দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত বিপদাপন্ন হালধীয়া ফুটুকী কাছ উদ্ধাৰ

Story by  atv | Posted by  [email protected] • 1 h ago
দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত বিপদাপন্ন হালধীয়া ফুটুকী কাছ উদ্ধাৰ
দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত বিপদাপন্ন হালধীয়া ফুটুকী কাছ উদ্ধাৰ
 
গুৱাহাটী
 
ভাৰতৰ অলুনীয়া পানী বা মিঠা পানীত উপলব্ধ ৩১ প্ৰজাতিৰ কাছৰ ভিতৰত  অসমতে প্ৰায় ২১ প্ৰজাতিৰ কাছ, দুৰা কাছ পোৱা যায়। এই বৈচিত্ৰ্যই অসমৰ জীৱবৈচিত্ৰ্যৰ স্বকীয়তাকে প্ৰতীয়ামান কৰে।  চিন্তনীয় যে এই প্ৰাগঐতিহাসিক সৰীসৃপৰ সংখ্যা বিভিন্ন কাৰণত দ্ৰুতভাৱে কমি আহিছে।  এনে এক পৰিস্থিতিৰ মাজত যোৱা ১৪ মে’ত  গুৱাহাটীস্থ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দিনৰ প্ৰায় ১১ বজাত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৰষা ৰাভা আৰু প্ৰমিলা টেৰনৰ দৃষ্টিগোচৰ হয় এটি কাছ। অতি মনোমহা এই হালধীয়া ফুটুকী কাছ বা বেঙা কাছটো  (Indian Flapshell Turtle ) বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৎপৰতাত উদ্ধাৰ কৰা হয়।
 
ভাৰতৰ  বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ৰ অনুসূচী -১ত (Schedule I) আৰু CITES ৰ পৰিশিষ্ট-২ অন্তৰ্ভুক্তিৰ দ্বাৰা এই প্ৰজাতিটোক আইনী সুৰক্ষা প্ৰদান কৰা হৈছে। আনহাতে IUCN নামৰ আন্তৰাষ্ট্ৰীয় সংস্থাই ইয়াক সংকটাপন্ন  প্ৰাণী,  যাৰ আবাদী ক্ৰমে হ্ৰাস পাই অহা বুলি সতৰ্ক কৰি দিছে।
 
জলফাই ৰঙৰ পিঠি আৰু মূৰত হালধীয়া ফুটুকা-ফুটুকী ফোট থকাৰ লগতে বুকুত হালধীয়া চকলা থকাৰ বাবে এইবিধ প্ৰজাতিৰ কাছক অসমীয়াত হালধীয়া ফুটুকী কাছ বা বেঙা কাছ বুলি জনা যায়। খাল-বিল, নলা, জান, নদী আদিকে ধৰি বিভিন্ন ঠাইত সহজে এই প্ৰজাতিৰ কাছৰ অভিযোজন কৰিব পৰা ক্ষমতা থকাৰ বাবে ইয়াৰ প্ৰধান বিস্তৃতি অসম আৰু মেঘালয়ৰ উপৰিও পাকিস্তান, নেপাল, বাংলাদেশ, শ্ৰীলংকা আৰু উত্তৰ ম্যানমাৰলৈকে দেখা যায়।  কিন্ত বৰ্তমান সময়ত স্হানীয় জলাশয়ৰ সংকোচন, চোৰাং বেহা, জল-প্ৰদূষণ  আদি অন্যতম কাৰণত এইবিধ প্ৰজাতিৰ কাছৰ সংখ্যা দ্ৰুত গতিত কমি আহিবলৈ ধৰিছে।
 
