অসম বিধানসভা নিৰ্বাচন ২০২৬: ৰাজ্যত হেট্ৰিকৰ দিশত বিজেপি, বিপৰ্যয়ৰ সন্মুখীন কংগ্ৰেছৰ ৰথী-মহাৰথী

Story by  Nikunja Nath | Posted by  Nikunja Nath • 2 h ago
অসম বিধানসভা নিৰ্বাচন ২০২৬: ৰাজ্যত হেট্ৰিকৰ দিশত বিজেপি, বিপৰ্যয়ৰ সন্মুখীন কংগ্ৰেছৰ ৰথী-মহাৰথী!
অসম বিধানসভা নিৰ্বাচন ২০২৬: ৰাজ্যত হেট্ৰিকৰ দিশত বিজেপি, বিপৰ্যয়ৰ সন্মুখীন কংগ্ৰেছৰ ৰথী-মহাৰথী!
 
নিকুঞ্জ নাথ
 
ৰাজ্যজুৰি বিৰাজ কৰা তীব্ৰ নিৰ্বাচনী উৎকণ্ঠাৰ অৱসান ঘটাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাই কঢ়িয়াই আনিছে এক সুনিৰ্দিষ্ট বাৰ্তা। গণতন্ত্ৰৰ এই মহাপৰ্বত ৰাইজে কাৰ শিৰত তুলি দিলে শাসনৰ মুকুট, তাৰ প্ৰাথমিক ছবিখন এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে। প্ৰতিটো ৰাউণ্ডৰ গণনাৰ অন্তত পোহৰলৈ অহা দৃশ্যপট অনুসৰি, অসমত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁট। যদিহে এই ধাৰা অব্যাহত থাকে, তেন্তে অসমৰ ৰাজনীতিত বিজেপিয়ে এক বিৰল হেট্ৰিক অৰ্জন কৰাটো প্ৰায় নিশ্চিত।
 
আজি দেশৰ আন ৪খন ৰাজ্যৰ লগতে অসমৰো ১২৬খন বিধানসভা আসনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰাই কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হয়। প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্ততে বিজেপিয়ে ৫৭খন আসনত বৃহৎ অগ্ৰগতি লাভ কৰাটো এইবেলি নিৰ্বাচনৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ দিশ বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।
 
বৰ্তমানলৈকে নিৰ্বাচন আয়োগৰ ফালৰ পৰা আনুষ্ঠানিক ফলাফল ঘোষণা হোৱা নাই যদিও, ভোটগণনাৰ শেহতীয়া ধাৰালৈ চাই বিজেপি আৰু মিত্ৰদলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিতপ্ৰায়। এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে- ধেমাজি সমষ্টিত ৰণোজ পেগু, গোলাঘাটত অগপৰ প্ৰাৰ্থী অতুল বৰা, নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, জাগীৰোডত বিজেপিৰ প্ৰভাৱশালী নেতা পীযুষ হাজৰীকা আৰু নলবাৰীত জয়ন্তমল্ল বৰুৱা।
 
আনহাতে, ৰণত পৰিছে শাসক-বিৰোধীৰ কেইবাগৰাকীও হেভিৱেইট নেতা৷ এইবেলি নিৰ্বাচনত শাসক-বিৰোধী উভয় শিবিৰৰ কেইবাগৰাকীও ৰথী-মহাৰথীয়ে নিৰ্বাচনী ৰণত ধৰাশায়ী হোৱাৰ উপক্ৰম হৈছে, যিটোৱে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। পৰাজয়ৰ দিশে গতি কৰা এই হেভিৱেইট নেতাসকলৰ তালিকাত আছে- কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ভূপেন বৰা, চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ নন্দিতা গাৰ্লোছা, দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। ইয়াৰ লগতে, 'জেন জি' (Gen Z) প্ৰাৰ্থী হিচাপে ব্যাপক চৰ্চালৈ অহা মধ্য গুৱাহাটী সমষ্টিৰ কুংকী চৌধুৰী আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাও বৰ্তমান নিৰাশাজনক অৱস্থানত আছে।
 
মধ্য গুৱাহাটী সমষ্টিৰ Gen Z প্ৰাৰ্থী কুংকী চৌধুৰী আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা
 
