ফাৰখাণ্ডা কুৰেশ্বী: ইউ পি এছ চিত ৬৭সংখ্যক স্থান স্থান দখল কৰা সৰু চহৰৰ দৃঢ়মনা যুৱতীগৰাকী

Story by  atv | Posted by  Munni Begum • 2 Months ago
ফাৰখাণ্ডা কুৰেশ্বী
ফাৰখাণ্ডা কুৰেশ্বী
 
আব্দুল ৱাছিম ​​আনছাৰী/বালাঘাট / ভূপাল

ফাৰখাণ্ডা কুৰেশ্বীয়ে অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে জিলা উপায়ুক্ত বি চন্দ্ৰশেখৰণক স্থানীয় টেলিভিছন চেনেল এটাত দেখিছিল। এই দৃশ্যই তেওঁৰ মনত এটা সপোন জগাই তুলিছিল আৰু তেঁৱো এজন উচ্চ পদস্থ চৰকাৰী বিষয়া হ’ব বিচাৰিছিল। মধ্যপ্ৰদেশৰ এখন সৰু চহৰ বালাঘাটত জন্ম গ্ৰহণ কৰা এইগৰাকী মুছলমান যুৱতীয়ে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, সাধনা আৰু অধ্যৱসায়েৰে নিজৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হৈছে।

ইউ পি এছ চি ২০২৪ৰ অসামৰিক সেৱাৰ পৰীক্ষাত ৬৭ সংখ্যক স্থান লাভ কৰা ফাৰখাণ্ডা কুৰেশ্বীয়ে অতি সোনকালে প্ৰশাসনিক বিষয়াৰ প্ৰশিক্ষণৰ বাবে ডেৰাডুনৰ লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী ফৰ এডমিনিষ্ট্ৰেচনত যোগদান কৰিব। "মই সিদ্ধান্ত লৈছিলোঁ যে এদিন মইও জিলা উপায়ুক্ত হৈ সমাজৰ বাবে কাম কৰিম। চতুৰ্থটো প্ৰচেষ্টাত লাভ কৰা এই সফলতাৰ কৃতিত্ব মই মোৰ পৰিয়ালক দিব বিচাৰো।"-কুৰেশ্বীয়ে কয়।
 
উল্লেখ্য যে, মেধাৱী ছাত্ৰীগৰাকীয়ে ২০২১ চনৰ পৰাই ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। তিনিবাৰৰ বিফলতাৰ পিছতো তেওঁ হাৰ মনা নাছিল। তেওঁ কয়, "মোৰ পিতৃ-মাতৃয়ে মোক হতাশ হ'বলৈ দিয়া নাছিল; তেওঁলোকে মোক প্ৰেৰণা দিছিল আৰু কৈছিল যে মই এদিন সফলতা পাম। তেওঁলোকে মোক সমৰ্থন নকৰা হ’লে মই হয়তো প্ৰথম বা দ্বিতীয় প্ৰচেষ্টাতে হাৰ মানিলোঁহেঁতেন।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় ফাৰখাণ্ডা কুৰেশ্বীয়ে।
 
ফাৰখাণ্ডা কুৰেশ্বী তেওঁৰ পিতৃ-মাতৃ নিখাত আঞ্জুম আৰু আব্দুল মালিক কুৰেশ্বীৰ সৈতে
 
তেওঁৰ মতে ইউ পি এছ চিৰ দৰে কঠিন পৰীক্ষাৰ বাবে ১৮ ঘণ্টা পঢ়াটো প্ৰয়োজনীয় নহয়, কিন্তু ধাৰাবাহিকতা আৰু কৌশল অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। "মই প্ৰতিদিনে ৬ৰ পৰা ৮ ঘণ্টা পঢ়িছিলো, কিন্তু প্ৰতিদিনে পঢ়িছিলো। পুৰণি প্ৰশ্নকাকত, ষ্টেনডাৰ্ড বুকছ, কাৰেণ্ট এফেয়াৰ্ছ আৰু বাতৰি কাকত মোৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল।”-কুৰেশ্বীয়ে কয়।
 
ছেইণ্ট মেৰীজ স্কুলৰ পৰা দশম আৰু মেথ'ডিষ্ট মিছনৰ পৰা দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰা ফাৰখাণ্ডাই কয়, বালাঘাটৰ দৰে সৰু চহৰত জন্মগ্ৰহণ কৰাটো মোৰ কেতিয়াও দুৰ্বলতা নাছিল। মই বিশ্বাস কৰোঁ যে ইয়াৰ যুৱক-যুৱতীসকলে যদি সঠিক দিশ আৰু সা-সুবিধা লাভ কৰে, তেন্তে তেওঁলোকে সমগ্ৰ দেশতে নিজৰ নাম উজলাব পাৰিব। ফাৰখাণ্ডাই তেওঁৰ উকীল পিতৃ আব্দুল মালিক কুৰেছী আৰু তেওঁৰ গৃহিনী মাতৃ নিখাত আঞ্জুম কুৰেশ্বীক তেওঁৰ নায়ক বুলি গণ্য কৰে আৰু পিতৃ-মাতৃক তেওঁৰ সফলতাৰ কৃতিত্ব দিয়ে।
 
তেওঁৰ পিতৃয়ে কয়, "আজি মানুহে মোক মোৰ ছোৱালীৰ নামেৰে চিনি পাইছে, ইয়াতকৈ ডাঙৰ সুখ একোৱেই হ'ব নোৱাৰে।" ফাৰখাণ্ডাৰ এই সাফল্যক লৈ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে। স্থানীয় জিলা উপায়ুক্তই তেওঁক অভিনন্দন জনাইছে আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। স্থানীয় মছজিদ সমিতিয়েও ফাৰখাণ্ডা কুৰেশ্বীক সম্বৰ্ধনা জনাইছে আৰু তেওঁক মুছলমান যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা আখ্যা দিয়ে।
 
উল্লেখ্য যে, এই বছৰ ইউ পি এছ চিয়ে বাচনি কৰা ১০০৯ জন প্ৰাৰ্থীৰ ভিতৰত ২৬ জন মুছলমান যদিও কোনোৱেই শীৰ্ষ-২৫ ৰ ভিতৰত স্থান লাভ কৰা নাই। মেধাৰ তালিকাত সৰ্বোচ্চ স্থানত থকা মুছলমান প্ৰাৰ্থী দুগৰাকী হৈছে ইৰাম চৌধুৰী (৪০ ৰেংক) আৰু ফাৰখাণ্ডা কুৰেশ্বী (৬৭ ৰেংক)। সাক্ষাৎকাৰৰ পৰ্যায়ৰ বাবে মুঠ ৯৭ জন মুছলমান প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকৰ সফলতাৰ হাৰ হৈছে ২.৫৭%, যিটো পূৰ্বৰ বছৰতকৈ কম।


শেহতীয়া খবৰ