জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ২ ব্যক্তিগত নিৰাপত্তা বিষয়াক গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য
জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য
 
গুৱাহাটী
 
শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তা বিষয়াক তেওঁৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিছে। 
 
নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য নামৰ বিষয়া দুজনক কেইবাদিনো ধৰি সোধা-পোছাৰ অন্তত জিম্মাত লোৱা হয়। ইয়াৰ পূৰ্বে দুয়োকে ব্যক্তিগত বেংক একাউণ্টত বৃহৎ, অস্পষ্ট আৰ্থিক লেনদেনৰ কথা প্ৰকাশ পোৱাৰ পিছতে অসম আৰক্ষীয়ে দুয়োগৰাকীকে নিলম্বন কৰিছিল। 
 
তদন্তকাৰীয়ে লোক দুজনৰ সৈতে জড়িত লেনদেনত ১.১ কোটি টকাৰো অধিক ধন উদ্ধাৰ কৰিছে। দলটোৱে বৰাৰ একাউণ্টত ৭০ লাখ টকা, আৰু বৈশ্যৰ একাউণ্টত প্ৰায় ৪০-৪৫ লাখ টকা। আৰক্ষীয়ে কয় যে, দুয়োটা ধনৰাশি তেওঁলোকৰ জনা আয়ৰ উৎসৰ বহু ওপৰত আছিল।
 
সূত্ৰই প্ৰকাশ কৰা অনুসৰি জুবিনে পি এছ অ’ৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি নিজৰ ধন জমা আৰু বিতৰণ কৰিছিল, যাৰ বহুখিনি তেওঁ দাতব্য কামত ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে। আজি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে যোৱা কেইটামান সপ্তাহত দুয়োজন বিষয়াক এছ আই টিয়ে বাৰে বাৰে জেৰা কৰিছিল।  
 
বৰা আৰু বৈশ্য দুয়োজনেই জুবিনৰ লগত কেইবাবছৰ ধৰি আছিল। প্ৰায় এদশক পূৰ্বে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফাৰ পৰা কণ্ঠশিল্পীগৰাকীয়ে মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতে অসম আৰক্ষীয়ে তেওঁলোকক শিল্পীগৰাকীৰ সৈতে সংলগ্ন কৰিছিল। 
 
তদন্তৰ অধীনত থকা বিত্তীয় লেনদেনসমূহ যোৱা চাৰি-পাঁচ বছৰত সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে, যাৰ বাবে জুবিনৰ ব্যক্তিগত সুৰক্ষা কৰ্মচাৰীসকল তেওঁৰ বিত্তীয় লেনদেনত কিমান ঘনিষ্ঠভাৱে জড়িত আছিল সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।
 
জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বৃহস্পতিবাৰে কয় যে, জুবিনে সঁচাকৈয়ে তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত কিছু ধন অৰ্পণ কৰিছিল যদিও সেয়া আনৰ উপকাৰৰ কাৰণত আছিল। জুবিনে তেওঁ কৰা সামাজিক কামৰ বাবে পিএছঅ’সকলক কিছু টকা দিছিল। তদন্ত চলি আছে। পি এছ অ’সকলৰ হাতত সকলো বেংক ষ্টেটমেণ্ট থাকে, আৰু তেওঁলোকে বিভিন্ন লেনদেনৰ বিষয়ে ডায়েৰীও ৰাখিছিল।