নতুন দিল্লী
ভাৰতৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ'ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত)। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চৰকাৰে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত)ক পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি দিছে৷ তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাম কৰিব।
আনুষ্ঠানিক বিবৃতি অনুসৰি বৰ্তমানৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ৩০ মে’ত কাৰ্যকাল সম্পূৰ্ণ কৰিব। লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তাৰ পূৰ্বে ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩১ জুলাইলৈকে সেনা বাহিনীৰ ভাইচ চীফ হিচাপে আৰু ২০২৩ চনৰ মাৰ্চৰ পৰা জুনলৈকে কেন্দ্ৰীয় কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজা সুব্ৰমণি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ভাৰতীয় সামৰিক একাডেমীৰ স্নাতক। ১৯৮৫ চনৰ ১৪ ডিচেম্বৰত তেওঁ গড়ৱাল ৰাইফলছৰ অষ্টম বেটেলিয়নত নিযুক্তি লাভ কৰে।
ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ ব্ৰেকনেলৰ জইণ্ট ছাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু নতুন দিল্লীৰ নেশ্ব'নেল ডিফেঞ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ । লণ্ডনৰ কিংছ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা অধ্যয়নত এমফিল ডিগ্ৰী লাভ কৰিছে তেওঁ।
চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰৰ সময়ছোৱাত লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ১৬৮ ইনফেণ্ট্ৰি ব্ৰিগেডৰ অধীনত অসমত আলফা বিৰোধী অপাৰেশ্বন ৰাইন'ৰ সময়ত ১৬ গড়ৱাল ৰাইফল আৰু প্ৰত্যাহ্বানমূলক অভিযানৰ পৰিৱেশৰ সময়ত কেন্দ্ৰীয় খণ্ডত ১৭ মাউণ্টেইন ডিভিজনৰ কমাণ্ড কৰিছিল । পশ্চিম ফ্ৰণ্টত ভাৰতীয় সেনাৰ প্ৰিমিয়াৰ ষ্ট্ৰাইক কৰ্পছ ২ কৰ্পছৰো তেওঁ কমাণ্ড কৰিছিল।
উল্লেখযোগ্য যে, বিশিষ্ট সেৱাৰ বাবে পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা পদক আৰু বিশিষ্ট সেৱা পদকেৰেও লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি সন্মানিত।