২য় বৰ্ষপূৰ্তিত আৱাজ-দ্য ভইচৰ মাৰাঠী সংস্কৰণ মুকলি

Story by  atv | Posted by  [email protected] • 2 Years ago
আৱাজ-দ্য ভইচ দিল্লী কাৰ্য্যলয়ৰ সদস্যসকল
আৱাজ-দ্য ভইচ দিল্লী কাৰ্য্যলয়ৰ সদস্যসকল
প্ৰিয় পাঠকবৃন্দ 
 
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ২০২১ চনৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনত মুকলি হোৱা আৱাজ-দ্য ভইচে সফলতাৰে দুবছৰ সম্পূৰ্ণ কৰিলে। আৱাজ-দ্য ভইচ আমি কম সংখ্যক মানুহৰদ্বাৰা সৰুকৈ আৰম্ভ কৰিছিলোঁ, য'ত আমি এক নতুন আৰু ধনাত্মক সাংবাদিকতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। 
 
 
আৱাজ-দ্য ভইচৰ আৰম্ভণিতে তিনিটা সংস্কৰণ আছিল- ইংৰাজী, হিন্দী আৰু ঊৰ্দু। পিছলৈ ২০২১ চনত আমি আমাৰ অসমীয়া সংস্কৰণটো মুকলি কৰিছিলোঁ। আমাৰ প্ৰথম তিনিটা সংস্কৰণৰ দৰে অসমীয়া সংস্কৰণটোৱেও বিপুল সফলতা লাভ কৰিছে। আজি আমি আমাৰ পঞ্চম সংস্কৰণ মাৰাঠী ভাষাত মুকলি কৰাৰ কথা ঘোষণা কৰিবলৈ পাই সুখী অনুভৱ কৰিছোঁ। 
 
এতিয়া মাৰাঠী পাঠকসকলেও আমাৰ বিষয়বস্তুবোৰ তেওঁলোকৰ নিজৰ ভাষাত পঢ়িব পাৰিব, কাৰণ আমি মহাৰাষ্ট্ৰৰ পৰাও প্ৰেৰণাদায়ক  প্ৰতিবেদনসমূহ আপোনালোকৰ মাজলৈ লৈ আহিম। আমাৰ পাঁচোটা সংস্কৰণ স্বতন্ত্ৰভাৱে প্ৰকাশিত আৰু ই কেৱল এটা সংস্কৰণৰ অনুবাদ নহয়।
 
আৱাজ-দ্য ভইচ অসমৰ সদস্যসকল
 
আমাৰ নিয়মীয়া পাঠকসকলে আমাৰ ৱেবছাইটৰ ডিজাইনৰ পৰিৱৰ্তনো নিশ্চিত ভাৱে লক্ষ্য কৰিছে। আমাৰ প্ৰিয় পাঠকসকলৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ ভিত্তিত নতুন ৰূপত ডিজাইন কৰা হৈছে। আমাৰ সম্পাদকীয় সদস্য  আৰু আমাৰ ডিজাইনাৰসকলে নতুন ডিজাইন মুকলি হোৱাৰ আগতে মাৰাথন অনুশীলন চলাইছিল যাতে আপোনালোকে নতুন ৱেবচাইটত আমাৰ বাতৰি পঢ়ি অধিক ভাল পাই। 
 
আমাৰ পাঠকৰ পৰা আমি অসংখ্য ই-মেইল লাভ কৰিছিলোঁ, যিসকলৰ মতে আমাৰ শুদ্ধ আৰু ইতিবাচক বাতৰিৰ প্ৰচাৰ তেওঁলোকৰ বাবে মূলসুঁতিৰ সাংবাদিকতাৰ নেতিবাচকতাৰ বিপৰীতে এক সতেজ পৰিৱৰ্তন। আমি আমাৰ পাঠকসকলৰ পৰামৰ্শ  আগত ৰাখি আমাৰ বিষয়বস্তু অধিক কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আমাৰ নতুন ডিজাইনৰ লক্ষ্য হৈছে পাঠকৰ অভিজ্ঞতাক অধিক আনন্দদায়ক কৰি তোলা।
 
আপোনালোকক অৱগত কৰি ৰাখিবলৈ আমি আপোনালোকৰ মাজলৈ শেহতীয়া খবৰবোৰ লৈ আহিম যদিও এতিয়া আমাৰ গুৰুত্ব আমাৰ ধৰণৰ বিষয়বস্তুৰ ওপৰত হ’ব। যাৰ বাবে আমাক আমাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পাঠকেও আগ্ৰহেৰে আদৰি লয়। এই দুবছৰৰ সফলতা সম্ভৱ হৈ উঠিল কেৱল আমাৰ পাঠকৰ ব্যাপক সঁহাৰিৰ বাবে। আমি আমাৰ পাঠকসকলক ধন্যবাদ জনাইছো আৰু অনুৰোধ কৰিছো যে আমাৰ নতুন সংস্কৰণ 'আৱাজ-দ্য ভইচ মাৰাঠী'ক সমৰ্থন কৰক, যেনেকৈ এতিয়ালৈ আপোনালোকে আমাৰ আন চাৰিটা সংস্কৰণক সমৰ্থন জনাই আহিছে। 
 
