দক্ষতা বিকাশৰ গোচৰত চন্দ্ৰবাবু নাইডুলৈ নিয়মীয়া জামিন মঞ্জুৰ

Story by  atv | Posted by   Imtiaz Ahmed • 12 d ago
চন্দ্ৰবাবু নাইডু সমৰ্থকৰ সৈতে। (ফাইল ফটো)
চন্দ্ৰবাবু নাইডু সমৰ্থকৰ সৈতে। (ফাইল ফটো)
বিজয়াৱাড়া

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক কথিত দক্ষতা বিকাশ নিগম কেলেংকাৰিৰ গোচৰত নিয়মীয়া জামিন মঞ্জুৰ কৰিছে। ২৮ নৱেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিনত আছিল নাইডু। উচ্চ ন্যায়ালয়ে নাইডুক চিকিৎসাৰ অৱস্থা আৰু চকুৰ ছানি পৰা অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা বিবেচনা কৰি চাৰি সপ্তাহৰ বাবে অস্থায়ী জামিন মঞ্জুৰ কৰিছিল। কিন্তু আদালতে নাইডুক ২৮ নৱেম্বৰ বা তাৰ আগতে ৰাজমাহেন্দ্ৰবৰমৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ সন্মুখত হাজিৰ হ’বলৈ কৈছিল।

৫৩ দিনৰ অন্তত ৰাজাহমুন্দ্ৰী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে টিডিপিৰ মুৰব্বীগৰাকী। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত সংঘটিত হোৱা কথিত কেলেংকাৰীত তেওঁক ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত বিজয়াৱাড়া এচিবিয়ে তেওঁক ন্যায়িক জিম্মালৈ পঠিয়াই ৰাজাহমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰে।

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত তেওঁ কাৰাগাৰত বন্দী হৈ থকা সময়ত অদম্য সংহতি প্ৰদৰ্শন কৰাৰ বাবে নাইডুৱে সমৰ্থকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “যেতিয়া মই বিপদত পৰিছিলো, তেতিয়া তোমালোক সকলোৱে ৰাস্তাত ওলাই মোৰ বাবে প্ৰাৰ্থনা কৰিছিলা। কেৱল অন্ধ্ৰ প্ৰদেশতে নহয়, তেলেংগানা আৰু সমগ্ৰ বিশ্বতে মোক দেখুওৱা মৰম মই কেতিয়াও পাহৰিব নোৱাৰো।" - সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ কয়।

জামিনৰ চৰ্ত হিচাপে বিচাৰ আদালতৰ সন্তুষ্টিৰ বাবে নাইডুৱে একে ধনৰ দুজন জামিনদাৰৰ সৈতে ₹১,০০,০০০ৰ জামিন বণ্ড প্ৰদান কৰিব লাগিছিল। আত্মসমৰ্পণকৰাৰ পিছত কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ ওচৰত বন্ধ আৱৰণত তেওঁ লাভ কৰা চিকিৎসা আৰু চিকিৎসালয়ৰ বিৱৰণ দাখিল কৰিবলৈ কোৱা হৈছিল।

আদালতে নিজৰ নিৰ্দেশত কয় যে, "৩১ অক্টোবৰৰ এ৩৭ (নাইডু)ক মঞ্জুৰ কৰা অন্তৱৰ্তীকালীন জামিনক নিয়মীয়া কৰা হৈছে, আৰু আবেদনকাৰী (নাইডু)ক ইতিমধ্যে প্ৰদান কৰা জামিন বণ্ডৰ ভিত্তিত নিয়মীয়া জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।"

যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা নাইডুক চিকিৎসাৰ বাবে ৩১ অক্টোবৰত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছিল।

টিডিপিৰ মুৰব্বী নাইডুক স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যাৰ ফলত ৰাজ্যৰ ৰাজকোষত ₹৩০০ কোটিৰো অধিকৰ লোকচান হোৱা বুলি অভিযোগ উত্থাপন হয়।