নতুন দিল্লী
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰ্ধাৰিত বাজেট দাখিলৰ কেইঘণ্টামান পূৰ্বে মঙলবাৰে পুৱা দিল্লী বিধানসভাই বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
বিধানসভা চৌহদ পৰীক্ষা কৰাৰ পিছত এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই বুলি আৰক্ষীয়ে জনোৱাৰ লগতে এতিয়াও তালাচী অব্যাহত আছে বুলিও জানিবলৈ দিয়ে।
পুৱা ৭:২৮ বজাত বিধানসভালৈ ইমেইলযোগে এই ভাবুকি প্ৰেৰণ কৰে। তাৰ পিছত পুৱা ৭:৪৯ বজাত অধ্যক্ষ বিজেন্দৰ গুপ্তালৈ প্ৰেৰণ কৰা হয় আন এটা ইমেইল।
বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে নিৰাপত্তা বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ পৰীক্ষা-নিৰীক্ষা চলাবলৈ আৰম্ভ কৰে আৰু তদন্ত আৰম্ভ কৰে। এজন বিষয়াই কয় যে, আমি চৌহদ আৰু ইয়াৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰিছো।
বিধানসভাৰ উপ-আয়ুক্ত (উত্তৰ) ৰাজা বন্থিয়াই এক বিবৃতিত জনোৱা মতে, বিধান সভাত বোমা নিষ্কাশন দলকে ধৰি বিভিন্ন সংস্থাই পৰীক্ষা চলাই আছে। তেওঁ কয়, "এতিয়ালৈকে সন্দেহজনক একো পোৱা নগ'ল। প্ৰয়োজনীয় আৰক্ষীৰ ব্যৱস্থা কৰা হৈছে।"
ইমেইলটোত লেফটেনেণ্ট গৱৰ্ণৰ তৰণজিৎ সিং সন্ধু, মুখ্যমন্ত্ৰী গুপ্তা, কেবিনেট মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাকে ধৰি কেইবাজনো উচ্চ পদস্থ বিশিষ্ট ব্যক্তিৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু নিৰাপত্তা সংস্থাই ইমেইলটোৰ উৎপত্তি বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।