যোৰহাটত ভয়ংকৰ বিস্ফোৰণ; দুজনৰ মৃত্যু, দুজন আহত

Story by  atv | Posted by  [email protected] • 3 h ago
যোৰহাটত ভয়ংকৰ বিস্ফোৰণ
যোৰহাটত ভয়ংকৰ বিস্ফোৰণ
 
যোৰহাট
 
অসমৰ যোৰহাট জিলাত শনিবাৰে এটা বিস্ফোৰণত এজন নাবালকসহ দুজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষীয়ে জনাইছে।
 
যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই জনোৱা মতে, চহৰখনৰ ৰাজামৈদাম নিউ কলনীত এজন ভঙা-চিঙা বস্তুৰ ব্যৱসায়ীৰ (scrap dealer) ভাড়াঘৰত এই বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হয়।
 
আহতসকলক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হৈছে।
 
জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, বিস্ফোৰণৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই আৰু ফৰেনচিক দল এটা তথ্য-প্ৰমাণ সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে।
 
তেওঁ লগতে কয় যে সোধা-পোছাৰ বাবে ছয়জন লোকক আটক কৰা হৈছে আৰু বৰ্তমান তদন্ত চলি আছে। মৃত লোক দুজনৰ পৰিচয় ৪০ বছৰীয়া নুৰ মহম্মদ আৰু আঠ বছৰীয়া নেইনা বেগম বুলি চিনাক্ত কৰা হৈছে।


শেহতীয়া খবৰ