গাজা পৰিকল্পনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ নেতানিয়াহুৱে নিৰাপত্তা কেবিনেট বৈঠক স্থগিত ৰাখে

Story by  atv | Posted by   Imtiaz Ahmed • 3 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেঞ্জামিন নেতানিয়াহুৰ সৈতে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেঞ্জামিন নেতানিয়াহুৰ সৈতে
নতুন দিল্লী/জেৰুজালেম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইজৰাইলৰ সমকক্ষ বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতি গাজাৰ শান্তি পৰিকল্পনাৰ বাবে তেওঁক অভিনন্দন জনায়।

একেটা বিষয়তে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি শান্তি পৰিকল্পনাৰ বাবে অভিনন্দন জনোৱাৰ ঠিক পিছতেই এই ফোন কৰিছিল।

মোদীয়ে এক্সত লিখে, "ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে মোৰ বন্ধু প্ৰধানমন্ত্ৰী নেতানিয়াহুক অভিনন্দন জনাবলৈ ফোন কৰিলোঁ। পণবন্দীসকলক মুকলি কৰি দিয়া আৰু গাজাৰ জনসাধাৰণক মানৱীয় সাহায্য বৃদ্ধিৰ চুক্তিক আমি আদৰণি জনাইছো। পুনৰ দৃঢ়তাৰে জনাইছো যে যিকোনো ৰূপ বা প্ৰকাৰৰ সন্ত্ৰাসবাদ বিশ্বৰ যিকোনো ঠাইতে গ্ৰহণযোগ্য নহয়।" - তেওঁ এক্সত লিখে।

টাইমছ অৱ ইজৰাইলৰ উদ্ধৃতিৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি, গাজাত যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ বিষয়ে আলোচনা কৰা নিৰাপত্তা মন্ত্ৰীসভাৰ বৈঠকখন স্থগিত ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নেতানিয়াহুৱে ফোনযোগে কথা পাতিছিল।

বিবৃতিটোত কোৱা হৈছে, "প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নেতানিয়াহুক সকলো পণবন্দীক মুকলি কৰি দিয়াৰ চুক্তিৰ বাবে অভিনন্দন জনায়।"

ইজৰাইলৰ বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে “কৈছিল যে নেতানিয়াহু সদায় ঘনিষ্ঠ বন্ধু আৰু তেওঁলোকৰ বন্ধুত্ব শক্তিশালী হৈ থাকিব।” নেতানিয়াহুৱে তেওঁক ধন্যবাদ জনায় “ইজৰাইলক তেওঁৰ সমৰ্থনৰ বাবে, আৰু দুয়োজনে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি যাবলৈ সন্মত হয়”।