অসমীয়া ভাষাৰ মর্যাদাপ্রাপ্তিয়ে আনন্দৰ বন্যা বোৱাইছে ভাষাপ্রেমীৰ মাজত

Story by  atv | Posted by  Munni Begum • 6 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
প্রায় এটা দশক পূর্বে অসমীয়া জাতিয়ে দেখা এটা সপোন ৰূপায়ণ হ'ল বাস্তৱত। বাংলাৰ পৰা অসমীয়া ভাষা নিসৃত হোৱা বুলি দশকৰ পিচত দশক ধৰি চলি অহা অপপ্ৰচাৰক চিৰদিনলৈ নস্যাৎ কৰি ভাৰতৰ অন্যতম প্রাচীন ভাষাৰূপে স্বীকৃত লাভ কৰিলে অসমীয়া ভাষাই। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসমীয়াক প্রদান কৰিলে ধ্রুপদী ভাষাৰ স্বীকৃতি। কেন্দ্রীয় কেবিনেটে অনুমোদন দিয়াৰ লগে লগে অসমীয়াই লাভ কৰিলে ধ্রুপদী ভাষাৰ মর্যাদা। তাৎপর্যপূর্ণভাৱে অসমীয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে বাংলা, মাৰাঠী, পালি আৰু প্রাকৃত ভাষালৈ ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বাবে অনুমতি প্রদান কৰিছে। 
 
অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্রকাশ কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে কয়, 'প্রতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ। শ শ বছৰৰ ঐতিহ্যৰে পৰিপূর্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্রীয় কেবিনেটত ধ্রুপদী ভাষাৰ মর্যাদা প্রদানত অনুমোদন জনালে। ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছটা ভাষাকহে ধ্রুপদী ভাষাৰ মর্যাদা দিয়া হৈছিল। এই শাৰীত ধ্রুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ'ল অসমীয়া ভাষা। এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্ত। চিৰ চেনেহী ভাষা জননীৰ এই মর্যাদাপ্রাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছো।"
 
তেওঁ লগতে কয়, "আজিৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই ছেগতে মাননীয় কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র শেখাবট ডাঙৰীয়া আৰু মাননীয় কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রদান ডাঙৰীয়াকো তেওঁলোকৰ সক্রিয় ভূমিকাৰ বাবে ধন্যবাদ জনাইছো। তদুপৰি মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ লৈছো।" 
 
তেওঁ পুনৰ উল্লেখ কৰিছে, "ধ্রুপদী ভাষাৰ মর্যাদা পাবলৈ হ'লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূর্ণ তথা প্রাচীন সাহিত্যৰ লিপিবদ্ধ প্রমাণ থাকিব লাগে। এইক্ষেত্রত অসমীয়া ভাষাই প্রয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে। চৰকাৰে ধ্রুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকর্ষতাৰ কেন্দ্র স্থাপন, কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্রুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বার্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈ আহিছে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্রশস্ত হ'ব। আইৰ মুখৰ ভাষা অসমীয়াৰ প্ৰচাৰ-প্রসাৰ, সুৰক্ষাৰ বাবে আমি অনাগত দিনবোৰতো ন উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প লওঁ আহক।" 
 
অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই এই সন্দর্ভত কয়, "আজি ভাৰত চৰকাৰে অসমীয়া ভাষাকো ভাৰতৰ অন্যতম এটা ধ্রুপদী ভাষা হিচাপে ঘোষণা কৰাত আমি অসম সাহিত্য সভাই অতিকে আনন্দ প্রকাশ কৰিছো। আজি অসমীয়া ভাষাই পৌৰাণিকৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ অন্যান্য ভাষাৰ লগতে এক নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হ'ল। আজিৰ এই ঘোষণাই অসমীয়া ভাষাক পৃথিৱীৰ অন্যান্য পৌৰাণিক ভাষা হিচাপে, যিসমূহৰ বয়স ডেৰ হেজাৰৰ পৰা দুহেজাৰ বছৰ পুৰণি সেইসমূহ ভাষাৰ লগত সমমর্যাদা দিলে। লগতে বিশ্বৰ অন্যতম এটা চহকী ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। অসম তথা ভাৰত চৰকাৰক আমি এই সন্দর্ভত ধন্যবাদ জ্ঞাপন কৰিছো।" 
 