এইবেলি অসম বিধানসভা নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ আছিল ৰাজ্যৰ ৫খন বিশেষ হাই-প্ৰফাইল আসনৰ ওপৰত৷ ২০০১ চনৰ পৰা জালুকবাৰী সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে অপৰাজেয় হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিটোত এইবাৰ তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে থিয় কৰাইছিল বিদিশা নেওগক। আনহাতে, যোৰহাটত কংগ্ৰেছৰ লোকসভাৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে সাংসদ হৈ থকাৰ পিছতো বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ জ্যেষ্ঠ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে AIUDFৰ প্ৰতিষ্ঠাপক বদৰুদ্দিন আজমলৰ বিনাকান্দি সমষ্টিটোত এইবাৰ ত্ৰিকোণীয় যুঁজ দেখা গৈছে। আজমলৰ বিৰুদ্ধে NDAৰ অংশীদাৰ অগপৰ চাহাবুদ্দিন মজুমদাৰ আৰু মিত্ৰজোঁটৰ অংশীদাৰ অসম জাতীয় পৰিষদ (AJP)ৰ ৰেজাউল কৰিম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। উল্লেখযোগ্য যে, যোৱাবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ১৬ খন আসন লাভ কৰা এ আই ইউ ডি এফে এইবাৰ অকলে ২৭ খন আসনত নিৰ্বাচন খেলিছে, বিশেষকৈ নামনি অসম আৰু বৰাক উপত্যকাত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাইছে। আনহাতে, নাজিৰাত কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ মাজত তীব্ৰ যুঁজ চলিছে।
 
দিছপুৰ সমষ্টিত নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা প্ৰাক্তন সাংসদ প্ৰদ্যুত বৰদলৈক বিজেপিয়ে টিকট দিয়াৰ লগে লগে সমষ্টিটোত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয়। ফলস্বৰূপে বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ উপস্থিতিয়ে ইয়াক এক আকৰ্ষণীয় আৰু প্ৰত্যক্ষ ত্ৰিকোণীয় যুঁজলৈ পৰিণত কৰিছে।
 

নামনি অসমৰ মন্দিয়া সমষ্টিতো এইবাৰ কেইবাগৰাকীও হাইপ্ৰফাইল নেতাই কঁকালত টঙালি বান্ধিছে। প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক, তৃণমূল কংগ্ৰেছ (TMC)ৰ শ্বেৰমান আলী আৰু এআইইউডিএফৰ ৰফিকুল ইছলামৰ মাজত ইয়াত তীব্ৰ যুঁজ চলিছে। আনহাতে, এইবেলি নিৰ্বাচনত ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে এক চমকপ্ৰদ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰি সকলোকে আচৰিত কৰি তুলিছে।
 
ইয়াৰ সমান্তৰালকৈ, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (BTR) এলেকাতো এইবাৰৰ নিৰ্বাচনী যুঁজ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। বিজেপিৰ মিত্ৰদল ইউ পি পি এলে (UPPL) নিজৰ আধিপত্য ধৰি ৰখাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলোৱাৰ বিপৰীতে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফে (BPF) পুনৰ নিজৰ হেৰুৱা সাম্ৰাজ্য উদ্ধাৰৰ বাবে তীব্ৰ প্ৰত্যাহ্বান জনাইছে। বিটিআৰৰ ফলাফল সমগ্ৰ ৰাজ্যৰ চৰকাৰ গঠনৰ অংকত এক নিৰ্ণায়ক কাৰক হৈ পৰাৰ সম্ভাৱনা আছে।
 
সামগ্ৰিকভাৱে, ২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনে অসমৰ ৰাজনীতিত কেইবাটাও নতুন সমীকৰণৰ সৃষ্টি কৰিছে। পুৰণি ৰথীৰ পতন আৰু নতুন মুখৰ চমকপ্ৰদ উত্থানে আগন্তুক দিনত ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰাৰ স্পষ্ট ইংগিত দিছে। এতিয়া মাথোঁ নিৰ্বাচন আয়োগৰ চূড়ান্ত আৰু আনুষ্ঠানিক ঘোষণালৈ অপেক্ষা। পৰৱৰ্তী ৫ বছৰৰ বাবে অসমৰ শাসনভাৰ কাৰ হাতলৈ যাব, সেয়া আজি নিশাৰ ভাগলৈ সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিব।