সমাজৰ তীব্ৰ বাধা নেউচি শাস্ত্ৰীয় নৃত্যক একমাত্ৰ কেৰিয়াৰ হিচাপে বাচি লোৱা জাকিৰ হুছেইন

Story by  atv | Posted by  Munni Begum • 1 d ago
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইন
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইন
 
শ্ৰীলাথা এম / কইম্বাটুৰ
 
পৰম্পৰা, ধৰ্ম আৰু সামাজিক বাধাৰে আৱৰা এখন সমাজত জন্ম লোৱা এটি কণমানি ল’ৰাৰ নৃত্যপ্ৰেমে আজি এক বৃহৎ অনুপ্ৰেৰণাদায়ক কাহিনীলৈ ৰূপান্তৰ হৈছে। ভাৰতনাট্যমৰ জগতখনত নিজৰ এক সুকীয়া স্থান গঢ়ি তোলা জাকিৰ হুছেইনৰ জীৱন কাহিনীয়ে আজি সমাজ আৰু ৰাজনীতি ক্ষেত্ৰখনত হোৱা পৰিবৰৰ্তনসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। শিল্প, পৰিচয় আৰু সামাজিক ন্যায় এই তিনিটা বিষয়বস্তুৰ ওপৰতে ভিত্তি কৰি গঢ়া তেওঁৰ যাত্ৰাই এক গভীৰ অৰ্থ বহন কৰি আহিছে।   
 
শৈশৱত নিজৰ আনন্দৰ বাবে জাকিৰ হুছেইনে নাচিছিল, যিয়ে তেওঁৰ মাক-দেউতাকক যথেষ্ট আচৰিত কৰাৰ ওপৰিও যথেষ্ট চিন্তিত কৰি তুলিছিল। ডাঙৰ হৈ অহাৰ লগে লগে নৃত্যৰ প্ৰতি থকা তেওঁৰ প্ৰেমো বাঢ়ি আহিছিল। চেলেমৰ অতি পৰম্পৰাগত উৰ্দুভাষী মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা যুৱক জাকিৰ হুছেইনৰ বাবে এইয়া কোনো সহজ কথা নাছিল।   
 
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইনে মঞ্চত নৃত্য পৰিবেশন কৰাৰ এক দৃশ্য
 
আজি তেওঁৰ বয়স ৫৫ বছৰ আৰু তেওঁ সম্প্ৰতি এগৰাকী সুপৰিচিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু তামিলনাডুৰ কলা-সংস্কৃতি বিভাগৰ সন্মানীয় পৰিচালক। শৈশৱৰ কথা স্মৰণ কৰি হুছেইনে কয় যে, তেওঁৰ পৰিয়াল তেলেংগানাৰ পৰা তামিলনাডুলৈ গুচি গৈছিল। তেওঁ কয়, "আমি ঘৰত উৰ্দু আৰু বাহিৰত তামিল ভাষাত কথা পাতিছিলো।" তেওঁ লগতে স্মৰণ কৰি কয় যে, নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহক তেওঁৰ দেউতাকে কেতিয়াও সমৰ্থন কৰা নাছিল।
 
সাধাৰণ প্ৰত্যাশা অনুসৰণ কৰি হুছেইনে কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী সম্পূৰ্ণ কৰিছিল, যদিও তেওঁ আত্মসন্তুষ্টি লাভ কৰা নাছিল। তেওঁ কয়, "মই একমাত্ৰ নৃত্যকে মোৰ কেৰিয়াৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিলোঁ।" যিহেতু ২০ বছৰ বয়সলৈকে তেওঁ কেতিয়াও নৃত্যৰ ক্লাছত যোগদান কৰা নাছিল, সেয়েহে তেওঁ চেলেমৰ ঘৰ এৰি নৃত্য শিক্ষকৰ সন্ধানত চেন্নাইলৈ গৈছিল।  
 
ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি আহিব লগা নহল। বিখ্যাত নৃত্যশিল্পী চিত্ৰা বিশ্বেশ্বৰণৰ সৈতে এপইণ্টমেণ্ট ল’বলৈ চেষ্টা কৰি থকা সময়ছোৱাত তেওঁ নিজৰ পোহপাল দিবলৈ এখন হোটেলত কাম কৰিছিল। অৱশেষত এপইণ্টমেণ্টটো পাই তেওঁৰ ক্লাছত যোগদান কৰিছিল বুলি তেওঁৰ মনত আছে। তেওঁ কয়, "চিত্ৰাই মোক বিনামূলীয়াকৈ নৃত্য শিকাইছিল আৰু লগতে মোক ₹২৫০ ষ্টাইপেণ্ড দিছিল।" 
 
