আৰিফুল ইছলাম / গুৱাহাটী
স্বাধীনতা দিৱস সমাগত। প্ৰতি বছৰৰ দৰে এইবাৰো ১৫ আগষ্টত সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিব স্বাধীনতা দিৱস। অৱশ্যে, এইবাৰৰ স্বাধীনতা দিৱস দেশবাসীৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। কিয়নো, দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ পৰা আৰম্ভ কৰা 'আজাদী কা অমৃৎ' মহোৎসৱৰ চলি থকাৰ সময়তে এইবাৰৰ স্বাধীনতা দিৱস উদযাপন কৰা হ'ব।
উল্লেখ্য যে, দেশৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ এইবাৰৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কেতবোৰ আহ্বান জনাইছে। তেওঁ এইবাৰৰ স্বাধীনতা দিৱসটোক বিশেষ কৰি তুলিবলৈ ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ দেশৰ জনসাধাৰণক অনুৰোধ জনাইছে।
সাধাৰণতে প্ৰতি বছৰে দেশৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইছলামিক মাদ্ৰাছা সমূহো ইয়াৰ ব্যতিক্ৰম নহয়। ইছলামিক মাদ্ৰাছা সমূহেও প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰা দেখা যায়। কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা আহ্বানক প্ৰতি সঁহাৰি জনাই অসমৰ সকলো মাদ্ৰাছাতে স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰিবলৈ অসম ৰাজ্যিক জমিয়ত উলেমাই আহ্বান জনাইছে।
মুছলমান শিশুৱে হাতত ত্ৰিৰংগা লৈ স্বাধীনতা দিৱস উদযাপন কৰিছে
অসম ৰাজ্যিক জমিয়ত উলামাই আগন্তুক স্বাধীনতা দিৱসৰ দিনটো উলহ-মালহেৰে উদযাপন কৰিবলৈ অসমবাসী তথা শিক্ষানুষ্ঠান, ব্যক্তিগত প্রতিষ্ঠান, মাদ্রাছা, ধর্মীয় অনুষ্ঠান বা সামাজিক প্রতিষ্ঠান সমূহক আহ্বান জনাইছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়; "অসমবাসী তথা শিক্ষানুষ্ঠান, ব্যক্তিগত প্রতিষ্ঠান, ধর্মীয় অনুষ্ঠান বা সামাজিক প্রতিষ্ঠান আৰু মাদ্ৰাছা সমূহে দেশ স্বাধীন হোৱাৰে পৰাই স্বাধীনতা দিৱস উদযাপন কৰি আহিছে। কিন্তু এইবাৰ স্বাধীনতা দিৱস বিশেষ তাৎপর্যপূর্ণ। কিয়নো এইবাৰ স্বাধীনতা দিবস ৭৫সংখ্যক স্বাধীনতা দিৱস হিচাপে উদযাপিত হ'ব।" স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিয়া এই বিশেষ দিনটোৰ স্মৃতি চিৰ যুগমীয়াকৈ ৰখাৰ উদ্দেশ্যে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।
ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে কয়; "ৰাষ্ট্ৰীয় পতাকাখন আমাৰ গৌৰৱ। আমি ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰো আৰু প্ৰত্যেক বছৰে স্বাধীনতা দিৱসৰ দিনটোত অসমৰ সকলোবোৰ মাদ্ৰাছা, মছজিদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। বিগত সময়ছোৱাত বানপানীৰ মাজতো কোনোবা এখন মাদ্ৰাছাত স্বাধীনতা দিৱস উদযাপন কৰি পতাকা উত্তোলন কৰা হৈছিল। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যি আহ্বান কৰিছে, সেই আহ্বানক আমি সন্মান জনাইছোঁ। বিশেষকৈ এইবাৰ যিহেতু ৭৫ সংখ্যক স্বাধীনতা দিৱস, গতিকে সকলোবোৰ ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠানক অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা বিশেষভাৱে স্বাধীনতা দিৱস উদযাপনৰ আহ্বান জনাইছে।"
বানপানীৰ সময়তো স্বাধীনতা দিৱস উদযাপন
উল্লেখ্য যে, জমিয়ত উলেমা-ই-হিন্দ বা জমিয়ত উলামা-ই-হিন্দ ভাৰতৰ দেওবন্দী চিন্তাধাৰাৰ অন্তৰ্গত ইছলামিক পণ্ডিতসকলৰ অন্যতম আগশাৰীৰ সংগঠন। ১৯১৯ চনৰ নৱেম্বৰ মাহত আব্দুল বাৰী ফিৰংগী মহালী, কিফায়াতুল্লাহ দেহলাৱী, মহম্মদ ইব্ৰাহিম মিৰ ছিয়ালকোটি, ছানৌল্লা অমৃতছাৰীকে ধৰি মুছলমান পণ্ডিতৰ এটা দলে ইয়াক প্ৰতিষ্ঠা কৰিছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহযোগত খিলাফত আন্দোলনত জমিয়তৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। ই ভাৰত বিভাজনৰো বিৰোধিতা কৰিছিল, সংমিশ্ৰিত জাতীয়তাবাদৰ স্থিতি গ্ৰহণ কৰিছিল। জমিয়তৰ এতিয়া সমগ্ৰ ভাৰততে ৰাজ্যিক গোট আছে। ইয়াৰ ভিতৰত আছে জমিয়ত উলামা অসম, জমিয়ত উলামা বিহাৰ, জমিয়ত উলামা ঝাৰখণ্ড, জমিয়ত উলামা কৰ্ণাটক, জমিয়ত উলামা মধ্যপ্ৰদেশ, জমিয়ত উলামা মহাৰাষ্ট্ৰ, জমিয়ত উলামা ৰাজস্থান, জমিয়ত উলামা উত্তৰ প্ৰদেশ, জমিয়ত উলামা উত্তৰাখণ্ড, জমিয়ত উলামা তেলেংগানা, জমিয়ত উলামা পশ্চিম বংগ। ইছলামিক পণ্ডিত তথা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক বদৰুদ্দিন আজমল অসম গোটৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছে।
স্বাধীনতা দিৱসত শিশুসকলে হাতত পতাকালৈ উদযাপন কৰিছে
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে 'আজাদী কা অমৃত মহোৎসৱ' এতিয়া কোনো সাধাৰণ মহোৎসৱ হৈ থকা নাই, ই এক গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। দেওবাৰে 'মন কী বাত' অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি আজাদী কা অমৃত মহোৎসৱ সম্পৰ্কে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
তেওঁ উল্লেখ কৰা মতে আজাদী কা অমৃত মহোৎসৱৰ অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ সফল ৰূপায়ণত সহায় কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় । সকলোকে নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীয়ে এই আন্দোলনক আগবঢ়াই নিব বুলি মোদীয়ে আশা প্ৰকাশ কৰিছে ।
লগতে সকলোকে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত নিজৰ নিজৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে কয় যে, আজাদী কা অমৃত মহোৎসৱে এক গণ আন্দোলনৰ ৰূপ লোৱাত তেওঁ যথেষ্ট সুখী হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে সকলো ক্ষেত্ৰৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে সমগ্ৰ দেশৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত সকলোৱে এক গৌৰৱময় আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে বুলিও তেওঁ উল্লেখ কৰে।