গুৱাহাটী
অসমত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মানৱ সৰবৰাহ ৰোধ কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
"মানৱ সৰবৰাহৰ ঘটনা বন্ধ কৰিবলৈ মানৱ সৰবৰাহ প্ৰতিৰোধী গোট গঠন কৰা হৈছে ৷ গাওঁৰক্ষী বাহিনীক চোকা সতর্কতা ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এনে মানৱ সৰবৰাহৰ গোচৰ সমূহ আগতীয়াকৈ ধৰা পেলাৱা আৰু প্ৰতিৰোধৰ বাবে ৰেলৱে ষ্টেচন, বাছ ষ্টপ আদিৰ দৰে গুৰুত্বপূৰ্ণ স্থান সমূহৰ পৰা তথ্য সংগ্ৰহৰ বাবে তৃনমূল পৰ্যায়ত গুপ্তচৰ নিয়োগ কৰা হৈছে। প্ৰতিখন জিলাৰ উপৰিও ৰেলৱে আৰক্ষী (জি আৰ পি) আৰু অপৰাধ অনুসন্ধান বিভাগত একোটাকৈ মানৱ সৰবৰাহ প্ৰতিৰোধী গোট গঠন কৰা হৈছে। মানৱ সৰবৰাহৰহ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা ৩৫জনীয়া বিশেষ স্কোৱাদো গঠন কৰা হৈছে। একেদৰে, চি আই ডিৰ তৰফৰ পৰা এজন আৰক্ষী অধীক্ষকৰ তত্বাবধানত বিষয়টো পৰ্য্যবেক্ষণ কৰি থকা হৈছে," মুখ্যমন্ত্ৰী শৰ্মাই কয়।
ঘৰত কাম কৰিবলৈ অনা ১৪ বছৰৰ তলৰ শিশু আৰু কিশোৰীসকল বহুতো সময়ত যৌন আতিশায্যৰ সন্মুখীন হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যা দূৰ কৰিবলৈ চৰকাৰে শীঘ্ৰে এখন আইন প্ৰণয়ন কৰিব। যিসকল ব্যক্তিয়ে ঘৰুৱা সহায়ৰ বাবে ১৪ বছৰৰ তলৰ শিশু আৰু কিশোৰীক ঘৰত ৰাখিব বিচাৰে, তেওঁলোকে এই নতুন আইনৰ অধীনত শিশু আৰু কিশোৰীসকলৰ শিক্ষা, স্বাস্থ্য আৰু নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব।
ইফালে, ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈ কামৰূপ জিলাৰ উত্তৰ পাৰৰ ৰঙিয়া আৰু চাংসাৰি থানাৰ অন্তর্গত বিভিন্ন স্থানৰ পৰা শিশু আৰু মহিলা সৰবৰাহ সংক্রান্তত মুঠ ৪টা গোচৰ ৰুজু কৰা হৈছে । এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৪ (চাৰি) জন শিশু আৰু এগৰাকী প্রাপ্তবয়স্ক মহিলাক উদ্ধাৰ কৰা হৈছে আৰু ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে বিধানসভাত জানিবলৈ দিয়ে।
উল্লেখ্য যে, উত্তৰ কামৰূপ অঞ্চলত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি হোৱা বুলি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উদ্বেগ প্ৰকাশ কৰি জানিব বিচাৰে যে চৰকাৰে এই সন্দৰ্ভত সজাগতা সভা, আইনগত ব্যৱস্থা বা অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই?
তেওঁৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই বিধানসভাক জনায় যে মানৱ সৰবৰাহৰ ঘটনাক চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই ঘটনা ৰোধ কৰিবলৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
ইফালে, অসমৰ ধেমাজি জিলাৰ চিলাপথাৰত দুগৰাকী মহিলাকে ধৰি চাৰিজন মানৱ সৰবৰাহকাৰীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।