ইউ পি এছ চি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ল ভেড়াৰখীয়াৰ পুত্ৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
হনুমন্তপ্পা নন্দী
হনুমন্তপ্পা নন্দী
 
আৱাজ-দ্য ভইচ ব্যুৰো
 
উত্তৰ কৰ্ণাটকৰ ইয়াৰাগট্টোফ কোডলি ৱাডাৰ সমীপৰ কোডলিৱাড় গাঁৱলৈ শিক্ষাৰ পোহৰে ব্যাপক পৰিবৱৰ্তন কঢ়িয়াই আনিছে। শিক্ষাই এই অঞ্চলটোৰ আৰ্থিক আৰু সামাজিক বঞ্চনাৰ অন্ত পেলোৱাৰ এক হৃদয়স্পৰ্শী কাহিনী পোহৰলৈ আহিছে। শেহতীয়াকৈ গাঁওখনৰ এজন স্থানীয় ভেড়াৰখীয়াৰ পুত্ৰই ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ সুযোগ পাইছে। 
 
ইউ পি এছ চিৰ অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা গাঁওখনৰ যুৱকজনৰ নাম হৈছে হনুমন্তপ্পা নন্দী। তেওঁ ২০২৪ চনৰ ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত সৰ্বভাৰতীয় ৰেংক ৯১০ লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে ৫০০ৰ ভিতৰত স্থান লাভৰ লক্ষ্য লৈ তেওঁ পুনৰ ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা  কৰিছে।
হনুমন্তপ্পা নন্দীয়ে আৰ্থিক আৰু সামাজিকভাৱে এটা পিছপৰা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ য়েল্লাপন এগৰাকী ভেড়াৰখীয়া আৰু  মাতৃ কালাভাই পথাৰত কাম কৰে। হনুমন্তপ্পা নন্দীৰ সফলতাক উদযাপন কৰা ভেড়াৰখীয়াসকলৰ এটা ভিডিঅ’ এক্সত পোষ্ট কৰা হৈছে। 
 
উল্লেখ্য যে, নন্দীৰ পৰিয়ালটো অত্যন্ত দুখীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য অসামৰিক সেৱা বা উচ্চ শিক্ষাৰ সৈতে জড়িত নহয়। তথাপি, তেওঁলোকে পুত্ৰ নন্দীক পঢ়া-শুনাত আগবঢ়াই নিয়াৰ সপোন দেখিছিল। পিতৃ-মাতৃয়ে নিজৰ পুত্ৰক পৰিস্থিতিৰ বাধা নেওচি সকলোকে গৌৰৱান্বিত কৰিবলৈ শক্তি যোগাইছিল। শেহতীয়াকৈ ঘোষণা কৰা ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাত হনুমন্তপা নন্দীয়ে ৯১০ স্থান দখল কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ অষ্টম প্ৰচেষ্টাত সফল হ’ল। 
 
নন্দীয়ে কয়, "মই বহুত সুখী। মই তিনিবাৰ মেইনছ পৰীক্ষা লিখিছো। মই KPSC পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছিলো। এই সফলতা মই মোৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীক উৎসৰ্গা কৰিছো, যিসকলে মোক গোটেইখিনি সময়তে সহায় কৰিছিল। মই সিহঁতক কেতিয়াও পাহৰিব নোৱাৰো।"
 
হনুমন্তপ্পা নন্দী সফলতা উদযাপন কৰিছে হনুমন্তপ্পাৰ সম্প্ৰদায়ে
 
নন্দীয়ে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰটো তেওঁৰ পৰিয়ালৰ লোকে পোৱাৰ লগে লগে সকলোৱে আনন্দত কান্দি উঠে। তেওঁৰ পিতৃ, মাতৃ, পত্নী যশোদা, আৰু ভায়েক আনন্দ সকলো উল্লসিত হৈ পৰে। গোটেই গাঁওবাসী তেওঁক লৈ গৌৰৱান্বিত হৈ পৰে। এসময়ত গাঁৱৰ চৰকাৰী বিদ্যালয়ত পঢ়া ল’ৰাটো আজি সমাজৰ বাবে এক নতুন আশা আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। হনুমন্তপৰ কাহিনী অতি প্ৰেৰণাদায়ক।
 
চৰকাৰী প্ৰাথমিক বিদ্যালয় কোডলী ৱাডাত ১ম শ্ৰেণীৰ পৰা ৭ম শ্ৰেণীলৈ অধ্যয়ন কৰি তাৰ পিছত সত্যগিৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰি নন্দীয়ে ধাৰৱাড়ৰ কে চি ডি কলেজৰ পৰা পি ইউ চি কৰিছিল। তেওঁ বেলাগাভিৰ গোগেটা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বি ই (মেকানিকেল ইঞ্জিনিয়াৰিং) সম্পূৰ্ণ কৰে। চৰকাৰী বৃত্তিৰ জৰিয়তে তেওঁ দিল্লী অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাবলৈ গৈছিল, যিটো বছৰ তেওঁৰ সফলতাৰ ভেটি হৈ পৰিছিল। শংকৰা আই এ এছ, ইনচাইটছ আই এ এছ, আক্কা আই এ এছৰ দৰে প্ৰতিষ্ঠিত প্ৰশিক্ষক কেন্দ্ৰত তেওঁ কঠোৰ পৰিশ্ৰমেৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।
 
হনুমন্তপ্পা নন্দীয়ে বেংগালুৰুৰ এটা সৰু ভাড়া কোঠাত বাস কৰিছিল। তেওঁ দুখীয়া আৰু অভাৱগ্ৰস্ত লোকক সেৱা কৰাৰ সপোন দেখে। তেওঁ ভাৰতীয় ৰাজহ সেৱা বা ভাৰতীয় ৰেল সেৱাত যোগদান কৰিব বিচাৰে। যিখন দেশত দৰিদ্ৰতাই সততে সপোন স্তব্ধ কৰে, সেইখন দেশত হনুমন্তপা য়াল্লাপ্পা নন্দিৰ কাহিনী এটা প্ৰেৰণাদায়ী উদাহৰণ।


শেহতীয়া খবৰ