বিখ্যাত নৃত্যশিল্পী চিত্ৰা বিশ্বেশ্বৰণ
 
পৰিয়ালৰ আপত্তিৰ বিষয়ে সোধাত হুছেইনে কয় যে, তেওঁ অকলে জীয়াই থকাৰ বাবে বিশেষ চিন্তা কৰা নাছিল। যাৰ বাবে তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাছিল। তেওঁৰ শৈশৱৰ বেছিভাগ সময় ভাৰতৰ বাহিৰত থাকি আৰু ভ্ৰমণ কৰিয়েই কটাইছিল। প্ৰায় ১৪ বছৰ তেওঁ বিদেশত থাকি প্ৰতি ডিচেম্বৰ মাহত কামৰ চাপ কমিলে কিছু সময়ৰ বাবেহে ভাৰতলৈ উভতি আহিছিল। তেওঁ কানাডা, ছুইজাৰলেণ্ড আৰু জাৰ্মানীত বাস কৰিছিল, য’ত তেওঁ তাত বাস কৰা ভাৰতীয়সকলৰ বাবে নৃত্যৰ ক্লাছ পৰিচালনা কৰিছিল।
 
তেওঁ কয়, "বিদেশত অনুষ্ঠান পৰিৱেশন কৰি মই জনপ্ৰিয় হৈ পৰিছিলোঁ। এগৰাকী মুছলমান পুৰুষ শাস্ত্ৰীয় নৃত্যশিল্পী হোৱাৰ পিছতো হুছেইনে কয় যে, "শেহতীয়া বছৰবোৰৰ বাহিৰে পূৰ্বে মই কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা নাছিলো।" 
 
হুছেইনে এতিয়া পেছাদাৰীভাৱে নৃত্যৰ অন্ত পেলাই কৰি ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয়, "মোৰ যাত্ৰা এতিয়া ৰাজনীতিলৈ গতি কৰিছে। মই ডি এম কেত যোগদান কৰাৰ সিদ্ধান্ত লৈছো। কিয়নো কেৱল নৃত্য-সংগীতেই নহয়, দেশৰ সামগ্ৰিক সামাজিক আৰু ৰাজনৈতিক পৰিবেশৰো গুৰুতৰ অৱনতি ঘটিছে।" 
 
এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকা অৱস্থাত শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইন
 
শাস্ত্ৰীয় নৃত্যৰ অৱনতিৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে, "১৯৮০, নব্বৈৰ দশক আৰু আনকি ২০০০ চনৰ আৰম্ভণিতে বহুতো নৃত্য পৰিবেশন অনুষ্ঠিত হৈছিল আৰু নৃত্যশিল্পীসকলে ভাল ধন উপাৰ্জন কৰিব পাৰিছিল। কিন্তু এতিয়া নৃত্য ক্ষেত্ৰখনত টকা নাই।" 
 
কোনো নৃত্য প্ৰদৰ্শন অনুষ্ঠানৰ বাবে ব্যক্তিগতভাৱে দৰ্শকক নিমন্ত্ৰণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, "কেৱল নৃত্যশিল্পী বা নৃত্যশিল্পীৰ পিতৃ-মাতৃয়েহে প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে, কিয়নো তেওঁলোকে কেৱল পৰস্পৰে পৰস্পৰৰ সমৰ্থন কৰিবলৈহে আহে। কিন্তু এই ক্ষেত্ৰত সাধাৰণ জনতা আগ্ৰহী নহয়। বিশেষকৈ ক'ভিড-১৯ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। আমি এতিয়া প্ৰায় ২০-২৩জন লোককহে অনুষ্ঠানত দেখিবলৈ পাওঁ। যদি কোনো অনুষ্ঠানত ২০০ জন লোক উপস্থিত থাকে, তেন্তে ইয়াক বিশাল ভিৰ বুলি গণ্য কৰা হয়। পূৰ্বতে ৮০০-৯০০  লোক অনুষ্ঠানলৈ আহিছিল। এতিয়া তেনেকুৱা পৰিস্থিতি নাই, কিয়নো সকলোৱে টকা উপাৰ্জন কৰাত ব্যস্ত। নৃত্যশিল্পী আৰু সংগীতজ্ঞসকল এই দৌৰত পিছ পৰি ৰৈছে।"  
 
