গুৱাহাটী
কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশলৈ স্থানান্তৰিত হ’ব ম’হ। কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰিব ৫০টা ম’হ। ইতিমধ্যে স্থানান্তিৰত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই।
কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত হ’ব ৫০টা বনৰীয়া ম’হ৷ দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অন্তত কানহালৈ ৫০টা বনৰীয়া ম’হ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ বিশ্বৰ ভিতৰত সৰ্বাধিক বনৰীয়া ম’হৰ বিচৰণ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান আছে প্ৰায় ৩ হাজাৰ বনৰীয়া ম’হ৷
ইয়াৰে ৫০টা ম’হ স্থানান্তৰিত কৰাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰস্তাৱমৰ্মে বন আৰু পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ লগতে মুখ্য প্ৰধান বন সংৰক্ষকৰ অনুমোদন লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যাপ্ত তৃণভূমি থকাৰ বাবে তৃণভোজী বন্যজন্তুৰ আৱাসস্থলী৷ কিন্তু সংখ্যা বৃদ্ধি হ’লে কেতিয়াবা জনাঞ্চলৈ একাংশ বন্যজন্তু ওলাই অহা দেখা যায়৷ এনেক্ষেত্ৰত ঘৰচীয়া জীৱজন্তুৰ পৰা মাৰত্মক ৰোগ বিয়পাৰ আশংকা থকাৰ লগতে একো একোটা প্ৰজাতিৰ জীৱন বিপন্ন হোৱাৰ সম্ভাৱনা থাকে৷
এনেক্ষেত্ৰত প্ৰজাতি সুৰক্ষাৰ বাবে আনস্থানত সংস্থাপিত কৰি ৰাখিলে প্ৰজাতিটো সুৰক্ষিত হৈ থাকিব৷ মধ্য ভাৰতত এটা সময়ত বনৰীয়া ম’হৰ বিচৰণ আছিল৷ গতিকে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ অন্তত বনৰীয়া ম’হৰ বিচৰণৰ উপযুক্ততাৰ ওপৰত ভিত্তি কৰি দল হৰিণাৰ বিচৰণ ভূমি কানহালৈ ৫০টা বনৰীয়া ম’হ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত কঁহৰা বনাঞ্চলত বিচৰণ কৰা এটা জাকৰ পৰা ১৫টা ম’হ প্ৰেৰণ কৰাৰ যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে৷ ইতিমধ্যে মধ্যপ্ৰদেশৰ পৰা বিশেষজ্ঞসহ বহুকেইখন বাহন উপস্থিত হৈছেহি কাজিৰঙাত৷ দুই এদিনতে ঠিকনা সলনি হ’ব কাজিৰঙাৰ ৫০টা বনৰীয়া ম’হৰ৷ কাজিৰঙাৰ পৰিৱৰ্তে এই ম’হকেইটাৰ ঠিকনা হ’ব মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যান।