ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

Story by  atv | Posted by  [email protected] • 1 Months ago
ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
 
নতুন দিল্লী
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকাৰ কথা ৰাজহুৱা কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে কেইবাঠাইত ৭০-৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ কথাও জানিবলৈ দিয়ে।
 
বতৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তাৰোপৰি বিভিন্ন এলেকাত অ’ৰেঞ্জ এলাৰ্ট, ইয়েল এলাৰ্ট জাৰি কৰিছে।
 
ওদালগুৰি, বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰিছে অ’ৰেঞ্জ এলাৰ্ট। এইকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ প্ৰবল সম্ভাৱনা আছে।
 
আনহাতে ধেমাজি, লখিমপুৰ, কাৰ্বিআংলং, কাছাৰ, শ্ৰীভূমি আদি জিলাত জাৰি কৰিছে ইয়েল এলাৰ্ট। এইকেইখন জিলাত কম- বেছি পৰিমাণে বৰষুণ আহিব পাৰে বুলি জানিবলৈ দিয়ে। ইফালে চিৰাং, কামৰূপ(ম), কামৰূপ(গ্ৰাম্য) জিলাত কিনকিনীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকণি আহিব পাৰে।