নতুন দিল্লী
হিন্দুগতিক এক "জীৱন ধাৰণৰ পদ্ধতি" (Way of life) হিচাপে বৰ্ণনা কৰি উচ্চতম ন্যায়ালয়ে বুধবাৰে কয় যে এজন হিন্দু ধৰ্মাৱলম্বী লোকে হিন্দু হৈ থাকিবলৈ বাধ্যতামূলকভাৱে মন্দিৰ দৰ্শন কৰা বা ধৰ্মীয় ৰীতি-নীতি পালন কৰাটো প্ৰয়োজনীয় নহয়।
কেৰালাৰ পাহাৰৰ ওপৰত অৱস্থিত ভগৱান আয়াপ্পাৰ বিখ্যাত শাবৰীমালা মন্দিৰত ১০ৰ পৰা ৫০ বছৰ বয়সৰ মহিলাৰ প্ৰৱেশৰ ওপৰত থকা পুৰণি নিষেধাজ্ঞা বাতিল কৰি ২০১৮ চনত উচ্চতম ন্যায়ালয়ে যি ৰায় দিছিল, সেই ৰায়ৰ পুনৰ্বিবেচনা বিচাৰি দাখিল কৰা আবেদনসমূহৰ ওপৰত চলা শুনানিৰ ১৫-তম দিনা এই মন্তব্য কৰা হয়। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত ৯ জনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে আনকি ঘৰৰ ভিতৰত চাকি এগছি জ্বলোৱাটোৱেই এজনৰ বিশ্বাস প্ৰমাণ কৰিবলৈ যথেষ্ট।
এই বিচাৰপীঠত ন্যায়াধীশ বি ভি নাগাৰত্ন, ন্যায়াধীশ এম এম সুন্দ্ৰেশ, ন্যায়াধীশ আহচানুদ্দিন আমানুল্লাহ, ন্যায়াধীশ অৰবিন্দ কুমাৰ, ন্যায়াধীশ আগষ্টিন জৰ্জ মচিহ, ন্যায়াধীশ প্ৰসন্ন বি বৰালে, ন্যায়াধীশ আৰ মহাদেৱন আৰু ন্যায়াধীশ জয়মাল্য বাগচী অন্তৰ্ভুক্ত আছে। এই বিচাৰপীঠখনে দাউদী বোহৰা সম্প্ৰদায়কে ধৰি বিভিন্ন ধৰ্মই পালন কৰা ধৰ্মীয় স্বাধীনতাৰ পৰিসৰো পৰীক্ষা কৰি আছে।
বিচাৰপীঠৰ এই মন্তব্যসমূহ এগৰাকী হস্তক্ষেপকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা জি মোহন গোপালে কৰা যুক্তিৰ পাছত আহে। গোপালে কৈছিল যে ধৰ্মীয় সম্প্ৰদায়সমূহৰ ভিতৰৰ পৰা উত্থাপিত সামাজিক ন্যায়ৰ দাবীবোৰ শীৰ্ষ আদালতে আওকাণ কৰিব নালাগে।
গোপালে প্ৰশ্ন উত্থাপন কৰে, "হিন্দুগতিক এটা ধৰ্মীয় শ্ৰেণী হিচাপে সংজ্ঞায়িত কৰা হৈছিল। তাৰ পিছত, ১৯৬৬ চনত এইটো ধাৰণা কৰা হৈছিল যে এজন হিন্দু হ’ল তেওঁ যিয়ে ধৰ্ম আৰু দৰ্শনৰ সকলো বিষয়তে বেদক সৰ্বোচ্চ কৰ্তৃত্ব হিচাপে গ্ৰহণ কৰে। তেওঁলোকে মোক কেতিয়াও সোধা নাছিল। আমাৰ কোনেও কেতিয়াও তেনে কথা কোৱা নাছিল। এতিয়া, বেদৰ প্ৰতি মোৰ সৰ্বোচ্চ সন্মান আৰু প্ৰশংসা আছে। কিন্তু বৰ্তমান হিন্দু হিচাপে শ্ৰেণীভুক্ত প্ৰতিজন ব্যক্তিয়েই সকলো আধ্যাত্মিক আৰু দৰ্শনৰ বিষয়ত বেদক সৰ্বোচ্চ কৰ্তৃত্ব হিচাপে গ্ৰহণ কৰাটো সঁচানে?"
