জম্মু-কাশ্মীৰৰ কুপৱাৰাত এগৰাকী সমাজকৰ্মীক গুলীয়াই হত্যা

Story by  atv | Posted by  [email protected] • 1 Years ago
জম্মু-কাশ্মীৰৰ কুপৱাৰাত এগৰাকী সমাজকৰ্মীক গুলীয়াই হত্যা
জম্মু-কাশ্মীৰৰ কুপৱাৰাত এগৰাকী সমাজকৰ্মীক গুলীয়াই হত্যা
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ দেওবাৰে সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে ৪৫ বছৰীয়া এজন সমাজকৰ্মীক। কুপৱাৰা জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
 
শনিবাৰে দুপৰ নিশা কান্দিখাছ অঞ্চলৰ বাসগৃহৰ ভিতৰতে গুলাম ৰছুল মাগ্ৰে নামৰ সমাজকৰ্মীজনক আক্ৰমণ কৰা হয়।
 
ঘটনাৰ পাছতে ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বিষয়াসকলে সদৰি কৰে যে, "এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই।"  ২২ এপ্ৰিলত পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী ভয়ংকৰ আক্ৰমণৰ পিছত সমগ্ৰ উপত্যকাটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিন্তু নিৰাপত্তা বৃদ্ধি পোৱাৰ সময়তে এই গুলীচালনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।