হুছেইনৰ মতে শাস্ত্ৰীয় নৃত্য আৰু সংগীত এতিয়া বিপদাপন্ন কাৰণ ইয়াৰ চাহিদা অতি কম। তেওঁৰ মতে, শাস্ত্ৰীয় নৃত্য বৰ্তমান সমাজৰ বাবে অপ্রাসংগিক হৈ পৰিছে কাৰণ যুৱক-যুৱতীসকলে ইয়াৰ সৈতে আৰু সম্পৰ্ক স্থাপন কৰিব নোৱাৰে। তেওঁ কয়, "আই টি খণ্ডত কাম কৰা এজন ২৩ বছৰীয়া যুৱকে মাহে কেইবালাখ টকাও উপাৰ্জন কৰিব পাৰে। কিন্তু এজন নৃত্যশিল্পীয়ে সেইখিনি উপাৰ্জন কৰিব পাৰেনে? কেৱল শীৰ্ষ শিল্পীসকলকহে ভাল দৰমহা দিয়া হয়। গতিকে কোনো যুৱক-যুৱতীয়ে কিয় নৃত্যক নিজৰ পেছা হিচাপে বাছি ল’ব?" 
 
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইনে মঞ্চত নৃত্য পৰিবেশন কৰাৰ এক দৃশ্য
 
তেওঁ লগতে কয় যে, আধুনিক চাহিদাৰ অনুকূলে শিল্পৰূপক বিকৃত কৰা হৈছে, যিয়ে নৃত্য আৰু সংগীতৰ অধিক ক্ষতি কৰিছে। ইয়াৰ পূৰ্বে মঞ্চত দুঘণ্টা ধৰি নৃত্য প্ৰদৰ্শন চলিছিল। এতিয়া কেৰেলাৰ দৰে ঠাইতো ইয়াৰ সময়সীমা মাত্ৰ ২০ মিনিটলৈ হ্ৰাস কৰা হৈছে। 
 
তেওঁ কয় যে, কেৰালাৰ নৃত্য মহোৎসৱত দৰ্শকে ২০ মিনিটতকৈ অধিক সময় নৃত্য প্ৰদৰ্শন কৰাটো নিবিচাৰে। যেনেকৈ পাঁচ ঘণ্টাত ক্ৰিকেট ২০ অভাৰলৈ চুটি কৰা হৈছে। কাৰণ মানুহে এতিয়া সকলো বস্তু ক্ষীপ্ৰতাৰে বিচাৰে। নৃত্য বা সংগীতৰ বাবে মানুহৰ হাতত সময় বা ধন নাই বুলিও তেওঁ উল্লেখ কৰিছে।
 
বিশেষকৈ হুছেইন কৃষ্ণৰ ভক্ত আন্দলৰ কাহিনীৰ আধাৰত নৃত্য ৰচনাৰ বাবে জনপ্ৰিয়। কিংবদন্তি অনুসৰি তেওঁ শ্ৰীৰংগম মন্দিৰৰ ভগৱান ৰঙানাথক বিয়া কৰাইছিল। বহু নৃত্যশিল্পীয়ে আন্দলৰ কাহিনীটো পৰিবেশন কৰিছে বুলি হুছেইন কয়। তেওঁ কয়, "মোৰ বাবে নৃত্য হৈ পৰিল এক আধ্যাত্মিক যাত্ৰা আৰু আন্দলৰ কাহিনীয়ে মোৰ আত্মাক সদায় আবেগিক কৰি তুলি আহিছে।" ৰঙানাথস্বামী মন্দিৰলৈও নিয়মীয়াকৈ অনুদান আগবঢ়োৱাৰ বাবেও হুছেইনৰ এক অন্য পৰিচয় আছে। 
 
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইন
 
শেহতীয়াকৈ কিছুমান গোটে মন্দিৰটোৱে তেওঁৰ পৰা অনুদান গ্ৰহণ কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল, যিটো বিষয়ে বাতৰিৰ শিৰোনামো দখল কৰিছিল। হুছেইনে কয়, "মোৰ নামটোৱে মোৰ বাবে এটা সমস্যা হৈ পৰিছে। ভগৱানে মোক এই নামটোহে দিলে। মই ইয়াক বাছি লোৱা নাছিলো।"
 