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই আনন্দ প্রকাশ কৰি কয়, "১৮৩৬ চনৰ পৰা ১৮৭০ চনলৈ আমাৰ ভাষা নাছিল। তাৰ পিচত ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ নেতৃত্বত গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন প্রমুখ্যে মনীষীসকলে আমাৰ ভাষাটো উদ্ধাৰ কৰিলে। পৰৱৰ্তী সময়ত জোনাকী যুগৰ হেমচন্দ্ৰ গোস্বামী, চন্দ্রকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিলে। ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলনত সক্রিয়ভাৱে অংশ লোৱা তথা শ্বহিদ হোৱা আমাৰ কাণ্ডাৰীসকলক আজিৰ এই ক্ষণত গভীৰ শ্রদ্ধাঞ্জলি জনাইছো। পণ্ডিত বিশ্বেশ্বৰ হাজৰিকা ছাৰেও এই লক্ষ্যত উপনীত হোৱাৰ বাবে অপৰিসীম কষ্ট, সাধনা কৰি থৈ গ'ল। তদুপৰি সাম্প্রতিক সময়তো ভাষাৰ উত্তৰণৰ বাবে কাম কৰি থকাসকলক গভীৰ শ্রদ্ধা জনাইছো। এই ছেগতে আমি শাসকীয়া চৰকাৰক বিপ্লৱ শর্মা কমিটীৰ ভাষা সম্পৰ্কীয় পৰামৰ্শ আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছো।" 
 
অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে, "নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমীয়া ভাষাক 'ধ্রুপদী ভাষা'ৰ মর্যাদা প্রদান কৰিলে। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে অসমীয়া ভাষাৰ প্রাচীনত্ব আৰু মহত্ত্বৰ উপযুক্ত ব্যাখ্যাৰে টোকা প্রস্তুত কৰাৰ বাবে অসম চৰকাৰে দায়িত্ব প্রদান কৰিছিল অসম প্রকাশন পৰিষদক। পৰিষদে পূৰ্বৰে পৰাই এই দিশত গৱেষণাৰ কাম চলাই আছিল। পৰিষদে প্রয়োজনীয় টোকা প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ব্যক্তিক লগ ধৰাৰ লগতে উড়িয়া ভাষাই এই মর্যাদা পোৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লোৱা দেবীপ্রসন্ন পাটনায়কক ভুৱনেশ্বৰত গৈ লগ ধৰাৰ উপৰি তেওঁলোকৰ মূল দলৰ সৈতেও তথ্য, মত আৰু কাৰিকৰী পৰামৰ্শ সংগ্ৰহ কৰিছিল। এইক্ষেত্ৰত গৱেষণা আৰু টোকা প্রস্তুত কৰাৰ বাবে অসম প্রকাশ পৰিষদে উপাধ্যক্ষ সুমন্ত চলিহাৰ নেতৃত্বত। ড° ভাস্কৰজ্যোতি শর্মা, ড° মৃদুলা বৰদলৈ আৰু ড° নমিতা দেৱীক লৈ এখন সমিতি গঠন কৰিছিল। অসম চৰকাৰৰ শিক্ষা বিভাগে সকলো তথ্য সামৰি নির্দিষ্ট সময়ত টোকা দাখিল কৰাৰ উপৰি সংসদত ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটায়ো বিষয়টো উত্থাপন কৰিছিল। মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই এইক্ষেত্রত পোনপটীয়াকৈ বিষয়টোত জড়িত হৈ সমগ্র বিষয়টো প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীক ভালদৰে অৱগত কৰিছিল। 'ধ্রুপদী ভাষা'ৰ মর্যাদা পোৱাৰ ক্ষেত্রত যিকেইটা চর্ত পূৰণ হ'ব লাগে তাৰ ভিতৰত প্রথম চর্ত হ'ল নির্দিষ্ট ভাষাটো কমেও পোন্ধৰশ বছৰ পুৰণি হ'ব লাগে। আজি জগতৰ আগত অসমীয়া ভাষাৰ শ্রেষ্ঠত্ব আৰু প্রাচীনত্ব প্রমাণ কৰিলে।"
 
উল্লেখযোগ্য যে, দুহেজাৰৰো অধিক বছৰৰ পৰিক্ৰমা গৰকা, এশ-এবুৰি সমস্যাৰ সৈতে যুঁজি আজিৰ পৰ্যায়ত উপনীত হোৱা অসমীয়া ভাষাৰ ধ্রুপদী মর্যাদা লাভৰ বাবে আশাৰ বীজ ৰোপণ হৈছিল ২০১২ চনত। অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত ইউনিক'ডক লৈ অনুষ্ঠিত সভাত উত্থাপন হৈছিল অসমীয়া ধ্রুপদী ভাষাৰ স্বীকৃতি আদায়ৰ প্রসংগ। তাৰ পৰৱৰ্তী পর্যায়ত বিক্ষিপ্তভাৱে চলিছে ভালেমান প্রচেষ্টা।
 
