অবৈধ অনুপ্ৰৱেশকাৰীক শিবিৰত ৰখাৰ পোনপটীয়া নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান অসম বিদেশী ন্যায়াধিকৰণক

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
গৃহ মন্ত্ৰালয়ে সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক নিৰ্দিষ্ট শিবিৰত ৰখাৰ পোনপটীয়াকৈ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰিছে অসমত থকা বিদেশী ন্যায়াধিকৰণক। যিটো ক্ষমতা পূৰ্বে কাৰ্যবাহী নিৰ্দেশৰ জৰিয়তে প্ৰয়োগ কৰা হৈছিল। 
 
অসমত কোনো ব্যক্তি অবৈধ অনুপ্ৰৱেশকাৰী নে বিদেশী সেইটো নিৰ্ণয় কৰা অৰ্ধ ন্যায়িক সংস্থা হৈছে বিদেশী ন্যায়াধিকৰণ। এতিয়ালৈকে কাৰ্যবাহী আদেশৰ জৰিয়তে অবৈধ নাগৰিকক আটক কৰা হৈছিল।
 
গৃহ মন্ত্ৰালয়ে দ্য ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ, ২০২৫ৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণক এই ক্ষমতা প্ৰদান কৰিছে। ২ ছেপ্টেম্বৰত জাৰি কৰা এই আদেশে ১৯৬৪ চনৰ বিদেশী (ট্ৰাইবুনেল) আদেশৰ ঠাইত বিদেশী ন্যায়াধিকৰণক ক্ষমতা প্ৰদান কৰিছে যে যদি কোনো ব্যক্তিৰ জাতীয়তা প্ৰতিদ্বন্দ্বিতা কৰা হৈছে তেওঁ ব্যক্তিগতভাৱে হাজিৰ হ’ব নোৱাৰে তেন্তে ডিটেনচন আদেশ জাৰি কৰিব পাৰে।
 
প্ৰথম অৱস্থাত অসমত ১১ খন অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ণয় ন্যায়াধিকৰণ স্থাপন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে ২০০৫ চনত অবৈধ প্ৰব্ৰজনকাৰী (ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ণয়) আইন, ১৯৮৩ বাতিল কৰাৰ পিছত এইবোৰ ন্যায়াধিকৰণলৈ ৰূপান্তৰিত কৰা হৈছিল। বৰ্তমান অসমত প্ৰায় ১০০ টা বিদেশী ন্যায়াধিকৰণ কাৰ্যক্ষম হৈ আছে।