তেওঁ কয় যে, ২০১৪ চনলৈকে ভাৰতৰ ক’তো অনুষ্ঠান পৰিৱেশন কৰাত তেওঁৰ কোনো সমস্যা হোৱা নাছিল। এতিয়া মোৰ নৃত্যতকৈ মোৰ নামটোহেৱেই বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি তেওঁ বিৰক্ত অনুভৱেৰে কয়। তেওঁ কয়, "মই এগৰাকী নৃত্যশিল্পী হিচাপে, মন্দিৰলৈ অনুদান আগবঢ়োৱা ভক্ত হিচাপে অসুবিধাৰ সন্মুখীন হৈ আহিছো। মুছলমানে যদি কোনো অশান্তিৰ সৃষ্টি কৰে তেন্তে তেওঁলোকক দোষাৰোপ কৰা হয়। যদি এজন মুছলমান শান্তিপ্ৰিয় হয়, তেন্তে তেওঁক কিয় আকোঁৱালি লোৱা নহয়।"    
 
হুছেইনে কয় যে, "মই আন ঠাইত বিচাৰি নোপোৱা গ্ৰহণযোগ্যতা  ডি এম কেত লাভ কৰিছিলো, য'ত সকলোৱে মোক সমান সন্মানেৰে ব্যৱহাৰ কৰে। আৰু সেইটোৱেই আছিল মোৰ ডি এম কে আৰু ৰাজনীতি আঁকোৱালি লোৱাৰ সিদ্ধান্ত। এতিয়া মই ডি এম কেৰ অংশ হিচাপে নিৰাপদ অনুভৱ কৰিছো। ই সামাজিক ন্যায়ৰ বাবে থিয় দিছে। তেওঁলোকে কেতিয়াও নকয় যে, মুছলমানে মন্দিৰত অনুষ্ঠান বা প্ৰসাদ বিতৰণ কৰিব নোৱাৰে। কালি মাত্ৰ ৰঙানাথস্বামী মন্দিৰলৈ গৈছিলো। মোক এতিয়া কোনেও বাধা দিব নোৱাৰে।" 
 
শাস্ত্ৰীয় নৃত্যশিল্পী জাকিৰ হুছেইনে মঞ্চত নৃত্য পৰিবেশন কৰাৰ এক দৃশ্য
 
হুছেইন আজি ৰাজ্যৰ নৃত্য আৰু সংগীত বিদ্যালয় পৰিচালনা কৰা কলা-সংস্কৃতি বিভাগৰ সন্মানীয় পৰিচালক। ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ বাবে নৃত্য একাডেমী চলোৱা হুছেইনে কয় যে, তেওঁ দীৰ্ঘম্যাদী পৰিকল্পনাত বিশ্বাস নকৰে। তেওঁ কয়, "মই প্ৰবাহৰ সৈতে আগুৱাই যাম আৰু জীৱনে মোক যি দিয়ে মই সেইয়াকে গ্ৰহণ কৰিম।"  
 
তেওঁ কয় যে, তেওঁ কোনো লোককে নৃত্য বা সংগীত শিকিবলৈ বাধ্য কৰিব নিবিচাৰে। তেওঁ কয়, "কিয়নো কোনো লোককে জোৰ-জবৰদস্তি কৰিব নোৱাৰি। মোৰ একমাত্ৰ ইচ্ছা যে প্ৰতিজন শিল্পীকে অভিনয় কৰিবলৈ, নৃত্য শিকিবলৈ অনুমতি দিব লাগে। কোনো ব্যক্তিয়ে শিল্পী হ'ব বিচাৰে নে নাই, সেয়া একমাত্ৰ সেই ব্যক্তিজনৰ ওপৰত এৰি দিয়াটো উচিত।" 
 
তেওঁ কয় যে, তেওঁ ডিএমকেৰ ছত্ৰছায়াত সুৰক্ষিত অনুভৱ কৰে আৰু এইবাবে তেওঁ এনে অনুভৱ কৰে কাৰণ ২০১৪ চনৰ পৰা দেশখনে পূৰ্বৰ বসুদৈৱ কুটুম্বকম বা সাৰ্বজনীন ভাতৃত্ববোধৰ স্থিতিৰ পৰা জনজাতীয়তাবাদলৈ অৱনমিত হৈছে। য'ত এটা গোটে আন এটা গোটৰ সৈতে যুঁজিবলৈ চেষ্টা কৰি আহিছে, ইজনে সিজনক ভয় দেখুৱাই আহিছে আৰু ইজনে সিজনক আঘাত কৰি আহিছে।