ইউনিক'ডত অসমীয়াক অন্তর্ভুক্তিৰ যুঁজৰ লগে লগে আগবাঢ়ি যায় ধ্রুপদী ভাষা হিচাপে প্রতিষ্ঠাৰ সংগ্রাম। সেই সংগ্রাম ২০১৯ৰ পৰা এক সঠিক দিশত আগবাঢ়ে। সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই বিশিষ্ট ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকা, বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, লেখক-লিপি বিশেষজ্ঞ অশোক শর্মা প্রমুখ্যে একাংশ ভাষাবিদৰ সহযোগিতাত আগবঢ়াই নিয়ে এই প্রচেষ্টা। সাহিত্য সভাৰ বিশেষজ্ঞ সমিতিয়ে প্রস্তুত কৰা ৩৯২ পৃষ্ঠাৰ প্রতিবেদন প্রেৰণ কৰা হয় ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়লৈ। 
 
২০২১ৰ ১৯ মাৰ্চত প্রতিবেদনখন প্ৰেৰণ কৰা হয় সাংস্কৃতিক ম্যালয়লৈ। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ পৰা প্রতিবেদনখন প্ৰেৰণ কৰা হয় সাহিত্য অকাডেমীয়ে বিশেষজ্ঞ সমিতিলৈ। অসম সাহিত্য সভাই অহৰহ সম্পৰ্ক ৰাখে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সৈতে। ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সাহিত্য সভাৰ এই প্রচেষ্টাৰ প্রতি প্রদর্শন কৰে সদিচ্ছা। তেওঁ অসমীয়াক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানৰ দাবীৰে কেন্দ্রীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰে পত্র। সেই পত্রৰ সৈতে গাঁঠিও দিয়ে সাহিত্য সভাৰ উদ্যোগত বিশেষজ্ঞৰ দলে প্রস্তুত কৰা তথ্যসমৃদ্ধ প্রতিবেদনখন।  
 
৩৯২ পৃষ্ঠাৰ প্রতিবেদনখনত দাঙি ধৰা হয় দেশী-বিদেশী ভিন্ন বিশেষজ্ঞই প্রণয়ন কৰা ভাষা, লিপি সংক্রান্তীয় পুথিৰ ৬২ টা উক্তি। সমান্তৰালভাৱে প্রতিবেদনখনত উল্লেখ কৰা হৈছিল বাংলাদেশৰ মহাস্থানগড়ৰ শিলা লেখৰ তথ্য। খ্রীঃপূর্ব তৃতীয় শতিকাৰো আগৰ বুলি প্রমাণিত হোৱা শিলালিপিখন সম্প্রতি কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত মজুত হৈ আছে। ব্রাহ্মী লিপিত খোদিত এই শিলালেখখনতে অসমীয়া ভাষাৰ বা কামৰূপী প্রাকৃতৰ প্রথম নিদর্শন পোৱা যায়। 
 
ৰিচাৰ্ড চলোমনকে ধৰি দেশী-বিদেশী বহু পণ্ডিতৰ মতে এই শিলালেখৰ লিপি অশোককালীন ব্রাহ্মী লিপিতকৈও পুৰণি। এই শিলালেখখনৰ ভাষাটো প্রাকৃত। ইয়াত শিৱৰ ত্রিশূলৰ আঘাতত যন্ত্রণা কাতৰ হোৱা কামদেৱ বা মদনে কামাখ্যাত পুনৰ ৰূপ ঘূৰাই পোৱাৰ কাহিনীটো লিখা আছে। যিহেতু শিলালেখখন খ্রীঃ পূর্ব তৃতীয় শতিকাৰো আগৰ, সেয়ে অসমীয়া ভাষাৰ প্রাচীনতা নিঃসন্দেহে খ্রীঃপূর্ব তৃতীয় শতিকাৰ আগলৈ যোৱাটো নিশ্চিত বুলি অসমৰ বিশেষজ্ঞসকলে প্রতিবেদনত উল্লেখ কৰিছে। 
 
