৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
২৪৩ জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই)। ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু ১৪ নৱেম্বৰত হ’ব ভোটগণনা।
 
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে সোমবাৰে বিয়লি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে।
 
১০ অক্টোবৰ আৰু ১৩ অক্টোবৰ (প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে)ত অধিসূচনা জাৰি কৰা হব। মনোনয়নৰ  অন্তিম তাৰিখ  ১৭ অক্টোবৰ আৰু ২০ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন পৰীক্ষণ কৰা হব ১৮ অক্টোবৰ আৰু ২১ অক্টোবৰত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ  অন্তিম তাৰিখ হৈছে ২০ অক্টোবৰ আৰু ২৩ অক্টোবৰ। ভোটগ্ৰহণ অনুষ্ঠিত হব ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হব।  
 
ই চি আয়ে লগতে সাতখন ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলৰ আঠটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনো ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে কাৰ্যকৰী হৈছে নিৰ্বাচনী আচৰণ বিধি। বিহাৰত মুঠ ভোটাৰৰ সংখ্যা ৭.৪৩ কোটি, যাৰ ভিতৰত ১৪.০১ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব।
 
ই চি আয়ে বিহাৰত নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণ কৰাৰ এদিন পিছতে এই ঘোষণা কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, "আমি আমাৰ ভ্ৰমণৰ সময়ত ৰাজনৈতিক দল, আৰক্ষী আৰু প্ৰশাসনৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছিলো। বিহাৰৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু স্বচ্ছ হ'ব।"
 
তেওঁ লগতে কয়, "আমি সংশ্লিষ্ট বিষয়া আৰু বলৱৎকাৰী সংস্থাসমূহক হিংসাৰ প্ৰতি শূন্য সহনশীলতাৰ বাবে কঠোৰ নিৰ্দেশনা দিছো আৰু ভুৱা বাতৰিৰ প্ৰতি সময়মতে সঁহাৰি জনাইছো।"