গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে, ৰাজ্য চৰকাৰে বৰ্তমানৰ অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰি দুৰ্বল অঞ্চলত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে অধিক সুলভ কৰি তুলিছে।
সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, এইটো সীমিত সময়ৰ পদক্ষেপ নহয়। ই কেৱল ২০২৫ চনৰ ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে নহয়। পৰ্টেলটোত যিকোনো ব্যক্তিয়ে, যিকোনো সময়তে, অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ কোনোবা এটা সময়ত তেওঁ নিজৰ সময়সূচী অনুসৰি অনলাইন প্লেটফৰ্মটো উদ্বোধন কৰিব।
মুখ্যমন্ত্ৰীয়ে জোৰ দি কয় যে জনসাধাৰণৰ সুবিধাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়াও মানুহে অফলাইন চেনেলৰ জৰিয়তে অস্ত্ৰৰ আবেদন আৰু অনুজ্ঞাপত্ৰৰ লাভ কৰি আহিছে। আমি যি কৰিছো সেয়া হৈছে প্ৰক্ৰিয়াটো সৰল কৰি তোলা। এইটো আমি মুকলি কৰা সেৱা সেতুৰ পৰ্টেলৰ দৰে একে।
মুকলি কৰাৰ পিছত পৰ্টেলৰ জৰিয়তে দাখিল কৰা আৱেদনসমূহ নিজ নিজ উপ-আয়ুক্তৰ দ্বাৰা পৰীক্ষা কৰা হ’ব। যদি আবেদনকাৰীক যোগ্য বুলি বিবেচিত হয়, তেন্তে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় কয় যে, যিসকলে ভাবুকি বা নিৰাপত্তাহীনতা অনুভৱ কৰে তেওঁলোকেও বৰ্তমানৰ ব্যৱস্থা অনুসৰি ভৌতিক নথি-পত্ৰ জমা দি আবেদন কৰিব পাৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এয়া নতুন ঘোষণা বা নতুন নীতি নহয়। আবেদন কৰাৰ অধিকাৰ সদায় আছিল। আমি মাত্ৰ ইয়াক সহজ আৰু অধিক গাঁথনিগত কৰি তুলিছো, বিশেষকৈ খিলঞ্জীয়া পটভূমিৰ যিসকল বিপদত পৰিব পাৰে তেওঁলোকৰ বাবে।"