নতুন দিল্লী
বলিউড অভিনেতা ৰাজপাল যাদৱ তিহাৰ জেলত কাৰাবন্দী হৈ থকাৰ সময়তে শ্ৰেয়াস তালপাড়ে আইনী মেৰপেছত সোমাই পৰিছে।
শ্ৰেয়াস তালপাড়েকে ধৰি ১২জন লোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ঘটনাটো মইনপুৰীৰ ভোগাঁৱৰ,য’ত অভিনেতা শ্ৰেয়াস তালপাড়েকে ধৰি ১২ জন লোকৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰা হৈছিল।
এজন বিনিয়োগকাৰীৰ অভিযোগৰ ওপৰত আদালতৰ নিৰ্দেশৰ পিছত এই গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
বিষয়টো মৈনপুৰীৰ ভোগাঁও থানা এলেকাৰ মোহল্লা মিশ্ৰনাৰ। অভিযোগকাৰীয়ে আদালতত আবেদন দাখিল কৰিছিল যে শ্ৰেয়াছ তালপাড়ে আৰু তেওঁৰ সহযোগীসকলে মুম্বাইস্থিত কথিত বেংক শাখাৰ জৰিয়তে গাঁওবাসী আৰু চহৰবাসীক বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল।
তেওঁলোকক বিশাল লাভৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল,কিন্তু বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই নাপালে। অভিযোগকাৰীৰ মতে, বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ধন পোৱা নাছিল।যেতিয়া তেওঁলোকৰ লাখ লাখ টকাৰ ধন হেৰাই গ’ল, তেতিয়া বিষয়টো আদালত পাইগৈ।
আদালতৰ নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। অৱশ্যে এই বিষয়ত শ্ৰেয়াছ তালপাড়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু অভিযুক্তৰ বিৰুদ্ধে জালিয়াতি, অপৰাধমূলক আস্থা ভংগ ইত্যাদি ধাৰাত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।অৱশ্যে শ্ৰেয়াছ তালপাড়েৰ বিৰুদ্ধে এইবাৰেই ধনৰ কেলেংকাৰীৰ নাম সাঙোৰ খোৱা নাই।
ইয়াৰ পূৰ্বে যোৱা বছৰত লনী আৰ্বান মাল্টি ষ্টেট ক্ৰেডিট এণ্ড থ্ৰিফ্ট সমবায় সমিতিৰ সৈতে জড়িত কেইবাটাও গোচৰত তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছিল।