ৰাম মন্দিৰৰ ধৰ্ম ধ্বজা অনুষ্ঠানঃ ১০০ টন ফুলেৰে সজাই পৰাই তোলা হৈছে অযোধ্যাক

Story by  atv | Posted by  [email protected] • 9 h ago
১০০ টন ফুলেৰে সজাই পৰাই তোলা হৈছে অযোধ্যাক
১০০ টন ফুলেৰে সজাই পৰাই তোলা হৈছে অযোধ্যাক
 
অযোধ্যা
 
এক বৃহৎ আৰু ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু কৰি তোলা হৈছে অযোধ্যাক। ২৫ নৱেম্বৰত শ্ৰীৰাম জন্মভূমি মন্দিৰৰ গৰ্ভগৃহত এক বিশেষ পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত হ’ব। মূল মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
 
এই উপলক্ষে সমগ্ৰ চহৰখনৰ লগতে মন্দিৰৰ চৌহদটো ফুলেৰে সজাই তোলা হৈছে। প্ৰায় ১০০ টন ফুলেৰে অযোধ্যাক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু ইয়াৰ ফলত সমগ্ৰ মন্দিৰ চৌহদটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
 
মন্দিৰৰ এজন পুৰোহিতে ANIক জনোৱা মতে, প্ৰস্তুতি পূৰ্ণ গতিৰে চলি আছে। তেওঁ কয়, “ফুল ভগৱান ৰামৰ অতি প্ৰিয়, সেয়ে ফুলৰ দ্বাৰাই ইয়াক সজোৱা হৈছে। আজি অযোধ্যা নাৰ্জি আৰু অন্যান্য ফুলেৰে জিলিকি আছে। ভগৱান গণেশ আৰু ভগৱান ৰামৰ বাবে নাৰ্জি ফুলক আগ স্থান দিয়া হৈছে।”
 
সাজ-সজ্জাৰ কামৰ লগত জড়িত শ্ৰমিকসকলে এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হ’বলৈ পাই নিজকে ধন্য বুলি প্ৰকাশ কৰিছে। “ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, এতিয়া এই সময় ধ্বজ্জা অনুষ্ঠানৰ। ২৫ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ইয়ালৈ আহিব। ইয়াত বহু প্ৰকাৰৰ ফুল ব্যৱহাৰ কৰা হৈছে। এই অনুষ্ঠানত আমি সন্তসকলৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিছো।”- এজন শ্ৰমিকে আনন্দেৰে প্ৰকাশ কৰে। 
 
আন এজন কৰ্মীয়ে অনুভৱ ব্যক্ত কৰি কয়, “প্ৰভু ৰামৰ দৰ্শন পাই আমি নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰিছো। যোৱা তিনিদিন ধৰি আমি দিনে-নিশাই কাম কৰি আছো আৰু ফুলেৰে সজোৱাত ইয়াক বৰ ধুনীয়া দেখা গৈছে।”
 
মুখ্যমন্ত্রীৰ কার্যালয়ৰ তথ্য অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মন্দিৰৰ ওপৰত গেৰুৱা পতাকা উত্তোলন কৰিব৷ এই বৃহৎ অনুষ্ঠানত সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা বিপুল সংখ্যক দৰ্শনাৰ্থী আহিব বুলি আশা কৰা হৈছে। 
 
এই বিশাল জনসমাগমে হোটেল, ভ্ৰমণ সেৱা, স্থানীয় শিল্প তথা গুড়ৰ দৰে ODOP (এক জিলা, এক প্ৰডাক্ট) সামগ্ৰীকে ধৰি বহু স্থানীয় ব্যৱসায়ক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত কেইবা কোটি টকাৰ ব্যৱসায় হ’ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।
 
এই অনুষ্ঠানটিয়ে ভূ-তত্ত্ববিদ ললিত মিশ্ৰই আৱিষ্কাৰ কৰা অযোধ্যাৰ প্ৰাচীন পতাকাখনো ঘূৰাই আনিব। মেৱাৰৰ চিত্ৰাংকিত ৰামায়ণৰ এখন ছবি অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ পৰম্পৰাগত অযোধ্যাৰ পতাকা চিনাক্ত কৰি পৰৱৰ্তী সময়ত বাল্মিকী ৰামায়ণৰ অযোধ্যা কাণ্ডত ইয়াৰ সবিশেষ নিশ্চিত কৰিছিল।
 
যিখন পতাকা উত্তোলন কৰা হ’ব তাত তিনিটা গুৰুত্বপূৰ্ণ চিহ্ন আছেঃ ওম – চিৰন্তন আধ্যাত্মিক ধ্বনি, সূৰ্য – ভগৱান ৰামৰ সূৰ্যবংশ (সৌৰ বংশ) ঐতিহ্যক প্ৰতিনিধিত্ব কৰা আৰু কোভিদাৰা গছ – মন্দাৰ আৰু পাৰিজাত গছৰ পৰা ঋষি কাশ্যপে সৃষ্টি কৰা এবিধ সংকৰ গছ, যিয়ে উদ্ভিদৰ সংকৰকৰণৰ প্ৰাচীন জ্ঞান দেখুৱাইছে।
 
এই অনুষ্ঠানৰ বাবে বৃহৎ সংখ্যক ভক্তক আদৰণি জনোৱাৰ উদ্দেশ্যে অযোধ্যাৰ সমগ্ৰ নগৰজুৰি এক বৃহৎ স্বচ্ছতা অভিযানো আৰম্ভ কৰা হৈছে।