লক্ষণীয়ভাৱে বিশেষজ্ঞসকলে খ্রীষ্টাব্দ দ্বিতীয় শতিকাৰ শৰাহপাদৰ দোহাত অসমীয়া ভাষা পোৱা যায় বুলি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা প্রতিবেদখনত তথ্যসহকাৰে উল্লেখ কৰিছে। কামৰূপৰ কবি শৰহপাদৰ চাৰিটা দোহাত অসমীয়া ভাষাৰ প্রাচীনতম ৰূপটো পোৱা যায়। বিশিষ্ট ভাষাবিদ, গৱেষক বিশ্বেশ্বৰ হাজৰিকাই ইতিমধ্যে অসমীয়া ভাষাৰ প্রাচীনতা সম্পর্কে লাভ কৰা গৱেষণাৰ ফলকেই তথ্যসহকাৰে বিশেষজ্ঞৰ দলে ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিছে। 
 
তাৎপর্যপূর্ণভাৱে অসম সাহিত্য সভাই অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানৰ বাবে চলাই থকা প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুখ্যমন্ত্রী শর্মায়ো বিষয়টোত তৎপৰতা প্ৰদৰ্শন কৰি আহিছিল। তেওঁৰ সদিচ্ছাৰ বাবেই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই ২০২২ চনৰ ১৬ ডিচেম্বৰত বিষয়টো সংসদত উত্থাপন কৰিছিল। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত ভাৰতীয় সংবিধান স্বীকৃত অসমীয়া ভাষাই দুহেজাৰ বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে বুলি তেওঁ ৰাজ্যসভাত উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে অর্থাৎ ২০ ছেপ্টেম্বৰত অসম বিধানসভাতো বিষয়টো উত্থাপন হৈছিল। 
 
যোৱা ৯ জুলাইত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াই এই সন্দৰ্ভত প্ৰেৰণ কৰিছিল এখন পত্র। যোৱা ১২ জুলাইত প্রধানমন্ত্রীৰ কার্যালয়ে লাভ কৰিছিল পত্ৰখন। তাৰ পৰৱৰ্তী পৰ্যায়ত অর্থাৎ জুলাই মাহৰ শেষ সপ্তাহৃত সাহিত্য অকাডেমীৰ ভাষা বিশেষজ্ঞৰে গঠিত উচ্চ পৰ্যায়ৰ সমিতিখনৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ অনুমোদনৰ ভিত্তিত আজি কেন্দ্রীয় কেবিনেটত বিষয়টো উত্থাপন হয়। কেন্দ্রীয় কেবিনেটে মোহৰ মৰাৰ লগে লগে অসমীয়াই স্বীকৃতি লাভ কৰিলে ধ্রুপদী ভাষাৰ মর্যাদা। 
 
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰা গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি প্রমুখ্যে মহান মনীষীসকলবো সপোন-সাধনাই লাভ কৰিলে সাকাৰ ৰূপ। প্রাতঃস্মৰণীয় এইসকল অসমীয়াৰ ত্যাগে আজি লাভ কৰিলে বিৰল স্বীকৃতি। ভাষা জননীয়ে বিশ্বজয়ৰ সপোন পূৰণৰ ক্ষেত্রত আগুৱাই গ'ল আৰু এচাপ। 
 
উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ নিয়ম অনুসৰি অসমীয়াই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে দেশৰ প্ৰতিখন কেন্দ্রীয় বিশ্ববিদ্যালয়ত থকা চেণ্টাৰ অব্ এক্সেলেন্সত অন্য ধ্রুপদী ভাষাৰ দৰে অসমীয়ায়ো বিশেষ গুৰুত্ব লাভ কৰিব। তদুপৰি বিশ্ববিদ্যালয়সমূহত ধ্রুপদী ভাষাৰ বাবে সংৰক্ষিত আসনৰ ক্ষেত্রত অসমীয়ায়ো বিশেষ স্থান লাভ কৰিব। ধ্রুপদী ভাষাসমূহৰ বাবে ভাৰত চৰকাৰে প্ৰতি বছৰে দুগৰাকী গৱেষকক দিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্রত অন্তর্ভুক্ত হ'ব অসমীয়াও। কেৱল সেয়ে নহয়, ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ লগে লগেই অসমীয়া ভাষাটো বাংলাৰহে এটা ৰূপ বুলি চলি অহা অপপ্রচাৰ চিৰদিনৰ বাবেই নস্যাৎ হৈ পৰিব। এনে হ'লে অসমীয়া ভাষা-অসমীয়া লিপি স্বতন্ত্রৰূপে বিবেচিত হ'ব। ফলত ইউনিক'ডকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত অসমীয়া ভাষাৰ মৌলিকতা প্রতিপন্ন হ'ব।