই ৪ আৰু ৫ ডিচেম্বৰৰ নিশা আক্ৰমণৰ পৰিকল্পনা কৰিছিল, কিয়নো পাকিস্তানৰ হাতত বোমাবৰ্ষণ কৰিবলৈ বিমান নাছিল।
এই আক্ৰমণৰ সময়ত শ শ পাকিস্তানী নৌসেনাৰ জোৱান নিহত হয়। ভাৰতীয় নৌসেনাৰ সমগ্ৰ অভিযানৰ নেতৃত্ব দিছিল কমোডৰ কাছাৰগোড পট্টানশ্বেট্টী গোপাল ৰাৱে। পাকিস্তানক তেতিয়া যোগ্যপ্ৰত্যুত্তৰ দিয়াৰ বাবে আৰম্ভ কৰা হৈছিল 'অপাৰেচন ট্ৰাইডেণ্ট'। এই অভিযানত লক্ষ্য কৰি লোৱা হৈছিল পাকিস্তানৰ নৌসেনাৰ কৰাছীস্থিত মুখ্য কাৰ্যালয়।
এই অভিযান চলাই ভাৰতীয় নৌসেনাৰ এখন মিছাইল নাও আৰু দুখন যুদ্ধ-পোটৰ এটা দলে কৰাছীৰ সাগৰীয় পাৰত থকা জাহাজসমূহত আক্ৰমণ চলাইছিল। এই যুদ্ধতে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছিল এণ্টি ছীপ মিছাইল। ভাৰতীয় নৌসেনাৰ এই আক্ৰমণত পাকিস্তান সেনাৰ বহু কেইখন জাহাজ ধ্বংস হয়।
১৯৭২ চনৰ মে’ মাহত অনুষ্ঠিত হোৱা জ্যেষ্ঠ নৌসেনা বিষয়া সন্মিলনত ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনাৰ প্ৰচেষ্টা আৰু সাফল্যক স্বীকৃতি দিবলৈ ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হয়।