অৰুণাচল প্ৰদেশৰ ডিৰাঙত প্ৰচণ্ড ভূমিস্খলন; বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা

Story by  atv | Posted by  [email protected] • 14 h ago
অৰুণাচল প্ৰদেশৰ ডিৰাঙত প্ৰচণ্ড ভূমিস্খলন
অৰুণাচল প্ৰদেশৰ ডিৰাঙত প্ৰচণ্ড ভূমিস্খলন
 
গুৱাহাটী
 
অৰুণাচল প্ৰদেশৰ ডিৰাঙত প্ৰচণ্ড ভূমিস্খলন। পাহাৰৰ প্ৰকাণ্ড শিল বাগৰি পৰে গাড়ীত, অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে চালক আৰু যাত্ৰীৰ। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাঙত ভয়ংকৰ ভূমিস্খলন। দেওবাৰৰ পৰা পদ্মা হোটেলৰ পৰা তিনি ঠাইত এই ভূমিস্খলন আৰম্ভ হয় যদিও সোমবাৰে পুৱাৰ পৰা অধিক মাত্ৰাত ভূমিস্খলন সংঘটিত হয়।
 
ভূমিস্খলনৰ ফলত টাৱাং, ভালুকপুঙৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । প্ৰথমে এখন জিপচী গাড়ীৰ ওপৰত প্রকাণ্ড শিল বাগৰি পৰে, তাৰ পিছতে এখন বলে'ৰ গাড়ীৰ চালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিল পৰে। পদ্মা আৰু চেপাৰৰ মাজৰ কেবাটাও ঠাইত এই ভূমিস্খলন সংঘটিত হয়।
 
যাৰবাবে পুৱা টাৱাঙৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰা সকলো যানবাহন পুনৰ টাৱাঙলৈ উভতি যায়। পাহাৰ শিল খহি অহাৰ ফলত ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ যাতায়তৰ বাবে বন্ধ হৈ পৰে।
 
বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছন প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়েৰ সঞ্জীত সিঙে সংবাদ মাধ্যমক জনায় যে, "আজি দিনৰ ১২.৩০ বজাৰ পৰা এই ভূমিস্খলন অত্যধিক হয় যদিও আমাৰ বৰ্ডাৰ ৰোডছৰ বিষয়া কৰ্মচাৰীয়ে যোৱা নিশাৰ পৰা পথৰ সুৰক্ষাৰ কামত ব্যস্ত আছে । আজিও ভূমিস্খলনৰ ফলত পথত আৱদ্ধ হৈ থকা মাটি আৰু শিল সমূহ আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও পাহাৰৰ পৰা অত্যধিক ভূমিস্খলন হৈ আছে।"
 
ভালুকপং চাৰিদুৱাৰ টাৱাং ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ টিপি চেঁচা আৰু নাগ মন্দিৰৰ ওচৰত সঘনাই ভূমিস্খলন সংঘটিত হয়। এই পথ সেনাবাহিনীৰ আৰু বিভিন্ন সুৰক্ষা বাহিনীৰ এক জীৱন ৰেখা কিয়নো তেজপুৰ আৰু অন্যান্য অঞ্চলৰ পৰা টাৱাং লৈ যোৱা ই একমাত্ৰ পথ । এই পথৰ বাহিৰেও বমদিলা আৰু ডিৰাং চহৰত উপস্থিত হ'বলৈ ওৰাঙৰ পৰা কালেকতং হৈ যাবলৈ সুবিধা আছে। কিন্তু টাৱাঙত উপস্থিত হ'বলৈ ডিৰাং চহৰ পাৰ হৈ এই স্থান অতিক্ৰম নকৰাকৈ কোনো অন্য পথ নাই। বিশেষকৈ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৰ তথা ভাৰত-ভূটানৰ সীমান্তৰ টাৱাং জিলাৰ ই এক গুৰুত্বপূৰ্ণ পথ।