উদ্ধাৰৰ  সময়ত আৰণ্যকৰ হৈ টিকেন্দ্ৰজিত গগৈয়ে উপস্থিত থাকি ছাত্ৰ- ছাত্ৰী সকলক অসমত পোৱা কাছৰ প্ৰজাতিৰ লগতে জলজ পৰিবেশতন্ত্ৰত এই জীৱৰ ভূমিকা সম্পৰ্কে মত বিনিময় কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ জীৱবৈচিত্ৰ্যতাৰ গুৰুত্ব সম্পৰ্কে  আলোকপাত কৰে। তেওঁ  উল্লেখ কৰে যে একে ধৰণৰ প্ৰজাতিৰ উপস্থিতিয়ে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰাৰ লগতে ভাৰতীয় সংবিধানে বন, বন্যপ্ৰাণীৰ  ৰক্ষণাবেক্ষণৰ প্ৰতি নাগৰিকক অৰ্পন কৰা দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতিও সচেনত হোৱাত সহায় কৰিব।
 
উল্লেখ্য যে এই বিদ্যালয়ত দীৰ্ঘ দিনৰ পৰা আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সক্ষমতা বৃদ্ধি বিকাশ বিভাগে সৰ্ব শিক্ষা অসম, অসম পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ সহযোগত বহনক্ষম শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। আজিৰ কাছৰ উদ্ধাৰ ঘটনাত বিদ্যালয়ৰ প্ৰশাসন তথা শিক্ষাৰ্থীয়ে প্ৰদৰ্শন কৰা আচৰণ আৰণ্যকৰ এনে ধাৰাবাহিক কাৰ্যসূচীৰ প্ৰভাৱ বুলি কোৱাৰ থল আছে। সেয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকে অনতিবিলম্বে আৰণ্যকক খবৰ দিয়া ফলত আপুৰুগীয়া কাছটিক উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ চেষ্টা কৰে। কাছটি উদ্ধাৰ কৰাত বন বিভাগৰ সক্ৰিয় সহযোগিতাও আছিল প্ৰশংসনীয়।
 
উদ্ধাৰ কৰাৰ সময়ত প্ৰায় ২৫ ছেমি  দীঘল আৰু ১৪ ছেমি বহল এই কাছটোক অসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া প্ৰণৱ  বড়িৰ তত্তত্বাৱধানত ততাতৈয়াকৈ ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় ।  বিদ্যালয়খনৰ চৌহদত এনে ধৰণৰ বিপদাপন্ন প্ৰজাতিৰ কাছৰ উপস্থিতয়ে স্হানীয় চহকী জীৱবৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ চানেকি বুলি বিদ্যাল়যৰ মুৰব্বী শ্ৰীযুতা ৰীনা দাসে উল্লেখ কৰে।
 
আনহাতে  জীৱ বিজ্ঞানী ড. জয়াদিত্য পুৰকায়স্থই এই প্ৰসংগত কয় যে এনে বিপদাপন্ন প্ৰজাতিৰ কাছৰ উপস্থিতিয়ে গুৱাহাটীৰ মহানগৰীয় জলজ জীৱবৈচিত্ৰ্যৰ ইতিবাচক দিশৰ ইংগিত দিয়াৰ লগতে জলজ-পৰিস্থিতন্ত্ৰৰ সাম্প্ৰতিক স্থিতি ই এক চিন্তাৰ বিষয় বুলি মন্তব্য কৰে।  বাৰিষাৰ সময়ত কাছই কণী পাৰিবলৈ সুবিধাজনক নিৰ্দিষ্ট ওখ ঠাই বিচাৰি জলাশয়/ নদী/ পুখুৰী/নলা/ নৰ্দমাৰ পৰা উঠি আহে l কিন্তু  গুৱাহাটী মহানগৰত  এনে জলাশয়/ নদীৰ/ পুখুৰী/নলা/ নৰ্দমাৰ পাৰসমূহ  কংক্ৰিটলৈ ৰূপান্তৰিত হোৱাৰ বাবে  এনে জীৱই কণী পাৰিবৰ বাবে  সুবিধাজনক নিৰ্দিষ্ট ঠাই বিচাৰি নোপোৱা হৈছে। ফলস্বৰূপে এনেকুৱা জনসমাগম থাক ঠাইত কণী পাৰিবৰ বাবে অহাৰ সময়ত মানুহৰ চকুত ধৰা পৰাৰ সম্ভাৱনা আছে।