লক্ষ্ণৌ
সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ কনিষ্ঠ পুত্ৰ তথা অখিলেশ যাদৱৰ সতীয়া ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ। বুধবাৰে পুৱা ৬:০০ বজাত বিক্ৰমাদিত্য বাসগৃহত প্ৰতীকৰ স্বাস্থ্যৰ অৱনতি ঘটনাত তেওঁক ততাতৈয়াকৈ লক্ষ্ণৌ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
শ্যামা প্ৰসাদ মুখাৰ্জী চিকিৎসালয়ৰ চিএমএছ ডাঃ দেৱেশ চন্দ্ৰই কয় যে, প্ৰতীক যাদৱক চিকিৎসালয়লৈ অনা হয়, যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়৷ প্ৰতীকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁ মৃতদেহ কিং জৰ্জৰ মেডিকেল ইউনিভাৰ্চিটি (কেজিএমইউ) লৈ প্ৰেৰণ কৰা হৈছে৷
প্ৰতীক যাদৱৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ সৈতে জড়িত বহু সংখ্যক লোক চিকিৎসালয়ত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱো কেজিএমইউত উপস্থিত হৈ প্ৰতীকৰ মৃত্যুত শোকপ্ৰকাশ কৰে। প্ৰতীক যাদৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত অখিলেশ যাদৱে সংবাদিকৰ সন্মুখত তেওঁৰ মৃত্যু অতি দুখজনক বুলি উল্লেখ কৰিছে।
ফিটনেছ অনুৰাগী প্ৰতীক যাদৱে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল৷ অৱশ্যে তেওঁৰ পত্নী অপৰ্ণা বিষ্ট যাদৱে বিজেপিত যোগদান কৰিছিল আৰু তেওঁ বৰ্তমান ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ৷ তেওঁ মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ।
তেওঁ ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। দেশৰ অন্যতম বিশিষ্ট ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰিলেও তেওঁ ৰাজনীতিৰ পৰা দূৰৈত আছিল আৰু ৰিয়েল এষ্টেট আৰু ফিটনেছ ব্যৱসায় চলাইছিল।
তেওঁ লক্ষ্ণৌৰ ‘দ্য ফিটনেছ প্লেনেট’ নামৰ জিমৰ স্বত্বাধিকাৰী আছিল আৰু "জীৱ আশ্ৰয়" নামৰ এটি সংস্থাও চলাইছিল, যিয়ে ৰাজপথৰ কুকুৰক উদ্ধাৰ কৰে আৰু সেইবোৰৰ চিকিৎসা, যতন লয়।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতীক যাদৱৰ মৃত্যুত শোকপ্ৰকাশ কৰি তেওঁৰ ‘আকস্মিক মৃত্যু’ ‘অত্যন্ত হৃদয়বিদাৰক’ বুলি উল্লেখ কৰে৷
তেওঁ লগতে পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি সামাজিক মাধ্যম এক্সত কয়, "উত্তৰ প্ৰদেশ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পদ্ম বিভূষণ প্ৰয়াত মুলায়ম সিং যাদৱৰ পুত্ৰ তথা উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ শ্ৰীযুত অপৰ্ণা যাদৱৰ স্বামী প্ৰতীক যাদৱ ডাঙৰীয়াৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই অপৰিসীম ক্ষতি সহ্য কৰিব পৰাকৈ শোকসন্তপ্ত পৰিয়ালক শক্তি প্ৰদান কৰিবলৈ ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো।"
সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে সামাজিক মাধ্যম এক্সত কয়, "প্ৰতীক যাদৱ ডাঙৰীয়াৰ বিয়োগ গভীৰভাৱে দুখজনক ৷ ভগৱানে বিদেহী আত্মাক শান্তি প্ৰদান কৰক৷"
বিজেপিৰ ৰাজ্যিক সভাপতি পংকজ চৌধুৰীয়েও প্ৰতীক যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ এক্সত এটা পোষ্টত চৌধাৰীয়ে কয়, "প্ৰতীক যাদৱ প্ৰয়াত মুলায়ম সিং যাদৱৰ পুত্ৰ আৰু উত্তৰ প্ৰদেশ মহিলা আয়োগৰ উপাধ্যক্ষ শ্ৰীমতী অপৰ্ণা যাদৱৰ স্বামীৰ মৃত্যুৰ খবৰত গভীৰ শোক প্ৰকাশ কৰিছো৷"
তেওঁ লগতে কয়, "এই দুখৰ সময়ত মোৰ সহানুভূতি শোকসন্তপ্ত পৰিয়ালটোৰ প্ৰতি৷ ঈশ্বৰে বিদেহী আত্মাক তেওঁৰ ঐশ্বৰিক চৰণত স্থান প্ৰদান কৰক আৰু পৰিয়ালটোক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক৷"