আমাক সহায় কৰা আৰু আমাৰ সাংবাদিকতাৰ পথটোক বিশ্বাস কৰাৰ বাবে ফাউণ্ডেশ্যন ফৰ প্লুৰালিষ্টিক ৰিচাৰ্চ এণ্ড এম্পাৱাৰমেণ্ট আৰু আমাৰ পৃষ্ঠপোষকসকলকো আমি ধন্যবাদ জনাইছো। এই দুবছৰত আমাৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আমাৰ ইতিবাচক বাতৰি প্ৰায় ৬.২ কোটি লোকৰ কাষ চাপিছে। ভাৰতৰ ভিতৰতে আমি অন্যতম দ্ৰুতগতিত আগবঢ়া মিডিয়া প্লেটফৰ্ম বুলি ক’বলৈ আমাৰ কোনো সংকোচ নাই।
 
 
আমাৰ দুবছৰীয়া যাত্ৰাৰ সময়ছোৱাত বহু লোকে আমাৰ লগত সংযোগ স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছে। আমাৰ বিষয়বস্তুৱে ইতিবাচক সাংবাদিকতাৰ শক্তিৰ বিষয়ে মানুহক সঁচাকৈয়ে পতিয়ন নিয়াইছে। সাংবাদিক হিচাপে নিজৰ কৰ্তব্য পালনত আমি সাংবাদিকতাৰ উচ্চ মানদণ্ড আৰু নৈতিকতা পালন কৰি আহিছোঁ। একে সময়তে সাংবাদিকক কেৱল নেতিবাচকতা বিচাৰিবলৈহে প্ৰশিক্ষণ দিয়া ধাৰণাটোক আমি সফলতাৰে প্ৰত্যাহ্বান জনাইছো।  
 
আৱাজ-দ্য ভইচ মাৰাঠীৰ সদস্যসকল
 
ক্ৰমবৰ্ধমান সংঘাতেৰে জৰ্জৰিত জগতখনত আমি বিশ্বাস কৰোঁ যে আমাৰ ধৰণৰ ইতিবাচক সাংবাদিকতাই হৈছে সকলোকে একেলগে আগবঢ়াই লৈ যোৱাৰ পথ। আমাৰ লগত সংগতি থকা সকলো লোকৰে এই মতামত। সেই বাবেই আমাৰ বাতৰি সংগ্ৰাহক আৰু অৱদানকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। আৱাজ-দ্য ভইচ এক স্বতন্ত্ৰ ডিজিটেল মাল্টিমিডিয়া প্লেটফৰ্ম হিচাপে আত্মপ্ৰকাশ কৰিছে। যি সৰ্বাংগীন ভাৰতৰ বাবে এক বিকল্প কণ্ঠস্বৰ ৰূপত পৰিণত হৈছে।
 
আমাৰ লক্ষ্য হৈছে সৰু নেতিবাচক দিশৰ পৰা বৃহৎ ইতিবাচক দিশলৈ, সংখ্যালঘুৰ কণ্ঠৰ পৰা নিৰৱ সংখ্যা গৰিষ্ঠলৈ, লগতে সংবেদনশীলতাক তথ্যলৈ স্থানান্তৰ কৰাৰ লক্ষ্য ৰাখিছো। সংগ্ৰাম আৰু সফলতাৰে এই পৰ্যন্ত যাত্ৰা সুন্দৰ হৈ আহিছে। স্বতন্ত্ৰ, অবাণিজ্যিক, অ-ৰাজনৈতিক আৰু ভাৰতৰ বৈচিত্ৰ্যক গভীৰভাৱে সন্মান জনোৱা আমাৰ পৰ্টেলে এতিয়া দুবছৰ ধৰি মানৱ স্থিতিস্থাপকতা, শান্তিপূৰ্ণ পাৰস্পৰিক সহাৱস্থান, ভাৰতৰ সংহত পৰম্পৰা আৰু সমগ্ৰ ভাৰতৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ ইতিবাচক কাহিনীসমূহ উলিয়াই আনিছে। 
 
আমি বিশ্বাস কৰোঁ যে, জাতি, অঞ্চল আৰু ভাষাৰ ৰেখাডালৰ সিপাৰে আমাৰ বহুতো সাধাৰণ চিন্তা, ভাগ কৰা প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ দৃষ্টিভংগী, মানুহ, সম্প্ৰদায় আৰু বিশ্বক একত্ৰিত কৰাৰ বহু সম্ভাৱনা ৰাখে। আপোনালোকৰ সহায়ৰ বাবে আমি কৃতজ্ঞ আৰু আশা কৰোঁ আপোনালোকে আমাক উৎসাহিত কৰাৰ লগতে প্ৰচাৰ কৰি থাকিব।