ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব অসমে

Story by  atv | Posted by  Munni Begum • 8 h ago
আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰক সাক্ষাৎ কৰি ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে সেই বিষয়ে আলোকপাত কৰে। হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ নেতৃত্ব লোৱাৰ সময়তে গুৱাহাটীত দুয়োগৰাকী নেতাৰ মাজত এই বৈঠক অনুষ্ঠিত হয়।   
 
এক্সত এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আজি সন্ধিয়া আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰৰ সৈতে বৈঠকত মিলিত হওঁ। ভাৰত আৰু আমেৰিকাই আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগে লগে অসমে এই বিশেষ অংশীদাৰিত্বত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে।" 
এইক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰদূতদূতে গ’ৰেও ইতিবাচক ভাৱ প্ৰকাশ কৰে, তেওঁ আগন্তুক সম্ভাৱনাক লৈ আশা প্ৰকাশ কৰে। এক্সত এক পোষ্টত গ’ৰে লিখে, "আজি আপোনালোকৰ লগত যোগদান কৰিবলৈ পোৱাটো এক সন্মান! আপোনাৰ আতিথ্যৰ বাবে ধন্যবাদ।"  
 
ইয়াৰ পূৰ্বে এক্সৰ এক পোষ্টত ৰাষ্ট্ৰদূত গ’ৰে আমেৰিকা আৰু অসমৰ মাজত বাণিজ্যিক সহযোগিতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰিছিল৷ পোষ্টটোত গ’ৰে লগতে লিখিছে, "আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আমন্ত্ৰণ পোৱাৰ বাবে গৌৰৱবোধ কৰিছোঁ। আমেৰিকা আৰু অসমৰ বহু বাণিজ্যিক সম্পৰ্ক আছে আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আমাৰ দুয়োখন দেশৰ বাবে আৰু বহু সফল পৰ্যায় চিনাক্ত কৰিম!" 
মঙলবাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীন, কেন্দ্ৰীয় জ্যেষ্ঠ মন্ত্ৰী, এনডিএ শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও উপস্থিত থাকে।