ন্যায়াধীশ নাগাৰত্নই কয়, "সেইকাৰণেই হিন্দুগতিক জীৱন ধাৰণৰ পদ্ধতি বুলি কোৱা হয়। এজন হিন্দু হৈ থাকিবলৈ এজন হিন্দুৱে বাধ্যতামূলকভাৱে মন্দিৰলৈ যোৱা বা ধৰ্মীয় অনুষ্ঠান পালন কৰাটো প্ৰয়োজনীয় নহয়।" তেওঁ লগতে কয় যে এজন ব্যক্তি ধৰ্মীয় ৰীতি-নীতি সৰ্বস্ব হোৱাৰ প্ৰয়োজন নাই আৰু মানুহৰ বিশ্বাসৰ পথত কোনেও বাধা হৈ থিয় দিব নোৱাৰে।
মুখ্য ন্যায়াধীশ কান্তই কয়, "আনকি এজন ব্যক্তিয়ে নিজৰ পঁজাগৰালৰ ভিতৰত এগছি চাকি জ্বলোৱাটোৱেই তেওঁৰ ধৰ্ম প্ৰমাণ কৰিবলৈ যথেষ্ট।"
৭ মে’ত বিচাৰপীঠখনে কৈছিল যে যদি ব্যক্তিয়ে সাংবিধানিক আদালতৰ সন্মুখত ধৰ্মীয় আচাৰ-আচৰণ বা ধৰ্মৰ বিষয়সমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে, তেন্তে বিভিন্ন ৰীতি-নীতিক প্ৰশ্ন কৰি শ শ আবেদন দাখিল হ’ব, যাৰ ফলত ধৰ্ম আৰু সভ্যতা ভাঙি পৰিব।
ন্যায়াধীশ নাগাৰত্নই কৈছিল যে ভাৰতক আন যিকোনো অঞ্চলৰ পৰা পৃথক কৰা কথাটো হ’ল ইমান বহুত্ব আৰু বৈচিত্ৰ্য থকাৰ পাছতো "আমি এক সভ্যতা"।
ন্যায়াধীশ নাগাৰত্নই কয়, “আমাৰ ভাৰতীয় সমাজত এটা স্থিৰ কথা হৈছে ধৰ্মৰ সৈতে মানুহৰ—পুৰুষ, মহিলা আৰু শিশুৰ সম্পৰ্ক। এতিয়া, এটা ধৰ্মীয় প্ৰথা বা ধৰ্মৰ বিষয় কেনেকৈ প্ৰশ্ন কৰা হয়... ক’ত প্ৰশ্ন কৰা হয়... ইয়াক প্ৰশ্ন কৰিব পাৰি নেকি... সংস্কাৰৰ বাবে ই এটা ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰৰ প্ৰশ্ন হ’ব লাগিব নেকি নে ৰাষ্ট্ৰই কৰিব লাগিব নে আপুনি বিচাৰে যে আদালতে এই সকলোবোৰ দিশত ৰায় দান কৰক... এই কথাটোৱে আমাক চিন্তিত কৰিছে...”
তেওঁ লগতে কয়, “আমি যিটো সিদ্ধান্ত ল’ম সেয়া ভাৰত নামৰ এক সভ্যতাৰ বাবে হ’ব... সকলো অৰ্থনীতিৰ পাছতো ভাৰত প্ৰগতিশীল হ’বই লাগিব, আমাৰ মাজত যি ধ্ৰুৱক বা স্থিৰ সত্য আছে তাক আমি ভাঙিব নোৱাৰো। সেইটোৱেই আমাক অশান্তি দিছে।”
২০১৮ চনৰ ২৮ ছেপ্টেম্বৰত তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত গঠিত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে ৪:১ ভোটৰ জৰিয়তে ১০ৰ পৰা ৫০ বছৰ বয়সৰ মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা পুৰণি পৰম্পৰাক ওফৰাই দি যিকোনো বয়সৰ মহিলাক শাবৰীমালাৰ ভগৱান আয়াপ্পাৰ মন্দিৰত প্ৰৱেশৰ অনুমতি দিছিল।
বিচাৰপীঠৰ একমাত্ৰ মহিলা ন্যায়াধীশ ইন্দুমলহোত্ৰাই বিপৰীতমুখী ৰায় দিছিল আৰু পুৰণি প্ৰথাটোক সমৰ্থন কৰিছিল।
২০১৮ চনৰ ৰায়দানৰ পুনৰ্বিবেচনা বিচাৰি দাখিল কৰা আবেদনসমূহৰ ওপৰত ৰায়দান কৰাৰ সময়ত ২০১৯ চনৰ ১৪ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে গোচৰটোৰ পৰিসৰ বৃদ্ধি কৰে আৰু বিভিন্ন ধৰ্মত থকা বৈষম্যমূলক প্ৰথাৰ সাতটা বিষয় সাতজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰে। বৰ্তমান এই ৯ জনীয়া সাংবিধানিক বিচাৰপীঠখনে এই সকলোবোৰ বিষয় পৰীক্ষা কৰি আছে।