নতুন অপৰাধ আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ পাৰদৰ্শিতাৰ ৰেংকিং প্ৰকাশ গৃহ মন্ত্ৰ্যালয়ৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী

নতুন অপৰাধ আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ পাৰদৰ্শিতাৰ ৰেংকিং ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা এই পাৰদৰ্শিতাৰ ৰেংকিঙত অসম প্ৰথম স্থানত আছে। এই অনুসৰি অসমে মুঠ ৭২.০৩ শতাংশ লাভ কৰিছে। 
 
ইয়াৰে প্ৰশাসনিক সংশোধনৰ ২০ শতাংশৰ ভিতৰত ১৯.৬৫ শতাংশ, পৰিচালন দক্ষতাত ৪৫ শতাংশৰ ভিতৰত ২৬.০৫ শতাংশ, তথ্য, যোগাযোগ আৰু প্ৰযুক্তি ব্যৱহাৰত ২০ শতাংশৰ ভিতৰত ১৬.১৪ আৰু সংহতিত ১০ শতাংশৰ ভিতৰত ১০.০০ শতাংশ লাভ কৰি ৰেংকিঙত ৰাজ্যখনে শীৰ্ষ স্থান দখল কৰে। 
 
আনহাতে, হাৰিয়ানা ৰেংকিঙত দ্বিতীয় স্থানত থকাৰ বিপৰীতে ছিকিম তৃতীয় স্থানত আছে। সৰ্বভাৰতীয় গড় হ’ল ৪৪.৯৬ শতাংশ। প্ৰশাসনিক সংশোধনত ১৫.৭৫, পৰিচালন দক্ষতাত ১৪.১১ শতাংশ, তথ্য, যোগাযোগ আৰু প্ৰযুক্তি ব্যৱহাৰত ৮.৭৪ আৰু সংহতিত ৬.৩৬ শতাংশ। এই ৰেংকিং এতিয়া NCLI ৰ ডাশ্বব'ৰ্ডত উপলব্ধ।